• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে দিল্লীত নৰ্থ-ইষ্ট উইমেন্‌ছ ফ্ৰণ্টৰ ধৰ্ণা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 19, 2018 9:56 am
18-05-18 New Delhi- NEWF protest against Citizenship Amendment bill 2016 (2)

নৰ্থ ইষ্ট উইমেন ফ্ৰন্টৰ সদস॥সকলে নতুন দিল্লীৰ সাংসদ মাৰ্গত ধৰ্ণা দিয়াৰ মুহূৰ্ত। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা ৰখা নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত শুকুৰবাৰে নতুন দিল্লীৰ সংসদ মাৰ্গত দিনৰ প্ৰায় দহ বজাৰ পৰা বাৰ বজালৈকে নৰ্থ­-ইষ্ট উইমেন্‌ছ ফ্ৰণ্টৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।

প্ৰতিবাদী কাৰ্যসূচীৰ লগতে বিধেয়কখনৰ বিৰোধিতা কৰি এক গণ স্বাক্ষৰ অভিযান চলাই শীঘ্ৰে বিধেয়কখন বাতিল কৰাৰ বাবে নৰ্থ­-ইষ্ট উইমেন্‌ছ ফ্ৰণ্টে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰও প্ৰেৰণ কৰে।

Apply Now

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, অসমক ৰক্ষা কৰক আদি বিভিন্ন শ্ল’গান দি প্ৰতিবাদকাৰীসকলে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিব খোজা কেন্দ্ৰৰ বিজেপি চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা নৰ্থ­-ইষ্ট উইমেন্‌ছ ফ্ৰণ্টৰ সভানেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়োৱে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি কয় যে যিখন বিধেয়কে আমাৰ মাতৃভূমিৰ স্বাৰ্থ ৰক্ষা নকৰে, মাতৃভাষা ৰক্ষা নকৰে, ৰাজনৈতিক অধিকাৰ তথা অৰ্থনৈতিক অধিকাৰ কাঢ়ি লৈ যায়, তেনে এখন বিধেয়কক আমি কোনো কাৰণতেই সমৰ্থন নজনাওঁ।

বিধেয়কখনৰ বিৰোধিতাত  ৰাজ্য চৰকাৰক কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰি তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জাতি প্ৰেমৰ প্ৰতি আমাৰ অকণো সন্দেহ নাই। অনাগত দিনত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত বিধেয়কখনৰ বিৰোধিতা কৰি এটা সিদ্ধান্ত ল’বলৈকো তেওঁ মুখ্যমন্ত্ৰীক আহ্বান জনায়।

আনহাতে, অসমৰ ৰাইজৰ দাবীক মানি ল’লেহে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল জাতীয় নায়ক হৈ থাকিব বুলি উল্লেখ কৰি দাসে কয় যে বিধেয়কখনৰ বিৰোধিতা কৰি সোণোৱালে ৰাইজৰ পক্ষ লওঁক।

আনহাতে, প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিজেপিৰ নেত্ৰী মীৰা বৰঠাকুৰে কয় যে ৰাজনীতিতকৈ ৰাইজৰ স্বাৰ্থ আগত। আমি নিজৰ স্বাৰ্থ পূৰণৰ বাবে ৰাজনীতি কৰা নাই। সেয়েহে ৰাইজৰ পক্ষত থাকি আজি মই ৰাজপথলৈ ওলাই আহিছোঁ। ৰাজনীতিক ব্যৱসায় হিচাপে কেতিয়াও গ্ৰহণ কৰা নাই বুলি জনাই তেওঁ স্পষ্টভাৱে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতাৰে আৰম্ভ কৰা এই গণ আন্দোলন আমি দেশৰ ৰাজধানীলৈ উলিয়াই আনিছোঁ।

এতিয়া জাতীয় নায়ক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিধেয়কখনৰ বিৰোধিতাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিলেই হ’ল। বিধেয়কখনক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনাই তেওঁ লগতে কয় যে ৰাইজ আজি অশান্ত,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজক এতিয়া আনন্দ দিয়ক। অন্যথা ইতিহাসৰ পাতত সোণোৱালৰ নাম জাতীয় নায়ক হিচাপে নহয়, এজন কলংকিত নায়ক হিচাপেহে ৰৈ যাব বুলি মত ব্যক্ত কৰে বিজেপিৰ নেত্ৰীগৰাৰীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

July 12, 2026 9:15 pm
প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

July 12, 2026 8:22 pm
গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

July 12, 2026 7:45 pm
সাজেই-দগাঁও চ’কত ‘ৰিতুৰাজ আই কেয়াৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন

সাজেই-দগাঁও চ’কত ‘ৰিতুৰাজ আই কেয়াৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন

July 12, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

July 12, 2026 9:15 pm
প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

July 12, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd