• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগৰিকত্ব বিধেয়ক বাতিলৰ আহ্বান জনাই মুখ্যমন্ত্ৰীক সকীয়ালে কবি নীলমনি ফুকনে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 2, 2018 6:53 am

2 min read

মুখ্যমন্ত্ৰী আরু কবি নীলমনি ফুকন

বিশিষ্ট কবি নীলমনি ফকুনৰ বাসগৃহত মুখ্যমন্ত্ৰী সোণোৱাল। ফটো : ইউ বি

173
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰত বিজেপি চৰকাৰৰ চাৰি বছৰ আৰু অসমত দুবছৰ পূৰ্ণ হোৱা উপলক্ষে ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰা ‘জনসম্পৰ্ক’ অভিযানৰ অংশ হিচাপে কালি নিশা প্ৰায় ৮ বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কবি নীলমনি ফুকনক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে।ৰাজ্যখনৰ যশস্বী কবি, বিশিষ্ট চিন্তাবিদ, সাহিত্যিকগৰাকীৰ মালিগাঁৱৰ নীলাচলপুৰৰ বাসগৃহত নিশা গৈ মুখ্যমন্ত্ৰী উপস্থিত হয়।

অশীতিপৰ কবি ফুকনে মুখ্যমন্ত্ৰী সোণোৱালক বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰ চাৰি বছৰ আৰু ৰাজ্য চৰকাৰৰ দুবছৰীয়া কাৰ্যকালৰ কাম কাজৰ সন্দৰ্ভত প্ৰকাশ কৰি উলিওৱা কেইবাখনো পুস্তিকা ফুকনক দিয়ে।

সোণোৱালে তেওঁৰ চৰকাৰে বিগত দুবছৰত তেওঁৰ চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা স্থিতি তথা উন্নয়নমূলক কামৰ বিষয়ে ব্যাখ্যা আগবঢ়াই চৰকাৰৰ সামগ্ৰিক কাম কাজৰ বিষয়ে ফুকনক অৱগত কৰে। চৰকাৰৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰী সোণোৱালে ফুকনৰ পৰা আশীৰ্বাদ তথা পৰামৰ্শ বিচাৰে।

আনহাতে, বিশিষ্ট কবিগৰাকীয়ে প্ৰথমতেই পৰামৰ্শ হিচাপে মুখ্যমন্ত্ৰীক নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ আহ্বান জনায়। তেওঁ কয় যে এগৰাকী বুৰঞ্জীৰ ছাত্ৰ তথা শিক্ষক হিচাপে বিষয়টো অনুভৱ কৰি মুখ্যমন্ত্ৰীক বিধেয়কখন গ্ৰহণ কৰিলে জাতিটো বাচি নাথাকিব বুলি স্পষ্ট কৰি দিছে।

এতিয়াও সময় শেষ হৈ যোৱা নাই, কেন্দ্ৰীয় চৰকাৰক ৰাজ্য চৰকাৰে অসমৰ বিষয়টো অৱগত কৰক বুলি ফুকনে মুখ্যমন্ত্ৰীক আহ্বান জনায়। ফুকনে লগতে কয় যে যদি এই বিধেয়কখন গ্ৰহণ কৰা হয় তেতিয়াহ’লে অসমৰ মাটিও নাথাকিব। সেয়ে মুখ্যমন্ত্ৰীক ফুকনে অনুৰোধ কৰে, ‘’আমাক জীয়াই থাকিবলৈ দিয়ক। থাকিবলৈ মাটি দিয়ক। নহ’লে আমাৰ ভৱিষ্যৎ অতি দুখ লগা আৰু বেয়া হ’ব।‘

অসমৰ সামগ্ৰিক উন্নয়ন আৰু জাতিটোৰ সুৰক্ষাৰ বিষয়ত যাতে চিন্তা কৰিব পাৰে সেই বিষয়ে ফুকনে মুখ্যমন্ত্ৰীক বহু কথা স্পষ্ট কৰি দিয়ে। শেহতীয়াকৈ পিয়লৰ ভাষিক তথ্য উদ্বেগজনক বুলি উল্লেখ কৰি ফুকনে কয় যে ‘’আমি হিন্দী বা বাংলা ভাষাৰ বিদ্বেষী নহয়। আমি বাংলা আৰু হিন্দী ভাষাক শ্ৰদ্ধা কৰোঁ। কিন্তু এই দুটা ভাষাৰ আগ্ৰাসনে অসমীয়া ভাষাৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। এনে এক উদ্বেগজনক পৰিৱেশৰ সময়ত যদি কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন গ্ৰহণ কৰি হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়ে তেতিয়া জাতিটো চিৰদিনৰ বাবে বিছিন্ন হোৱাৰ সম্ভাৱনা আছে।‘

এই সমূহ কথা চিন্তা কৰি অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক  নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ পৰামৰ্শ দিব লাগে বুলি মুখ্যমন্ত্ৰী সোণোৱালক ফুকনে স্পষ্টভাৱে অৱগত কৰে।

 

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd