DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডি এল এড প্ৰশিক্ষণপ্ৰাপ্ত ৫০০০ গৰাকীক শিক্ষক হিচাপে নিযুক্তিৰ দাবীত প্ৰতিবাদ ডি এল এড প্ৰশিক্ষাৰ্থী সন্থাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 23, 2018 5:34 pm
ডি এল এড প্ৰশিক্ষণপ্ৰাপ্ত ৫০০০ গৰাকীক শিক্ষক হিচাপে নিযুক্তিৰ দাবীত প্ৰতিবাদ ডি এল এড প্ৰশিক্ষাৰ্থী সন্থাৰ
490
VIEWS
Share on FacebookShare on Twitter

২০১২ চনৰ পৰা ডি এল এড প্ৰশিক্ষণ সমাপ্ত কৰা প্ৰায় পাঁচ হাজাৰ প্ৰাক-নিযুক্তিকালীন প্ৰশিক্ষাৰ্থীক শিক্ষকৰ পদত নিযুক্তি প্ৰদান কৰাৰ দাবীত আজি দিচপুৰ লাষ্টগেটত ডি  এল  এড প্ৰশিক্ষাৰ্থী সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলক লক্ষণীয়ভাৱে এচ চি ই আৰ টি (SCERT) ৰ প্ৰাক্তন সঞ্চালক ড০ হৰেন্দ্ৰ চন্দ্ৰ দাসেও সমৰ্থন জনায়।

‘শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ বাবে গুৰিত পানী দিব লাগিব’ বুলি মন্তব্য কৰি প্ৰতিবাদত অংশগ্ৰহণ কৰা দাসে নৰ্থ ইষ্ট নাওক কয় ‘প্ৰাথমিক পৰ্য্যায়ৰ শিক্ষকসকলক নিযুক্তি দিব নোৱাৰিলে, উচ্চ মানৰ শিক্ষকসকলক  গুৰুত্ব নিদিলে অসমৰ শিক্ষা ব্যৱস্থাৰ উন্নয়ন কৰিব নোৱাৰে। সেই উদ্দেশ্যেৰে আমি সঞ্চালকৰ দ্বায়িত্বত থকাৰ সময়ত ভাৰতৰ বিভিন্ন ৰাজ্যত নিৰীক্ষণ কৰি গম পালো যে প্ৰশিক্ষণ নোহোৱাকৈ শিক্ষক নিযুক্তি নিদিয়ে। সেয়েহে  SCERTৰ ফালৰ পৰা ২০০০ চনতে ২ বছৰীয়া প্ৰশিক্ষণ আৰম্ভ কৰিছিল।’

তেওঁ কয় যে দুবছৰ এই প্ৰশিক্ষণ চলাৰ পিছত কিহৰ বাবে বন্ধ কৰি দিয়া হ’ল সেইটো তেওঁৰ অৱগত নহয়।

আনহাতে ড০ দাসে ক্ষোভ প্ৰকাশ কৰি কয় ‘এই ব্যৱস্থা নিয়মীয়াকে চলি থকাহেঁতেন এনেদৰে ঠিকাভিত্তিকভাৱে শিক্ষকসকলে চাকৰি কৰিবলগীয়া নহ’লহেঁতেন তথা সকলো শিক্ষকে পূৰ্ণ পৰ্য্যায়ৰ নিযুক্তি পালেহেঁতেন।’

তদুপৰি কৃষ্ণকান্ত সন্দিকৈ মুকলি বিশ্ববিদ্যালয়ে প্ৰশিক্ষণ নোলোৱাসকলক অনলাইন জৰিয়তে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰাৰ সন্দৰ্ভত তেওঁ কয় ‘এই প্ৰশিক্ষণ শিক্ষকসকলৰ কাৰণে পূৰ্ণ পৰ্য্যায়ৰ নহয়। এয়া ভুকুতে কল পকাব বিচৰা এক ব্যৱস্থা।’

ড০ দাসে চৰকাৰক ডি এল এড প্ৰশিক্ষণত উত্তীৰ্ণ হৈ যিসকলে পূৰ্ণ পৰ্য্যায়ৰ শিক্ষক পদত নিযুক্তি পোৱা নাই সেইসকলক নিযুক্তি প্ৰদান কৰিবৰ বাবে আহ্বান জনায়।

আনহাতে সন্থাৰ সম্পাদক অৰূপ কুমাৰ মেধিয়ে নৰ্থ ইষ্ট নাওক জনাই ‘চৰকাৰে প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষাৰ্থীসকলক বঞ্চনা কৰি প্ৰশিক্ষণ নোলোৱা কিছুসংখ্যকক বিভিন্ন মাধ্যমৰ জৰিয়তে শিক্ষকৰ পদত নিযুক্তি দিছে।’

তদুপৰি তেওঁ অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাই কয় ‘অতি শীঘ্ৰে শিক্ষা মন্ত্ৰীয়ে ২০১২ চনৰ পৰা বৰ্তমানলৈকে SCERTৰ অধীনত ডি এল এড উত্তীৰ্ণ প্ৰশিক্ষাৰ্থীসকলক শিক্ষকৰ পদত নিযুক্তি দিব লাগে, প্ৰাথমিক পৰ্য্যায়ৰ টেট পৰীক্ষা অনুষ্ঠিত কৰিব লাগে আৰু প্ৰাক নিযুক্তিকালীন ডি  এল  এড প্ৰশিক্ষাৰ্থীসকলৰ বাবে ১০০ নম্বৰৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।’

তদুপৰি প্ৰতিবাদকাৰীসকলে সৰ্বশিক্ষা অভিযান মিছন সঞ্চালিকালৈ তেওঁলোকৰ দাবী সম্বলিত স্মাৰক পত্ৰ এখনো প্ৰেৰণ কৰে।

 

Recent News

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd