তেজপুৰত আজি (শুকুৰবাৰ) প্ৰেমজনিত কাৰণত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। আজি তেজপুৰত এগৰাকী প্ৰেমিকা আৰু এজন প্ৰেমিকে মিলি প্ৰাক্তন প্ৰেমিকক জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।
প্ৰাপ্ত তথ্য মতে আজি তেজপুৰৰ এল বি ৰোডৰ এটা নলাত অগ্নিদগ্ধ অৱস্থাত এজন যুৱক উদ্ধাৰ হয়।
উল্লেখযোগ্য যে মৃত্যুকাতৰ যন্ত্ৰণাত চটফটাই থকা শৰীৰৰ প্ৰায় ৮০ শতাংশ অগ্নিদগ্ধ হোৱা যুৱকজন উদ্ধাৰৰ পিছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা। যুৱকজনে উত্থাপিত কৰা অভিযোগ মতে যুৱকজনৰ প্ৰেমিকাই অন্য এজন প্ৰেমিকৰ সৈতে মিলি তেওঁৰ গাত অগ্নি সংযোগ কৰি হত্যা কৰাৰ চেষ্টা চলায়।
জানিব পৰা মতে অগ্নিদগ্ধ যুৱকজনে আজি ফেছবুকত এটা ষ্টেটাচ আপ্লোড কৰাৰ পিছতে যুৱকজন আৰু প্ৰেমিকাৰ মাজত এক সংঘৰ্ষৰ সৃষ্টি হয়। অৱশ্যে ঘটনাৰ প্ৰকৃতৰ ৰহস্য এতিয়াও জানিব পৰা হোৱা নাই।
আনহাতে অগ্নিদগ্ধ যুৱকজনক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
ইফালে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত যুৱকজনৰ প্ৰেমিকা আৰু মাতৃক আটক কৰি সোধা–পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। সমগ্ৰ ঘটনাৰ প্ৰকৃত তথ্য আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব।