• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে ‘সংসদ যাত্ৰা’ কৰিব অসম আন্দোলন সংগ্ৰামী মঞ্চই

NE NOW NEWS অনিৰ্বাণ পাঠক
গুৱাহাটী , June 2, 2018 4:23 pm

2 min read

Asom Andolan Sangrami Mancha
138
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰবল প্ৰতিবাদ চলি থকাৰ মাজতে অসম আন্দোলন সংগ্ৰামী মঞ্চই আজি বিধেয়কখনৰ বিৰুদ্ধে দুটা নতুন কাৰ্যসূচী ঘোষণা কৰিছে।

মহানগৰীৰ হোটেল ৰাজধানী ৰিজেঞ্চীত এক সংবাদমেল সম্বোধন কৰি অসম আন্দোলন সংগ্ৰামী মঞ্চৰ মুখ্য উপদেষ্টা, প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু মুখ্য আহ্বায়ক, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে জনায় যে জুলাই মাহত হ’বলগীয়া সংসদৰ গ্ৰীষ্মকালীন অধিবেশনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যাতে বিভিন্ন ৰাজনৈতিক দলে শক্তিশালী ভূমিকা গ্ৰহণ কৰে তাৰ বাবে দেশৰ বিভিন্ন ৰাজ্যৰ সাংসদসকলক সাক্ষাৎ কৰি মঞ্চই অনুৰোধ জনাব।

সেই উদ্দেশ্যে অসম আন্দোলন সংগ্ৰামী মঞ্চৰ এটা সঁজাতি দলে নতুন দিল্লীত বিভিন্ন ৰাজনৈতিক দলৰ সাংসদসকলক সাক্ষাৎ কৰিবলৈ ‘সংসদ যাত্ৰা’ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

মঞ্চই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰখা বিভিন্ন জাতীয় দল-সংগঠনকো এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে আহ্বান জনায়।

ইযাৰ উপৰিও অহা ৮ জুনত অসম আন্দোলন সংগ্ৰামী মঞ্চই বিধেয়কখনৰ বিৰোধীতাৰে দেশৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, মন্ত্ৰী, সাংসদ আৰু প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ পানবজাৰস্থিত গুৱাহাটী প্ৰধান ডাকঘৰৰ পৰা ডাকযোগে স্মাৰকপত্ৰ প্ৰেৰণ কৰিব বুলি সংবাদমেলত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, ১৯৭৯ চনৰ ৮ জুনত সদৌ অসম ছাত্ৰ সন্থাই ‘গণ অনশন’ কাৰ্যসূচীৰে অসম আন্দোলন আৰম্ভ কৰিছিল আৰু এই দিনটোৰ ঐতিহাসিক তাৎপৰ্য ৰক্ষা কৰিয়ে অসম আন্দোলন সংগ্ৰামী মঞ্চই এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এই বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।

সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এটা চক্ৰই নাগৰিক্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ বিষয়টো অন্যফালে ঢাল খুওৱাৰ চেষ্টা কৰি থকা বুলি মন্তব্য কৰি কয়, ‘এই আন্দোলন বাংলা বিদ্বেষী বা হিন্দু বিদ্বেষী নহয়, এই আন্দোলন কেৱল ন্যায় পাবৰ কাৰণে কৰা আন্দোলন’।

আনহাতে, শুকুৰবাৰে অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেটৰ বৈঠকত অসম গণ পৰিষদৰ তিনিগৰাকী মন্ত্ৰীৰ স্থিতি সন্দৰ্ভত মহন্তই মন্তব্য কৰাৰ পৰা বিৰত থাকে যদিও এইক্ষেত্ৰত তেওঁ কয়, ‘আমি যেতিয়ালৈ আছো অসম গণ পৰিষদৰ ক্ষতি হ’ব পৰা বা অসমৰ স্বাৰ্থ বিঘ্নিত হ’ব পৰা কাম হ’বলৈ নিদিওঁ।’

Recent News

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

IMG-20210122-WA0004

নগাঁৱত অসম চৰকাৰৰ ‘স্বয়ম’ আঁচনি উদ্বোধন

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd