কালি সন্ধিয়া ডুমডুমাৰ ৰূপাইচাইডিঙত সংঘটিত তথা দুজনকৈ লোক নিহত হোৱা গুলীচালনাত ব্যৱহৃত পিষ্টল উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিছে এটা .৩২ পিষ্টল।
উল্লেখযোগ্য যে কালি অৰ্থাৎ শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত দুজন অচিনাক্ত ব্যক্তিয়ে মটৰচাইকেলেৰে আহি উদয় চান্দ আগৰৱালাৰ গেলামালৰ দোকানত উপস্থিত গুলীচালনা কৰাত দুজন লোক থিতাতে নিহত হৈছিল।
নিহত লোককেইজনৰ এজনক দোকানখনৰ কৰ্মচাৰী জিৎ বাৰ্মা বুলি চিনাক্ত কৰা হৈছিল।
উল্লেখযোগ্য যে ঘটনা সংঘটিত কৰাৰ লগে লগে দোকানখনৰ আন আন কৰ্মচাৰীসকলে গুলীচালনা সংঘটিত কৰা দুই যুৱকৰ মাজৰে ৰূপান্তৰ মৰাণ নামৰ এজনক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল। ধৃত যুৱকজনক পিছত স্থানীয় ৰাইজে আৰক্ষীক চমজাই দিয়ে।
আনহাতে উক্ত ঘটনাটোৰ সৈতে আলফা (স্বা)ৰ নাম সাঙুৰ খাই পৰাত আজি সংগঠনটোৰ ফালৰ পৰা এক প্ৰেছ বিজ্ঞপ্তি যোগে তেওঁলোক উক্ত গুলীচালনাৰ সৈতে জড়িত নহয় বুলি জানিবলৈ দিয়ে।
‘তিনিচুকীয়া জিলাৰ ৰূপাইচাইডিঙত কালি সন্ধিয়া সংঘটিত গুলীচালনাৰ ঘটনাৰ সৈতে আলফা স্বাধীন জড়িত নহয়।ৰাইজে কৰায়ত্ত কৰা ৰূপান্তৰ মৰাণৰ সৈতে আমাৰ সংগঠনৰ কোনো সম্পৰ্ক নাই। নিজকে আলফা স্বাধীনৰ সদস্য বুলি পৰিচয় দি ধন দাবী কৰি অহা লোকজনক ৰাইজে কৰায়ত্ত কৰাৰ বাবে আমি ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো।’- এইবুলি প্ৰেছ বিজ্ঞপ্তিটোত আলফা (স্বা)ৰ প্ৰচাৰ বিভাগৰ সচিব ৰুমেল অসমে ব্যক্ত কৰিছিল।
অৱশ্যে আৰক্ষীৰ সঠিক অনুসন্ধানৰ পিছতহে গুলীচালনাৰ আচল সত্য পোহৰলৈ আহিব বুলি একাংশ স্থানীয় লোকে মত প্ৰকাশ কৰিছে।