ধুবুৰীত অৰক্ষীৰ জিম্মাত থকা ৰামু চৌহানৰ মৃত্যু

আৰক্ষীৰ জিম্মাত থকা এজন যুৱকৰ ধুবুৰী অসামৰিক চিকিৎসালয়ত মৃত্যু হোৱা ঘটনাই অঞ্চলটোৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মৃত যুৱক জনক আগ’মনিৰ ৰামু চৌহান বুলি চিনাক্ত কৰা হৈছে।

ৰামু চৌহান আৰু চাইফুল হক নামৰ দুজন যুৱকক আৰক্ষীয়ে সোমবাৰে অবৈধভাৱে টিৰ টিকট বিক্ৰী কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে ধৃত যুৱক দুজনৰ ওপৰত অসম জুৱা আইন নং ১৪ অনুচ্ছেদ ২০/২৮ ত এটা গোচৰ ৰুজু কৰিছিল।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে আৰক্ষীৰ জিম্মাত থকা ৰামু চৌহানৰ নিশা প্ৰায় ৯-৩০ মান বজাত স্বাস্থ্যৰ অৱনতি ঘটাত চৌহানক জনস্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল যদিও পাছত উন্নত চিকিৎসাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় য’ত যুৱকজনৰ মৃত্যু হয়। ৰামু চৌহানৰ হঠাৎ মুত্যু হোৱাত অৰক্ষীয়ে ২/১৮ ধাৰাত অস্বাভাৱিক মৃত্যু হোৱা বুলি গোচৰ পঞ্জীয়ন কৰে।

আনহাতে ৰামু চৌহানৰ পৰিয়ালৰ লোকে চৌহানৰ এনেদৰে হঠাৎ মৃত্যু হোৱা কথাক সহজভাৱে মানি লোৱাত অস্বীকাৰ কৰি তেওঁলোকে আৰক্ষীয়ে চৌহানৰ ওপৰত নিৰ্মমভাৱে চলোৱা অত্যাচাৰৰ ফলতে চৌহানৰ মৃত্যু হোৱা বুলি অভিযোগ তোলে। মৃত চৌহানৰ ভাতৃ সুৰজ চৌহানে প্ৰকাশ কৰা মতে আৰক্ষীয়ে মৃত চৌহানক আটক কৰা অৱস্থাত চৌহান সম্পূৰ্ণৰূপে সুস্থ অৱস্থাত আছিল। আনহাতে শোকত ভাগি পৰা চৌহানৰ পত্নী মনীয়া চৌহানেও আৰক্ষীৰ জিম্মাত থকা চৌহানক নিশা আৰক্ষী থানাত লগ কৰিবলৈ যাওঁতে চৌহান সম্পূৰ্ণৰূপে সুস্থ অৱস্থাত আছিল বুলি কয়।

আনহাতে কালি মৃত চৌহানৰ সৈতে আটক কৰা চাইফুল হকক ন্যায়ালয়ত হাজিৰ কৰোৱা হয়।