নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে নতুন দিল্লীত অসম আন্দোলন সংগ্ৰামী মঞ্চৰ ‘সংসদ যাত্ৰা’

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে নতুন দিল্লীত অসম আন্দোলন সংগ্ৰামী মঞ্চৰ ‘সংসদ যাত্ৰা’ কাৰ্যসূচী। ফটো : য়ু বি।

কেন্দ্ৰত শাসনত থকা বিজেপি নেতৃত্বাধীন চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬-ৰ জৰিয়তে হিন্দু বিদেশীক নাগৰিকত্ব প্ৰদান কৰিব বিচৰে কাৰ্যৰ অসমত প্ৰৱল বিৰোধিতা চলি থকাৰ সময়তে আজি দেশৰ ৰাজধানী নতুন দিল্লীত এই বিধেয়ক বাতিলৰ দাবীত ‘সংসদ যাত্ৰা’ কাৰ্যসূচী ৰূপায়ণ কৰে অসম আন্দোলন সংগ্ৰামী মঞ্চই।

প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অসমৰ পৰা যোৱা দলটোৱে নতুন দিল্লীৰ যন্তৰ-মন্তৰত এই কাৰ্যসূচী গ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবী উত্থাপন কৰাৰ লগতে ঐতিহাসিক অসম চুক্তি সম্পূৰ্ণকৈ ৰূপায়ণৰ দাবী কৰে।

সংগঠনটোৱে যন্তৰ-মন্তৰৰ পৰা সংসদ ভৱন অভিমুখে এটা সমদল উলিয়ায় যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰাত পুনৰ যন্তৰ-মন্তৰতেই অৱস্থান কৰে।

অৱস্থান কাৰ্যসূচীত ভাষণ প্ৰদান কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ‘অসম চুক্তি’ৰ পৰিপন্থী। এই বিধেয়কক অসমৰ জনসাধাৰণৰ বাবে প্ৰত্যাহ্বান আখ্যা দি তেওঁ কয় যে বিধেয়ক গৃহীত হ’লে অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন হোৱাটো ধুৰূপ।

এই বিধেয়কে ভাৰতৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰকো উলংঘা কৰিব বুলিও মহন্তই প্ৰকাশ কৰে।

এই কাৰ্যসূচীত উপস্থিত থাকে অসম আন্দোলনৰ নেতা তথা অসম চুক্তি স্বাক্ষৰকাৰী বিৰাজ কুমাৰ শৰ্মা, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসকে ধৰি অসমৰ কেইবাগৰাকীও প্ৰাক্তন মন্ত্ৰী, বিধায়ক আৰু অসম আন্দোলনৰ কেইবাজনো নেতাই।

ইয়াৰ উপৰি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম উকীল সন্থা, অসম এছ’চিয়েশ্যন, বৰাক ভেলি উন্নয়ন পৰিষদ, বিষ্ণুপ্ৰিয়া মণিপুৰী উন্নয়ন সমিতি, অসম সাহিত্য সভা, খিলঞ্জীয়া ঐক্যমঞ্চ, অসম যুৱ ছাত্ৰ পৰিষদ, দিল্লীবাসী অসমৰ ছাত্ৰ-ছাত্ৰীৰ লগতে দল-সংগঠন আৰু ভালে সংখ্যক লোকে।