• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দীৰ্ঘদিনীয়া বঞ্চনাৰ প্ৰতিবাদত মাৰ্ঘেৰিটা ভিতৰপাৱৈ গাওঁ পঞ্চায়তৰ গাওঁবাসীৰ পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ হুংকাৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
June 13, 2018 3:40 pm
margherita bamboo bridge
219
VIEWS
Share on FacebookShare on Twitter

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে ৰাজনৈতিক দল সমূহে। গাঁৱে-ভুঞে, মেলে-মিটিঙে কংগ্ৰেছ বিজেপি, অগপ আদি দলৰ জয়গান গাই ভোটাৰক প্ৰভাৱান্বিত কৰাৰ পুৰ্ণ প্ৰচেষ্টা চলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। কিন্তু ইয়াৰ মাজতে মাৰ্ঘেৰিটা সমষ্টিৰ মাৰ্ঘেৰিটা ভিতৰপাৱৈ গাওঁ পঞ্চায়তৰ অধীনৰ বৃহতৰ লিখাজান গাওঁৰ অধীনৰ ৭ খন গাওঁৰ ৰাইজে আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিছে  । পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে যদি গাওঁখনৰ দলং আৰু গাওঁখনৰ বাট-পথ সমূহৰ উন্নয়নমূলক কাম-কাজ চৰকাৰে আৰম্ভ নকৰে তেনেহ’লে গ্ৰামাঞ্চলৰ ৰাইজে আগন্তক পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ কৰিবলৈ বাধ্য হ’ব বুলি সংবাদমাধ্যমত আগত জনাইছে।

জানিব পৰা মতে, বিগত ৭ বছৰত গাওঁ খনৰ বাঁহৰ সাঁকো আৰু জান-জুৰি পাৰ হ’বলৈ গৈ পানীত পৰি ৬জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে । বাৰিষাৰ সময়ত কেইবাদিনো ধৰি ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ যাব নোৱাৰে । যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত সাংসদ ৰামেশ্বৰ তেলীয়ে অঞ্চলটোত ভোট বিচাৰিবলৈ আহি কৈছিল যে ভাস্কৰ শৰ্মাক জয় কৰোৱাৰ তিনিমাহৰ ভিতৰত দলঙৰ কাম আৰম্ভ হ’ব। কিন্তু সেই প্ৰতিশ্ৰুতি অৱশেষত মিছা প্ৰতিপন্ন হ’ল বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।

সুদীৰ্ঘ ১৫ বছৰে শাসনত থকা কংগ্ৰেছ চৰকাৰে গাৱঁৰ বাট পথৰ সমস্যাসমূহ  সমাধান নকৰাত পৰিবৰ্তনৰ শ্লোগান দিয়া বিজেপি দলক শাসনৰ গাদীত বহুৱাইছিল অঞ্চলটোৰ খাটি খোৱা ৰাইজে। কিন্তু ২টা বছৰ সম্পূৰ্ণ কৰা বিজেপি চৰকাৰেও‌ গাওঁখনৰ বাট পথ নিৰ্মাণৰ বাবে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে । এই অঞ্চলৰ পুৰুষ মহিলা, ৰোগী, ছাত্ৰ-ছাত্ৰী সকলোৱেই অতি বিপজ্জনকভাৱে বাঁহৰ জৰাজীৰ্ণ সাঁকো অথবা পাৰি দিয়া লোৰ ছিৰিৰে  এই জান জুৰি অতিক্ৰম কৰি মাৰ্ঘেৰিটা নগৰলৈ যাবলগীয়া হয়।

স্বাধীনতাৰ ৭০ বছৰেও উন্নয়ন নহ’ল মাৰ্ঘেৰিটা গ্ৰামাঞ্চলৰ বাট-পথৰ। বাট-পথ সুচল নোহোৱাৰ বাবে ১০৮ এম্বুলেঞ্চ, অগ্নিনিৰ্বাপক গাড়ী একোৱে যাব নোৱাৰে গাওঁখনলৈ। ফলত স্থানীয় ৰাইজ ৰাজনৈতিক দল সমূহৰ প্ৰতি অতি ক্ষুণ্ণ হৈ পৰিছে। মাৰ্ঘেৰিটাৰ ভিতৰপাৱৈ গাওঁ পঞ্চায়তৰ অধীনৰ বৃহত্তৰ লিখাজান গাওঁ‌ৰ অধীনৰ ৭ খন গাওঁৰ ৰাইজে আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিছে । পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে যদি গাওঁখনৰ দলং আৰু গাওঁখনৰ বাট-পথ সমূহৰ উন্নয়নমূলক কাম কাজ চৰকাৰে আৰম্ভ নকৰে তেনেহ’লে গ্ৰামাঞ্চলৰ ৰাইজে আগন্তক পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ কৰিবলৈ বাধ্য হ’ব ।

পঞ্চায়ত নিৰ্বাচন পূৰ্বে মাৰ্ঘেৰিটাৰ ভিতৰপাৱৈ গাওঁ পঞ্চায়তৰ অন্তৰ্গত বাট-পথ, দলং বিজুলী আদিৰ সমস্যা চৰকাৰে কি দৰে সমাধান কৰে সেয়া লক্ষণীয় হ’ব।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd