• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে দিল্লীত নৰ্থ-ইষ্ট উইমেন্‌ছ ফ্ৰণ্টৰ ধৰ্ণা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 19, 2018 9:56 am
18-05-18 New Delhi- NEWF protest against Citizenship Amendment bill 2016 (2)

নৰ্থ ইষ্ট উইমেন ফ্ৰন্টৰ সদস॥সকলে নতুন দিল্লীৰ সাংসদ মাৰ্গত ধৰ্ণা দিয়াৰ মুহূৰ্ত। ফটো : ইউ বি

112
VIEWS
Share on FacebookShare on Twitter

হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা ৰখা নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত শুকুৰবাৰে নতুন দিল্লীৰ সংসদ মাৰ্গত দিনৰ প্ৰায় দহ বজাৰ পৰা বাৰ বজালৈকে নৰ্থ­-ইষ্ট উইমেন্‌ছ ফ্ৰণ্টৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।

প্ৰতিবাদী কাৰ্যসূচীৰ লগতে বিধেয়কখনৰ বিৰোধিতা কৰি এক গণ স্বাক্ষৰ অভিযান চলাই শীঘ্ৰে বিধেয়কখন বাতিল কৰাৰ বাবে নৰ্থ­-ইষ্ট উইমেন্‌ছ ফ্ৰণ্টে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰও প্ৰেৰণ কৰে।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, অসমক ৰক্ষা কৰক আদি বিভিন্ন শ্ল’গান দি প্ৰতিবাদকাৰীসকলে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিব খোজা কেন্দ্ৰৰ বিজেপি চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা নৰ্থ­-ইষ্ট উইমেন্‌ছ ফ্ৰণ্টৰ সভানেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়োৱে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি কয় যে যিখন বিধেয়কে আমাৰ মাতৃভূমিৰ স্বাৰ্থ ৰক্ষা নকৰে, মাতৃভাষা ৰক্ষা নকৰে, ৰাজনৈতিক অধিকাৰ তথা অৰ্থনৈতিক অধিকাৰ কাঢ়ি লৈ যায়, তেনে এখন বিধেয়কক আমি কোনো কাৰণতেই সমৰ্থন নজনাওঁ।

বিধেয়কখনৰ বিৰোধিতাত  ৰাজ্য চৰকাৰক কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰি তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জাতি প্ৰেমৰ প্ৰতি আমাৰ অকণো সন্দেহ নাই। অনাগত দিনত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত বিধেয়কখনৰ বিৰোধিতা কৰি এটা সিদ্ধান্ত ল’বলৈকো তেওঁ মুখ্যমন্ত্ৰীক আহ্বান জনায়।

আনহাতে, অসমৰ ৰাইজৰ দাবীক মানি ল’লেহে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল জাতীয় নায়ক হৈ থাকিব বুলি উল্লেখ কৰি দাসে কয় যে বিধেয়কখনৰ বিৰোধিতা কৰি সোণোৱালে ৰাইজৰ পক্ষ লওঁক।

আনহাতে, প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিজেপিৰ নেত্ৰী মীৰা বৰঠাকুৰে কয় যে ৰাজনীতিতকৈ ৰাইজৰ স্বাৰ্থ আগত। আমি নিজৰ স্বাৰ্থ পূৰণৰ বাবে ৰাজনীতি কৰা নাই। সেয়েহে ৰাইজৰ পক্ষত থাকি আজি মই ৰাজপথলৈ ওলাই আহিছোঁ। ৰাজনীতিক ব্যৱসায় হিচাপে কেতিয়াও গ্ৰহণ কৰা নাই বুলি জনাই তেওঁ স্পষ্টভাৱে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতাৰে আৰম্ভ কৰা এই গণ আন্দোলন আমি দেশৰ ৰাজধানীলৈ উলিয়াই আনিছোঁ।

এতিয়া জাতীয় নায়ক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিধেয়কখনৰ বিৰোধিতাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিলেই হ’ল। বিধেয়কখনক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনাই তেওঁ লগতে কয় যে ৰাইজ আজি অশান্ত,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজক এতিয়া আনন্দ দিয়ক। অন্যথা ইতিহাসৰ পাতত সোণোৱালৰ নাম জাতীয় নায়ক হিচাপে নহয়, এজন কলংকিত নায়ক হিচাপেহে ৰৈ যাব বুলি মত ব্যক্ত কৰে বিজেপিৰ নেত্ৰীগৰাৰীয়ে।

Recent News

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd