DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিমৌ আৰক্ষীৰ জালত দুজন পলাতক আচামী; দুয়োজনকে জেল হাজোতলৈ প্ৰেৰণ

হিতোজ্জ্বল চেতিয়া by হিতোজ্জ্বল চেতিয়া
April 22, 2018 10:26 pm
dimou police station
143
VIEWS
Share on FacebookShare on Twitter

ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত পালেঙীৰ দুজনকৈ পলাতক আচামীক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰে এজন আচামীয়ে ৰঙালী বিহুৰ দুদিন পূৰ্বে নিজ মাতৃক চোকা দাৰে হানি-খুচি হত্যাৰ চেষ্টা কৰি পলাতক হৈ থকা পালেঙী এৰালতলী গাঁৱৰ নিৱাসী কৃষ্ণ নেওগক(২৪) ডিমৌ আৰক্ষীয়ে শণিবাৰে সন্ধিয়া গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে কৃষ্ণই যোৱা ১১ এপ্ৰিলৰ পুৱতি নিশা সুৰামত্ত অৱস্থাত ঘৰত প্ৰৱেশ কৰি ৭০ বছৰীয়া বৃদ্ধা মাতৃ হিৰণ্য নেওগক ধন বিচাৰে। মাতৃয়ে টকা দিবলৈ অমান্তি হোৱাত পুত্ৰই এখন চোকা দাৰে উপৰ্যুপৰি আক্ৰমণ কৰাৰ উপৰি মৰিয়াই মৰিয়াই অকথ্য নিৰ্যাতন কৰে আৰু ঘটনাস্থলীৰ পৰা পলায় যাবলৈ সক্ষম হয়।

অৱশ্যে কিছুসময়ৰ পিছত স্থানীয় দুজনমান লোক নেওগৰ ঘৰত উপস্থিত হৈ মুমুৰ্ষূ অৱস্থাত বৃদ্ধাগৰাকীক উদ্ধাৰ কৰে আৰু নিশাই ডিমৌ চিকিৎসালয়ত ভৰ্তি কৰে। পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা বৃদ্ধাগৰাকী বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

আনহাতে ডিমৌ আৰক্ষীয়ে ঘাতক পুত্ৰগৰাকীৰ বিৰুদ্ধে ৮৮/১৮ গোচৰ আৰু ৩২৬/৩২৫ ধাৰাত দুটা গোচৰ পঞ্জীয়ন কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

ইফালে আন এজন পলাতক আচামী পালেঙী কেচুৱনী গাঁৱৰ হেমন্ত শেনচোৱাকো (২৫) আৰক্ষীয়ে দিচাং মাজগাঁৱৰ এটা উদ্যোগ প্ৰতিষ্ঠানৰ পৰা আজি দুপৰীয়া গ্ৰেপ্তাৰ কৰে।

নিজ খূড়াকৰ জীয়েকক শ্লীলতা হানি কৰাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ৭৮/১৮ গোচৰৰ ভিত্তিত আৰু ৪৪৮/৩৫৪(বি)/৩২৫/৫০৬ ধাৰাত হেমন্তক গ্ৰেপ্তাৰ কৰে।

মনকৰিবলগীয়া যে পালেঙী কেচুৱনী গাঁৱৰ লোকসকলে অভিযোগকাৰী যুৱতীৰ অভিযোগ সহজভাৱে ল’ব পৰা নাই। যুৱতীগৰাকীয়ে সু পৰিকল্পিতভাৱে হেমন্তৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা বুলিহে চৰ্চা চলিছে সমগ্ৰ অঞ্চলটোত।

Recent News

যৌন বাসনা পূৰণৰ বাবে পেট-স্তনত ইচ্ছাকৃতভাৱে স্পৰ্শ! দুখন এজাহাৰত উল্লেখ ১০টা নিৰ্যাতনৰ ঘটনা

যৌন বাসনা পূৰণৰ বাবে পেট-স্তনত ইচ্ছাকৃতভাৱে স্পৰ্শ! দুখন এজাহাৰত উল্লেখ ১০টা নিৰ্যাতনৰ ঘটনা

হঠাতে মঞ্চত উজুটি খাই পৰিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন; তাৰপিছত…(চাওক ভিডিঅ’)

হঠাতে মঞ্চত উজুটি খাই পৰিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন; তাৰপিছত…(চাওক ভিডিঅ’)

গুৱাহাটীত প্ৰৱেশ কৰিবলগীয়া দূৰণিবটীয়া ASTC বাছসমূহক মালিগাঁৱৰে প্ৰৱেশ নকৰিবলৈ নিৰ্দেশ

গুৱাহাটীত প্ৰৱেশ কৰিবলগীয়া দূৰণিবটীয়া ASTC বাছসমূহক মালিগাঁৱৰে প্ৰৱেশ নকৰিবলৈ নিৰ্দেশ

নীতিশ কুমাৰে আহ্বান কৰা বিৰোধী বৈঠকত থাকিব কংগ্ৰেছ; স্পষ্ট কৰিছে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে

নীতিশ কুমাৰে আহ্বান কৰা বিৰোধী বৈঠকত থাকিব কংগ্ৰেছ; স্পষ্ট কৰিছে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd