DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱত উন্মোচন হ’ল ৰামধেনু যুগৰ গল্পকাৰ ৰুদ্ৰ প্ৰসাদ কাকতিৰ গল্প সমগ্ৰ ‘আন্ধাৰত পোহৰৰ বাট’

মিণ্টু দাস by মিণ্টু দাস
July 29, 2018 2:19 pm
book release nagaon.photo
1.6k
VIEWS
Share on FacebookShare on Twitter

অসমীয়া সমাজ জীৱনৰ হৃদয়-উদ্বেলক ঘটনা প্ৰৱাহেৰে অনুৰণিত ভিন্ন স্বাদৰ গল্পৰে অসমীয়া গল্প-সাহিত্যক চহকী কৰা তথা ৰামধেনু যুগৰ প্ৰয়াত গল্পকাৰ ৰুদ্ৰ প্ৰসাদ কাকতিৰ গল্প সমগ্ৰ ‘আন্ধাৰত পোহৰৰ বাট’ শনিবাৰে নগাঁৱত উন্মোচিত হয়।

নগাঁও জিলা সাহিত্য সভাৰ কমলাদেৱী তোদী স্মৃতি ভৱনত বিশিষ্ট সাহিত্যিক, গৱেষক ডঃ নৰেন কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা এই গ্ৰন্থ উন্মোচনী সভাখনত বিশিষ্ট কবি তথা আৰক্ষী বিষয়া নন্দ সিং বৰকলা আৰু তেখেতৰ পত্নী কবিতা ৰাণী দাসৰ সম্পাদনাত প্ৰকাশ হোৱা গ্ৰন্থখনি সাহিত্য সমালোচক প্ৰভাত বৰাই উন্মোচন কৰে।

আনহাতে, এই গ্ৰন্থ উন্মোচনী সভাত গণশিল্পী সূৰ্য দাস, প্ৰাক্তন মন্ত্ৰী-সাহিত্যিক গুণীন হাজৰিকা, লেখক চন্দ্ৰ মোহন কাকতিয়ে ভাষণ প্ৰদান কৰাৰ উপৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জাতীয় সংকট কালত লেখক-লেখিকাসকলক অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ দৰে বজ্ৰ নিনাদেৰে জাতি আৰু ভাষাৰ শত্ৰুৰ বিৰুদ্ধে কলম তুলি ল’বলৈ আহ্বান জনায়।

তেওঁ লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশৰ পিছত সমাজত শান্তি-শৃংখলা বিঘ্নিত কৰিবৰ বাবে চেষ্টা চলাই থকা অশুভ শক্তিক প্ৰতিহত কৰিবলৈ সজাগ ভূমিকা পালন কৰিবলৈ সকলোকে অনুৰোধ জনায়। নগাঁৱৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাখনত প্ৰায় শতাধিক লোক উপস্থিত থাকে।

Recent News

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

পুনৰ বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ১৩ জন লোকৰ, কেইবাজনো গুৰুতৰ ভাবে অসুস্থ 

পুনৰ বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ১৩ জন লোকৰ, কেইবাজনো গুৰুতৰ ভাবে অসুস্থ 

ৰাজ্যত পুনৰ এনকাউণ্টাৰ: কোকৰাঝাৰত আৰক্ষীৰ গুলীত ধৰাশায়ী ধৰ্ষণকাৰী আফৰুদ্দিন

ৰাজ্যত পুনৰ এনকাউণ্টাৰ: কোকৰাঝাৰত আৰক্ষীৰ গুলীত ধৰাশায়ী ধৰ্ষণকাৰী আফৰুদ্দিন

কাশ্মীৰত নিৰাপত্তা বাহিনীৰে তুমুল সংঘৰ্ষত ৩ পাক সন্ত্ৰাসবাদী নিহত

কাশ্মীৰত নিৰাপত্তা বাহিনীৰে তুমুল সংঘৰ্ষত ৩ পাক সন্ত্ৰাসবাদী নিহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd