DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব নাগালেণ্ড

 নাগালেণ্ডৰ নিৰ্বাচন : বিজেপিৰ পিছতে নিৰ্বাচনত অংশগ্ৰহণ নিশ্চিত কৰিলে এন পি এফ, কংগ্ৰেছে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 2, 2018 8:50 pm
NPF-570x320
98
VIEWS
Share on FacebookShare on Twitter

 

নিৰ্বাচনকেন্দ্ৰিক ৰাজনৈতিক অস্থিৰতাত থকা নাগালেণ্ডৰ শানাধিষ্ঠিত নাগালেণ্ড পীপলছ ফ্ৰণ্ট, চমুকৈ এন পি এফে আগন্তুক বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ কৰা-নকৰা সন্দৰ্ভত দলীয় স্থিতি স্পষ্ট কৰি কৈছে যে এই ক্ষেত্ৰত তেওঁলোক এটা ব্যতিক্ৰম হৈ থাকিব নোৱাৰে, যিহেতু নিৰ্বাচন বৰ্জন সম্পৰ্কত সকলো নাগা সংগঠন আৰু ৰাজনৈতিক দল এটা সহমতত উপনীত হ’ব পৰা নাই। ইয়াৰ পৰা এইটোৱে স্পষ্ট হৈছে যে যোৱা ২৯ জানুৱাৰিত নিৰ্বাচন বৰ্জন কৰাৰ বাবে এটা যৌথ ঘোষণাত চহী কৰা সত্ত্বেও দলটোৱে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ দিশত খোজ দিছে।

উল্লেখযোগ্য যে নাগা ৰাজনৈতিক সংকটৰ সমাধান নিৰ্বাচনৰ পূৰ্বেই সমাধা কৰাৰ দাবীত যোৱা ২৯ জানুৱাৰিত নাগালেণ্ডৰ ১১ টা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দলৰ প্ৰতিনিধি মিলি এটা উমৈহতীয়া ঘোষণাত চহী কৰিছিল, যাৰ বক্তব্য আছিল আগন্তুক নিৰ্বাচন কৰা। কিন্তু বিজেপি দলে ইয়াৰ পৰা ফালৰি কাটি আহি নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে যৌথ ঘোষণাটোত চহী কৰা তেওঁলোকৰ প্ৰতিনিধিজনকো নিলম্বিত কৰিছিল।

আনহাতে নাগা হোহো আৰু শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰৰ নেতৃবৰ্গই নিৰ্বাচন বৰ্জন কৰিবলৈ ৰাজনৈতিক দলবোৰলৈ আহ্বান জনাই আছে যদিও এটা স্পষ্ট সমূহীয়া স্থিতিত তেওঁলোকে উপনীত হ’ব পৰা নাই। তেওঁলোকে এই বিষয়ত ভৱিষ্যত কৰ্মপন্থা সম্পৰ্কে আলোচনা কৰিবলৈ কাইলৈ এখন সভা আহ্বান কৰিছে। এই পটপৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ আৰু এন পি এফ দলে এতিয়া ৰাজ্যখনত নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে।

‘যিহেতু আটাইবোৰ ৰাজনৈতিক দলে নিৰ্বাচনৰ বাবে কুচকাৱাজ চলাই আছে, এটা পুৰণি দল হিচাপে ই ইয়াৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিব।’ কংগ্ৰেছৰ সূত্ৰ এটাই এইদৰে কয়।

আনহাতে এন পি এফে এটা বিবৃতিত কয় যে এটা স্বীকৃত ৰাজনৈতিক দল হিচাপে তেওঁলোক সমাজবাদ, ধৰ্ম নিৰপেক্ষতা আৰু গণতন্ত্ৰৰ প্ৰতি গভীৰভাৱে আনুগত্যশীল। ইয়াৰ পিছতো নাগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ প্ৰতি দলটোৰ দায়বদ্ধতা অব্যাহত থাকিব।

বিবৃতিটোত কোৱা হয় যে দলটোৱে নাগা সমস্যাৰ সমাধানৰ বাবে পূৰ্বেও বহু গুৰুত্বপূৰ্ণ সংকট মূৰ পাতি লৈছে। ইয়াৰ ভিতৰত দলটোৱে ১৯৯৮ চনত বৃহত্তৰ ৰাজহুৱা স্বাৰ্থত নিৰ্বাচন বৰ্জন কৰি নিৰ্বাচন আয়োগৰ ৰোষৰ সন্মুখীন হৈ প্ৰতীক হেৰুওৱাৰ লগতে ইয়াৰ স্বীকৃতিবিহীন হৈছিল।

দলটোৱে এইটোও আঙুলিয়াই দিয়ে যে ভাৰত চৰকাৰে বাৰে বাৰে কৈ আছে যে সময়ত নিৰ্বাচন অনুষ্ঠিত কৰাটো এটা সাংবিধানিক প্ৰয়োজন আৰু কেন্দ্ৰ সাংবিধানিক ব্যৱস্থাৰ দ্বাৰা বান্ধ খাই আছে। গতিকে ২৭ ফেব্ৰুৱাৰিৰ নিৰ্বাচনত অংশগ্ৰহণ কৰাটো এটা বাস্তৱতা।

Recent News

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd