নগাঁৱৰ ৰূপহীহাটত ভূমি বিবাদে প্ৰাণ ল’লে এজন লোকৰ, আহত ১০ জন

d09d7eba-aa14-4fe9-beb5-fe76bd037d2f

নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত পূৱ শিঙিমাৰীত ভূমি বিবাদক কেন্দ্ৰ কৰি মঙলবাৰে সন্ধিয়া দুটা ফৈদৰ মাজত সংঘটিত হোৱা প্ৰচণ্ড মাৰ পিটত এজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ বিপৰীতে আন দহজন লোক গুৰুতৰভাৱে আহত হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, ৰূপহীহাটৰ পূৱ শিঙিমাৰীৰ এডৰা মাটিক কেন্দ্ৰ কৰিয়েই সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল। দীৰ্ঘদিন ধৰি মাটিডৰা শ্বহৰ আলী আৰু ফয়জ উদ্দিনৰ পৰিয়ালে নিজৰ বুলি দাবী কৰি আহিছিল। আৰু ইয়াকে কেন্দ্ৰ কৰি কালি বিয়লি উভয় পক্ষৰ মাজত  ভয়ংকৰ সংঘৰ্ষৰ সৃষ্টি হয়।

এই তুমূল সংঘৰ্ষত ফয়জ উদ্দিনৰ পক্ষৰ চোকা অস্ত্ৰৰ আক্ৰমণত আনটো পক্ষৰ মূৰব্বী শ্বহৰ আলী নামৰ লোকজন নিহত হয়। ইফালে গুৰুতৰভাৱে আহত আন ১০জন লোকক সংকটজনক অৱস্থাত নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

অৱশ্যে ৰূপহীহাট আৰক্ষীৰ তৎপৰতাত অভিযুক্ত ফয়জ উদ্দিনৰ পক্ষৰ ৰাকিবুল হুছেইন, আতিকুৰ ৰহমান আৰু ছাজিদুল ইছলাম নামৰ তিনিজনকৈ লোকক শিঙিমাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখ্য যে ইতিপূৰ্বেও নগাঁও জিলাৰ বিভিন্ন অঞ্চলত ভূমি কেন্দ্ৰিক বিবাদৰ ফলত বহু কেইজন লোকে প্ৰাণ হেৰুৱাব লগা হৈছে। মাহ দিয়েক পূৰ্বে নগাঁও জিলাৰ বটদ্ৰবাৰ টুকটুকী অঞ্চলত ভূমি বিবাদৰ ফলত কেবাজনো লোকৰ মৃত্যু হৈছিল।