• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

নাগালেণ্ড বিধানসভা নিৰ্বাচন : অনিশ্চয়তাৰ ডাৱৰ এতিয়াও আঁতৰা নাই

এন ই নাও নিউজ by এন ই নাও নিউজ
February 3, 2018 3:52 pm
NPF-570x320

,

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা দুদিনৰ ভিতৰত নিৰ্বাচন বৰ্জনৰ স্থিতিৰ পৰা বিজেপি, কংগ্ৰেছ আৰু এন পি এফ আঁতৰি আহিলেও ত্ৰয়োদশ নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ অনিশ্চয়তাৰ ডাৱৰ এতিয়াও আঁতৰা নাই। দেশৰ নিৰ্বাচন আয়োগে নিৰ্বাচনী অধিসূচনা জাৰি কৰা তিনি দিন হোৱা সত্ত্বেও, অৰ্থাৎ আজি ৩ ফেব্ৰুৱাৰি পৰ্য্যন্ত কোনো দলৰ কোনো প্ৰাৰ্থীয়েই মনোনয়ন দাখিল কৰা নাই। আনহাতে নাগা হোহো আৰু শীৰ্ষস্থানীয় নাগা বেচৰকাৰী সংগঠনবোৰে নিৰ্বাচনত মনোনয়ন দাখিল কৰাটো বিশ্বাসঘাতকতা বুলি গণ্য কৰা হ’ব বুলি দিয়া ভাবুকিৰ পৰিপ্ৰেক্ষিতত এতিয়াও দলবোৰৰ পৰা কোনোৱেই মনোনয়ন দাখিল কৰিবলৈ আগ বাঢ়ি অহাৰ সাহস দেখুওৱা নাই বুলি জানিব পৰা গৈছে। আনকি দলবোৰেও এই ক্ষেত্ৰত তেওঁলোকৰ দলীয় প্ৰাৰ্থী তালিকা ঘোষণাত হোঁহকা-পিচলা কৰি আছে। অৱশ্যে আজি বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ কথা।

উল্লেখযোগ্য যে ত্ৰয়োদশ নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন অহা ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হোৱাৰ কথা। কিন্তু ৰাজ্যখনৰ আটাইবোৰ ৰাজনৈতিক দলেই নাগালিম সমস্যাটো নিৰ্বাচনৰ পূৰ্বেই সমাধানৰ দাবীত যোৱা ২৯ জাৱনুৱাৰিত নিৰ্বাচন বৰ্জন কৰাৰ বাবে এটা যৌথ বিবৃতিত চহী কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন অনুষ্ঠিত হোৱা-নোহোৱাৰ মাজত এক অস্পষ্টতাই ভূমুকি মাৰিছিলহি। কিন্তু দুদিন পিছতে বিজেপিয়ে আৰু তাৰ এদিন পিছতে এন পি এফ আৰু কংগ্ৰেছেও সেই স্থিতিৰ পৰা আঁতৰি আহি নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল।

Apply Now

ইয়াৰ পিছতো কোনো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰা নাই। আনহাতে কালিৰ এটা বিবৃতিত নাগা হোহো আৰু শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰৰ ক’ৰ কমিটিয়ে মনোনয়ন দাখিল নকৰিবলৈ দলবোৰক আহ্বান জনাইছিল। মনোনয়ন দাখিল কৰিলে বিশ্বাসঘাতক হিচাপে গণ্য কৰা হ’ব বুলিও স্পষ্ট কৰি দিছিল ক’ৰ কমিটিয়ে।

ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়াই কোনো প্ৰাৰ্থীয়েই এই পৰ্য্যন্ত মনোনয়ন দাখিল নাই কৰা বুলি নিশ্চিত কৰিছে। অহা ৭ ফেব্ৰুৱাৰি মনোনয়ন দাখিল কৰা অন্তিম তাৰিখ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm
মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

August 22, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd