• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নলবাৰীত ‘ভাৰত বাচাও অভিযান’ৰ সভাত নাবাচিল কংগ্ৰেছৰ মৰ্যাদা, নিজৰ নেতাৰে পুত্তলিকা দাহ

NE NOW NEWS এন ই নাও নিউজ
নলবাৰী , July 23, 2018 8:39 am

2 min read

Nalbari1
84
VIEWS
Share on FacebookShare on Twitter

ক্ষমতাকেন্দ্ৰিক অৰিয়াঅৰিয়ে দেওবাৰে ঘগ্ৰাপাৰত কংগ্ৰেছৰ দু:সময়ৰ ছবি এখনকে দাঙি ধৰে। এপিনে ভাৰত বাচাও অভিযানৰ সভাত কংগ্ৰেছ নেতাৰ ভাষণ চলি থকাৰ সময়তে  আনপিনে কংগ্ৰেছ নেতাৰ পুত্তলিকা দাহ কৰিলে কংগ্ৰেছ কৰ্মীয়ে।

নলবাৰীৰ ঘগ্ৰাপাৰত দেওবাৰে দলটোৱে আয়োজন কৰা ‘ভাৰত বাচাও অভিযান’ৰ এখন সভাক কেন্দ্ৰ কৰি কংগ্ৰেছৰ এটা শিবিৰে দলটোৰ উপ-সভাপতি প্ৰদ্যুৎ বৰদলৈৰ পুত্তলিকা দাহ কৰাৰ লগতে প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী ৰকিবুলক কেলেংকাৰিৰ নায়ক বুলি অভিহিত কৰে।

নলবাৰী জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত ঘগ্ৰাপাৰ হৰিমন্দিৰৰ বাকৰিত দেওবাৰে পুৱা ‘ভাৰত বাচাও অভিযান’ৰ এখন সভাৰ আয়োজন কৰা হৈছিল। একাংশ যুৱ কংগ্ৰেছীয়ে এই সভাখন বৈধ নহয় বুলি অভিযোগ কৰি বড়িগোগ বনভাগ ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।

ব্লক কংগ্ৰেছৰ সভাপতি ভুৱনেশ্বৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নলবাৰীৰ কংগ্ৰেছ নেতা প্ৰদ্যুৎ ভূঞাৰ বিৰুদ্ধে কৰা এক ষড়যন্ত্ৰৰ  অংশ বুলি অভিহিত কৰি সভা অনুষ্ঠিত কৰাত বাধা দিয়াৰ সিদ্ধান্ত লয়। ইয়াৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। ব্লক কংগ্ৰেছৰ সভাপতি ভূৱনেশ্বৰ কলিতাই দলৰ কোনো অনুমতি অবিহনে সভা আহ্বান কৰা বুলি অভিযোগ কৰি এই ক্ষেত্ৰত কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুলৰ লগতে নীলমণি সেন ডেকাক কংগ্ৰেছ ধ্বংসৰ মূল নায়ক বুলি তীব্ৰ সমালোচনা কৰে।

আনহাতে, নলবাৰী জিলা কংগ্ৰেছৰ উপ-সভাপতি শৰৎ কলিতাই সভাখনক নলবাৰীৰ কলংকিত কংগ্ৰেছৰ সভা বুলি ব্যক্ত কৰি চি বি আইৰ তদন্তৰ সন্মুখীন হোৱা তথা দুৰ্নীতিৰ চেকা থকা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে উচটনি দিয়া বুলি অভিযোগ কৰে।

ইপিনে সভালৈ অহা মানুহক বাধা দিয়াৰ পিছত পৰিস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষী মোতায়েন কৰা হয়।  প্ৰতিবাদৰ ৰূপ দেখি পৰিস্থিতিৰ অৱনতি ঘটাৰ আশংকাত ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ আৰু নীলমণি সেন ডেকা পাইকাৰকুছিৰ পৰাই উভতিব লগা হয়।

অৱশ্যে আবেলি উক্ত আটাইকেইজন নেতাই সভাত উপস্থিত হৈ বক্তব্য দাঙি ধৰে। দেওবাৰে সভাখন প্ৰদ্যুৎ ভূঞা শিবিৰ আৰু তেওঁৰ বিৰোধী শিবিৰৰ সংঘাত হিচাপে উন্মোচিত হৈ পৰাত নলবাৰীত কংগ্ৰেছ  দুটা শিবিৰত বিভক্ত হৈ পৰাৰ কথা স্পষ্ট হৈ পৰে। তথাপি এই প্ৰবল প্ৰতিবাদৰ পাছতো আবেলি নলবাৰী যুৱ কংগ্ৰেছৰ উদ্যোগত নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাংগনত ‘ভাৰত বাচাও অভিযান’ শীৰ্ষক বিজেপি চৰকাৰৰ বিৰুদ্ধে এক প্ৰতিবাদী সভা অনুষ্ঠিত হয়।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd