• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাৰ বাওঁমৰ্চা চৰকাৰৰ বিৰুদ্ধে বিজেপিৰ ‘অভিযোগনামা’ প্ৰকাশ

NE NOW NEWS এন ই নাও নিউজ
আগৰতলা , February 10, 2018 2:42 pm

2 min read

10regMadhav4Col
96
VIEWS
Share on FacebookShare on Twitter

আসন্ন নিৰ্বাচনৰ প্ৰচাৰৰ অংশ হিচাপে বিজেপি দলে ত্ৰিপুৰাত তেওঁলোকৰ নিৰ্বাচনী যুদ্ধ জোৰদাৰ কৰি তুলিছে। মেঘালয়ৰ পিছত এইবাৰ বিজেপিয়ে ত্ৰিপুৰাৰ শাসনাধিষ্ঠিত বাওঁমৰ্চা চৰকাৰৰ বিৰুদ্ধে প্ৰকাশ কৰি উলিয়াইছে এখন ‘অভিযোগনামা’।

শুকুৰবাৰে এই অভিযোগনামা দাখিল কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে অভিযোগনামাত উল্লেখিত বিষয়সমূহৰ চি পি আই(এম) নেতা তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মাণিক সৰকাৰক উত্তৰ দিবলৈ আহ্বান জনাইছে।

শাসক দলৰ বিৰুদ্ধে হত্যা, সন্ত্ৰাস আৰু দুৰ্নীতিৰ তথ্য দাঙি ধৰি ৰাজ্যৰ বাওঁমৰ্চা চৰকাৰক ইয়াৰ বাবে দোষী সাৱ্যস্ত কৰা হৈছে।

অভিযোগনামা ৰাজহুৱা কৰি ৰাম মাধৱে কয় যে ২৫ বছৰ ধৰি চৰকাৰ চলাই থকাসকলৰ বিৰুদ্ধে ব্যাপক অভিযোগ আছে। ৰাজ্যৰ জনসাধাৰণ তেওঁলোকৰ প্ৰতি বিতুষ্ট হৈ পৰিছে আৰু তেওঁলোকে পৰিৱৰ্তন বিচাৰিছে।

ৰাজ্যৰ জনসাধাৰণে এতিয়া বিজেপিৰ মাজতে আশাৰ পোহৰ দেখা পাইছে বুলি উল্লেখ কৰি ৰাম মাধৱে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশাল সভা দুখনত ৰাইজৰ সমাগম দেখি চি পি এমে পলোৱাৰ চেষ্টা কৰিছে।

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে ২৫ বছৰৰ লুণ্ঠন, জংঘলৰাজ, ২৫ বছৰত নিবনুৱাৰ সংখ্যা ৭৫,০০০ৰ পৰা বাঢ়ি চাৰে সাত লাখ হোৱা, চৰকাৰী সম্পদৰ লুণ্ঠন, দৰিদ্ৰ শোচনীয় অৱস্থা, ৰোজভেলি কেলেংকাৰি, নাৰী নিৰ্যাতন, সপ্তম দৰমহা আয়োগৰ পৰা বঞ্চনা, চৰম স্বাস্থ্য ব্যৱস্থা, খোৱা পানীৰ অভাৱ, সাংবাদিক হত্যাকে ধৰি বিভিন্ন বিষয় অভিযোগনামাত উল্লেখ কৰা হৈছে আৰু চিপিএমে এই বিষয়বোৰত জনতাক উত্তৰ দিব লাগিব।

ৰাম মাধৱে কয়,’মুখ্যমন্ত্ৰীয়ে নিজকে সৎ,নিকা বুলি প্ৰচাৰ কৰে। কিন্তু হিংসাবাদী, অত্যাচাৰী আৰু ভ্ৰষ্টাচাৰীসকলক তেওঁ প্ৰাধান্য দিছে। তেওঁলোকৰ জৰিয়তে তেওঁ চৰকাৰ পৰিচালনা কৰিছে আৰু নিজকে নিকা বুলি প্ৰচাৰ চলাইছে। তেওঁ এইসকলৰ নেতা। গতিকে, এই সকলোবোৰ বিষয়ৰ দায়িত্বও তেওঁৱেই গ্ৰহণ কৰিব লাগিব।’

Recent News

tarun-gogoi-1200x600-750x375

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ; আন ৮গৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd