তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা ইচমাইল হোচেইন গ্ৰন্থমেলাৰ সামৰণি 

ismailhussain
যোৱা ২২ ফেব্ৰুৱাৰিৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত অনুষ্ঠিত হোৱা ‘ইচমাইল হোচেইন’ গ্ৰন্থমেলাৰ আজি সামৰণি পৰে।
এজন লেখকৰ নামত গ্ৰন্থমেলা পতা কথাটোৱে সকলোৰে স্বাভাৱিক কৌতূহল জাগ্ৰত কৰিছিল বাবে এন ই নাওৰ পৰা উদ্যোক্তাক প্ৰশ্ন কৰা হৈছিল।
আয়োজকে জনায় যে তেওঁলোকে এটা ব্যতিক্ৰমী তথা ক্ষুদ্ৰ প্ৰয়াসৰ জৰিয়তে জীৱিত অৱস্থাতে লেখক-সাহিত্যিকসকলক এইদৰে সন্মান জনাব খুজিছে।
গ্ৰন্থমেলাৰ শেষৰ দিনা লেখক হোচেইনে এই সন্দৰ্ভত একে কথাকে কয়, ‘মৃত্যুৰ পিছত স্মৰণ কৰাতকৈ জীৱিত অবস্থাতে জাতিৰ বাবে অৰিহণা যোগোৱা লেখকসকলক স্বীকৃতি দিবৰ বাবে উদ্যোক্তাসকলে এই পদক্ষেপ হাতত লৈছে’।
তেওঁ কয় “মোৰ জন্মদিন উপলক্ষে সদৌ অসম সাহিত্য সন্মিলনৰ উদ্যোগত তথা প্ৰতিশ্ৰুতি প্ৰকাশন আৰু সাতসৰীৰ সহযোগত এই গ্ৰন্থমেলা আৰু ফাগুনী উৎসৱ অনুষ্ঠিত কৰা হৈছিল। মই লিখা ৮০ খন গ্ৰন্থৰ লগতে অসমৰ অন্য বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঞি, হোমেন বৰগোহাঞি, হীৰেন গোহাঁই, এলী আহমেদকে ধৰি অন্য বহুকেইগৰাকী সাহিত্যিকৰ গ্ৰন্থ এই গ্ৰন্থমেলাত উপলব্ধ আছিল।
তেওঁ কয়, ‘মোৰ নামত গ্ৰন্থমেলা অনুষ্ঠিত কৰিলেও মই ইয়াত অতিথিৰ দৰেহে আছো। উদ্যোক্তাসকলে এক নতুন চিন্তা কৰা বাবেই মোৰ দ্বাৰা লিখিত প্ৰায় ৮০ খন গ্ৰন্থৰে এখন বিপণিৰ ব্যৱস্থা কৰিছিলো।”
তদুপৰি  সাহিত্য ক্ষেত্ৰখনত বিশেষ অৰিহনা যুগুৱা সাহিত্যিকসকলক মৃত্যুৰ পিছত স্মৰণ কৰাতকৈ জীৱিত অবস্থাত জাতিৰ বাবে অৰিহণা যোগোৱা সাহিত্যিকসকলক স্বীকৃতি দিবৰ বাবে উদ্যোক্তাসকলে এই পদক্ষেপ হাতত লৈছে বুলি তেওঁ সদৰী কৰে।
উদ্যোক্তাসকলে কয় যে ভৱিষ্যতেও অন্য সাহিত্যিকৰ নামত এনে গ্ৰন্থ মেলা অনুষ্ঠিত কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব।
উল্লেখযোগ্য যে এই গ্ৰন্থমেলাত ইচমাইল হোচেইনৰ দ্বাৰা ৰচিত শংকৰী ঐতিহ্য বিচাৰ, শংকৰদেৱ আৰু চান্দসাই, শ্ৰী শ্ৰী শংকৰদেৱ আৰু ৰাধিকাশান্তি, শংকৰ বিভ্ৰাটৰ প্ৰত্যুত্তৰ, বাৰেচহৰীয়া ভাওনাৰ ইতিহাস, তোমালোকৰ বাবে মহান শংকৰদেৱ, ফাট বিহুৰ ইতিহাস আৰু ঐতিহ্য আৰু আজান পীৰৰ জিকিৰ-জাৰি মূল্যায়ন আদিকে ধৰি প্ৰায় ৮০ খন গ্ৰন্থ বিক্ৰী কৰা হৈছিল বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।
উদ্যোক্তাসকলে জনোৱা অনুসৰি গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি প্ৰত্যেক দিনা সন্ধিয়া সাংস্কৃতিক কাৰ্য্যসূচী অনুষ্ঠিত হৈছিল।
এই গ্ৰন্থমেলালৈ ধেমাজি, তিনিচুকীয়া, যোৰহাট, বৰপেটাকে ধৰি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ পৰা গ্ৰন্থপ্ৰেমীসকল আহি সমাবেশ হোৱা বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে