ত্ৰিপুৰাত শান্তি-শৃংখলা অটুট ৰাখিবলৈ ৰাজ্যপালক অনুৰোধ ৰাজনাথ সিঙৰ

Rajnath-Tathagata-Roy

ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছৰে পৰা ৰাজ্যখনত বৃদ্ধি পোৱা হিংসাত্মক কাৰ্যকলাপ ৰোধ কৰিবলৈ কালি গৃহমন্ত্ৰণালয়ে ৰাজ্যপাল তথাগত ৰয় আৰু আৰক্ষী সঞ্চালক প্ৰধান এ কে শুক্লাক অনুৰোধ কৰে। পৰৱৰ্তী নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ নকৰালৈকে ৰাজ্যখনত যাতে শান্তি-সম্প্ৰিতী অটুট থাকে তাৰ বাবে তৎকালীনভাবে ব্যৱস্থা গ্ৰহণৰ অনুৰোধ কৰে গৃহমন্ত্ৰণালয়ে।

ইফালে ৰাজ্যখনত হিংসাত্মক কাৰ্যকলাপ চলি থকাৰ সময়তে ৰাজ্যপাল তথাগত ৰয়ে টুইট যোগে কৰা মন্তব্যত বাওঁপন্থী সমৰ্থকসকল আৰু অধিক ক্ষুন্ন হৈ পৰা পৰিলক্ষিত হৈছে। তেওঁ টুইটযোগে কয়-‘এখন গণতান্ত্ৰিকভাবে নিৰ্বাচিত চৰকাৰে যি কৰিব পাৰে সেয়া আকৌ গণতান্ত্ৰিকভাবে নিৰ্বাচিত চৰকাৰখনে নোহোৱাও কৰিব পাৰে’।

বিজেপিয়ে ত্ৰিপুৰাত অপ্ৰত্যাশিত বিজয় লাভ কৰাৰ পিছতে ৰাজ্যখনৰ গেৰুৱা সমৰ্থকসকলে বাওঁপন্থী নেতা-কৰ্মচাৰীসকলৰ ওপৰত আক্ৰমণ তথা লেনিনৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱা আদি কাৰ্যকে সমৰ্থন কৰি ৰাজ্যপালগৰাকীয়ে এনেধৰণে টুইট কৰা দেখা যায়।

বিজেপিৰ সমৰ্থক তথা ৰাজ্যপালৰ এনে কাৰ্যত স্বাভাবিকতে গেৰুৱা বাহিনীৰ কেন্দ্ৰীয় নেতৃবৃন্দ অস্বস্তিত পৰা পৰিলক্ষিত হৈছে।

আনহাতে চিপিআই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে ৰাজ্যখনৰ পৰিস্থিতি সন্দৰ্ভত ক্ষেদ প্ৰকাশ কৰাৰ লগতে ৰাজ্যপালে টুইটযোগে কৰা মন্তব্যকো দুৰ্ভাগ্যজনক আখ্যা দিয়ে।

ইফালে গৃহমন্ত্ৰণালয়ৰ তৰফৰ পৰা কোনো ধৰণৰ নিৰ্দেশ পোৱা নাই বুলি জনায় ৰাজ্যপাল ৰয়ে। মঙলবাৰে ৰাজ্যপাল কাৰ্যালয়ৰ পৰা এই সন্দৰ্ভত এক টুইটযোগে কয়, ‘ৰাজ্যপালে গৃহ মন্ত্ৰীৰ তৰফৰ পৰা কোনো লিখিত জাননী লাভ কৰা নাই….’। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যপাল ৰয়ক ৰাজ্যখনত আইন-শৃংখলাৰ সম্পূৰ্ণ তত্বাৱধানত ৰাখিবলৈ নিৰ্দেশ দিয়াৰ এক বাতৰি প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যপাল ৰয়ে এনেধৰণে মন্তব্য কৰা দেখা যায়।

শুত্ৰৰ পৰা জানিব পৰা মতে ৰাজ্যখনৰ হিংসাত্মক কাৰ্যকলাপ সম্পৰ্কে গৃহ মন্ত্ৰীয়ে ৰাজ্যপাল ৰয় আৰু আৰক্ষী সঞ্চালক প্ৰধান শুক্লাক ফোনযোগে ব্যৱস্থা গ্ৰহণৰ অনুৰোধ কৰে।