দৰঙত ১০০ গৰাকী হিতাধিকাৰীলৈ এলপিজি সংযোগ

mangaldai-lpg-570x320

মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে উজলা দিৱসত এলপিজি সংযোগ হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰে। ফটো : ময়ূখ গোস্বামী

দেশৰ ১৫,০০০ এলপিজি পঞ্চায়তত গ্ৰাম স্বৰাজ অভিযানৰ অংশ হিচাপে পালন কৰা উজলা দিৱসৰ লগত সংগতি ৰাখি দৰং জিলাৰ সাতখন গাওঁ পঞ্চায়তকো এলপিজি পঞ্চায়ত হিচাপে ঘোষণা কৰা হৈছে।

পঞ্চায়ত কেইখনৰ পি এম এ ৱাই-গ্ৰামীণ আৰু অন্ত্যদয়া অন্ন যোজনাৰ অনুসূচীত শ্ৰেণীৰ ১০০ গৰাকী হিতাধিকাৰীক শুকুৰবাৰে বিনামূলীয়াকৈ এলপিজি সংযোগ আগবঢ়োৱা হয়।

এই উপলক্ষে খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা, গুৱাহাটী শোধানাগাৰ  আৰু ভাৰতীয় তেল নিগমৰ সহযোগত দৰং জিলাৰ আগশাৰীৰ এলপিজি বিতৰক উজ্বল জ্যোতি গেছ হাউছে  ৰঙামাটি গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ চৌহদত এখন জনসভাৰ আয়োজন কৰে।

অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটী শোধানাগাৰৰ উপ-মহাপ্ৰৱন্ধক (চিকিৎসা) ড০ জিতা খাউণ্ড আৰু ভাৰতীয় তেল নিগমৰ (অসম তৈল খণ্ডৰ) সহকাৰী পৰিচালক( বিক্ৰী) সত্যকাম শৰ্মাই উজলা দিৱস উদযাপনৰ তাৎপৰ্য সম্পৰ্কে বিশদভাৱে বাখ্যা আগবঢ়ায় আৰু লগতে হিতাধিকাৰীসকলক গৃহিনীসকলে ৰন্ধনৰ সময়ত গ্ৰহণ কৰিবলগীয়া সুৰক্ষামূলক ব্যৱস্থাসমূহৰ বিষয়েও অৱগত কৰে।

মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে সভাত ভাষণ দি এলপিজি সংযোগৰ আৱেদন কৰোতে ৰাজনৈতিক দলকে ধৰি কোনো এজেন্টৰ সৈতে লেনদেন নকৰিবলৈ ৰাইজক আহ্বান জনায়।

দৰং জিলা বিজেপিৰ সভাপতি আৰু সাধাৰণ সম্পাদক  ক্ৰমে নীলিমা দেৱী আৰু শেৱালী গোস্বামী কলিতায়ো অনুষ্ঠানত ভাষণ দিয়ে।

ইয়াৰ পূৰ্বে খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ অধীক্ষক ডিম্বেশ্বৰ দাসে চৰকাৰে সাধাৰণ লোকৰ সহায়ৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিখনৰ বিষয়ে উপস্থিত ৰাইজক বিৱৰি কয়।

অনুষ্ঠানৰ আঁত ধৰে বিশিষ্ট কণ্ঠশিল্পী প্ৰাঞ্জল শৰ্মাই। উজ্বল জ্যোতি গেছ হাউছৰ স্বত্ত্বাধিকাৰী ললিতা দেৱী দাসে অতিথিসকলৰ লগতে হিতাধিকাৰীসকলকো আদৰণি জনায়।