• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দীৰ্ঘদিনীয়া বঞ্চনাৰ প্ৰতিবাদত মাৰ্ঘেৰিটা ভিতৰপাৱৈ গাওঁ পঞ্চায়তৰ গাওঁবাসীৰ পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ হুংকাৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
June 13, 2018 3:40 pm
margherita bamboo bridge
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে ৰাজনৈতিক দল সমূহে। গাঁৱে-ভুঞে, মেলে-মিটিঙে কংগ্ৰেছ বিজেপি, অগপ আদি দলৰ জয়গান গাই ভোটাৰক প্ৰভাৱান্বিত কৰাৰ পুৰ্ণ প্ৰচেষ্টা চলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। কিন্তু ইয়াৰ মাজতে মাৰ্ঘেৰিটা সমষ্টিৰ মাৰ্ঘেৰিটা ভিতৰপাৱৈ গাওঁ পঞ্চায়তৰ অধীনৰ বৃহতৰ লিখাজান গাওঁৰ অধীনৰ ৭ খন গাওঁৰ ৰাইজে আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিছে  । পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে যদি গাওঁখনৰ দলং আৰু গাওঁখনৰ বাট-পথ সমূহৰ উন্নয়নমূলক কাম-কাজ চৰকাৰে আৰম্ভ নকৰে তেনেহ’লে গ্ৰামাঞ্চলৰ ৰাইজে আগন্তক পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ কৰিবলৈ বাধ্য হ’ব বুলি সংবাদমাধ্যমত আগত জনাইছে।

জানিব পৰা মতে, বিগত ৭ বছৰত গাওঁ খনৰ বাঁহৰ সাঁকো আৰু জান-জুৰি পাৰ হ’বলৈ গৈ পানীত পৰি ৬জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে । বাৰিষাৰ সময়ত কেইবাদিনো ধৰি ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ যাব নোৱাৰে । যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত সাংসদ ৰামেশ্বৰ তেলীয়ে অঞ্চলটোত ভোট বিচাৰিবলৈ আহি কৈছিল যে ভাস্কৰ শৰ্মাক জয় কৰোৱাৰ তিনিমাহৰ ভিতৰত দলঙৰ কাম আৰম্ভ হ’ব। কিন্তু সেই প্ৰতিশ্ৰুতি অৱশেষত মিছা প্ৰতিপন্ন হ’ল বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।

Apply Now

সুদীৰ্ঘ ১৫ বছৰে শাসনত থকা কংগ্ৰেছ চৰকাৰে গাৱঁৰ বাট পথৰ সমস্যাসমূহ  সমাধান নকৰাত পৰিবৰ্তনৰ শ্লোগান দিয়া বিজেপি দলক শাসনৰ গাদীত বহুৱাইছিল অঞ্চলটোৰ খাটি খোৱা ৰাইজে। কিন্তু ২টা বছৰ সম্পূৰ্ণ কৰা বিজেপি চৰকাৰেও‌ গাওঁখনৰ বাট পথ নিৰ্মাণৰ বাবে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে । এই অঞ্চলৰ পুৰুষ মহিলা, ৰোগী, ছাত্ৰ-ছাত্ৰী সকলোৱেই অতি বিপজ্জনকভাৱে বাঁহৰ জৰাজীৰ্ণ সাঁকো অথবা পাৰি দিয়া লোৰ ছিৰিৰে  এই জান জুৰি অতিক্ৰম কৰি মাৰ্ঘেৰিটা নগৰলৈ যাবলগীয়া হয়।

স্বাধীনতাৰ ৭০ বছৰেও উন্নয়ন নহ’ল মাৰ্ঘেৰিটা গ্ৰামাঞ্চলৰ বাট-পথৰ। বাট-পথ সুচল নোহোৱাৰ বাবে ১০৮ এম্বুলেঞ্চ, অগ্নিনিৰ্বাপক গাড়ী একোৱে যাব নোৱাৰে গাওঁখনলৈ। ফলত স্থানীয় ৰাইজ ৰাজনৈতিক দল সমূহৰ প্ৰতি অতি ক্ষুণ্ণ হৈ পৰিছে। মাৰ্ঘেৰিটাৰ ভিতৰপাৱৈ গাওঁ পঞ্চায়তৰ অধীনৰ বৃহত্তৰ লিখাজান গাওঁ‌ৰ অধীনৰ ৭ খন গাওঁৰ ৰাইজে আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিছে । পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে যদি গাওঁখনৰ দলং আৰু গাওঁখনৰ বাট-পথ সমূহৰ উন্নয়নমূলক কাম কাজ চৰকাৰে আৰম্ভ নকৰে তেনেহ’লে গ্ৰামাঞ্চলৰ ৰাইজে আগন্তক পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ কৰিবলৈ বাধ্য হ’ব ।

পঞ্চায়ত নিৰ্বাচন পূৰ্বে মাৰ্ঘেৰিটাৰ ভিতৰপাৱৈ গাওঁ পঞ্চায়তৰ অন্তৰ্গত বাট-পথ, দলং বিজুলী আদিৰ সমস্যা চৰকাৰে কি দৰে সমাধান কৰে সেয়া লক্ষণীয় হ’ব।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd