DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ড০ হীৰেন গোহাঁইক পুনৰ অসমীয়া বিৰোধী আখ্যা মন্ত্ৰী ড০ হিমন্ত বিশ্বৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 10, 2018 10:49 am
Himanta-Biswa-Sarma-678x381-570x320

হিমন্ত বিশ্ব শৰ্মা। ফাইল ছবি।

95
VIEWS
Share on FacebookShare on Twitter

ড০ গোহাঁইৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য কৰি অহা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰ তেওঁক সমালোচনাৰ লক্ষ্য কৰি লৈছে। শনিবাৰে পলাশবাৰী সমষ্টিৰ মিৰ্জাত অনুষ্ঠিত মহিলা সমাৰোহত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰা মন্ত্ৰীগৰাকীয়ে সমাৰোহৰ পাছত সংবাদ মাধ্যমৰ আগত ড০ হীৰেন গোহাঁইক বাওঁপন্থীৰ নেতৃত্বত গভীৰ ষড়যন্ত্ৰৰ অংশীদাৰ হিচাপে বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে অসমীয়াবিৰোধী স্থিতি গ্ৰহণ কৰা বুলি বিস্ফোৰক মন্তব্য কৰে।

সংবাদ মাধ্যমৰ আগত মন্ত্ৰী শৰ্মাই কয়, ‘’মই হীৰেন গোহাঁইৰ বিৰুদ্ধে থিয় হোৱা নাই। হীৰেন গোহাঁয়ে অসমীয়াবিৰোধী স্থিতি গ্ৰহণ কৰা বাবেই মাত মাতি আহিছো। ব্যক্তিগতভাৱে তেওঁৰ বিৰুদ্ধে ক’বলগীয়া একো নাই যদিও বাওঁপন্থীসকলৰ নেতৃত্বত অসমখনক অশান্ত কৰাৰ এক গভীৰ ষড়যন্ত্ৰ চলাই অহা কথাটো সকলোৱে জানে। মাত্ৰ এই কথা সংবাদ মাধ্যমেহে নেদেখে।‘’

উল্লেখ্য যে সংবাদ মাধ্যমকো মন্ত্ৰী ড০ শৰ্মাই আক্ৰমণৰ লক্ষ্য কৰি এই প্ৰসংগত কয়, ‘’অসমৰ সকলোৱে এই কথা দেখিছে বা জলজল পটপট হৈছে। কিন্তু সংবাদ মাধ্যমে বুদ্ধিজীৱীৰ মাজতো শ্ৰেণী বিভাজন কৰি গোহাঁইৰ ওচৰত যোৱা কথাটো গুৰুত্বৰে গ্ৰহণ কৰে। ইয়াৰ বিপৰীতে কনকসেন ডেকাৰ ঘৰলৈ যোৱা কথাটোত গুৰুত্ব প্ৰদান নকৰে বুলি তিৰ্যক মন্তব্য কৰে।ধীৰেন্দ্ৰ নাথ বেজবৰুৱাৰ ঘৰলৈ যোৱা কথাটো নকয়।‘’

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত মন্ত্ৰী শৰ্মাই সংবাদ মাধ্যমক পৰোক্ষভাৱে আক্ৰমণৰ লক্ষ্য কৰি কয় যে  এন আৰ চি ওলালেহে অসমত কিমান অনুপ্ৰৱেশকাৰী আছে সেই কথা গম পাম। কিন্তু ডাটা নোলোৱাকৈ অসমৰ সংবাদ মাধ্যম, বাওঁপন্থী, বিভিন্ন দল সংগঠনে শূন্যত তীৰ মৰাত পাৰ্গত বাবে শূন্যতে তীৰ মাৰি আছে বুলি মন্তব্য কৰে। অসমৰ অনুপ্ৰৱেশকাৰীৰ বিকৃত ব্যাখ্যাৰে অসমখনক অশান্ত কৰাৰ ষড়যন্ত্ৰ  বাওঁপন্থীৰ নেতৃত্বত বহুদিনৰ পৰা চলি আছে। সেই কথা অসমৰ মানুহে জানে বুলি তেওঁ স্পষ্টভাৱে কয়।

উল্লেখ্য যে মহিলা সমাৰোহৰ ভাষণৰ সময়তো মন্ত্ৰী ড০ শৰ্মাই সংবাদ মাধ্যমক নীতিশিক্ষা দিয়াৰ পৰা বিৰত নাথাকিল। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে মিডিয়াই ৰাইজৰ কামত অহা আঁচনিৰ কথা প্ৰথম পৃষ্ঠাত বৰ বৰ আখৰৰে ছপা নকৰে কিন্তু ছাত্ৰ-ছাত্ৰীয়ে ৰাজপথত আন্দোলন কৰিলে কাকত বেছিকৈ বিক্ৰী হ’ব বুলি ভাবি ডাঙৰ ডাঙৰকৈ লিখে বুলি মন্তব্য কৰে।

Recent News

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd