DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নাগৰিকত্ব বিধেয়ক : ইতিহাসত প্ৰথমবাৰ সত্ৰাধিকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সত্ৰভূমি মাজুলীত

মিণ্টু খাটনিয়াৰ by মিণ্টু খাটনিয়াৰ
April 20, 2018 5:56 pm
AASU
104
VIEWS
Share on FacebookShare on Twitter

সত্ৰভূমি মাজুলীত নজিৰবিহীন ইতিহাস সৃষ্টি কৰি আজি ২০ এপ্ৰিলত সত্ৰাধিকাৰৰ বিৰুদ্ধে হ’ল প্ৰতিবাদ।

ধৰ্মৰ ভিত্তিত বিদেশীক দেশৰ নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব বিধেয়ক ( Citizenship Amendment Bill )ক যোৱা ১৭ এপ্ৰিলত দিল্লীত হোৱা শুনানিত সমৰ্থন কৰাক লৈ মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ বিৰুদ্ধে প্ৰতিবাদত নামিল সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে আন কেবাটাও সংগঠন।

মাজুলীৰ জিলা সদৰ গড়মূৰত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ বিৰুদ্ধে মুখত ক’লা কাপোৰ বান্ধি আজি প্ৰতিবাদ কৰে মাজুলী ছাত্ৰ সন্থাই।

আনহাতে অসমৰ প্ৰায় সকলো সংগঠনে সৰ্বাত্মক বিৰোধিতা কৰা নাগৰিকত্ব বিধেয়কখনক সত্ৰাধিকাৰজনে সমৰ্থন কৰাৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কমলাবাৰীস্থিত কাৰ্যালয়ত কালি ১৯ এপ্ৰিলত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়।

পৰিষদৰ সভাপতি জগত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত টি এম পি কে, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে স্থানীয় কেইবাগৰাকী সচেতন ব্যক্তিও উপস্থিতি থাকে। বিধেয়কখনক লৈ সত্ৰাধিকাৰ দেৱগোস্বামীয়ে দিয়া বক্তব্য ৰাজহুৱা কৰিবলৈ দাবী জনাই ইয়াৰ অন্যথা তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তোলাৰো হুংকাৰ দিয়ে সংগঠনসমূহে।

সমগ্ৰ বিষয়টো সন্দৰ্ভত সত্ৰাধিকাৰ দেৱগোস্বামীৰ স্থিতি জানিব বিচৰাত সত্ৰাধিকাৰগৰাকীয়ে এন ই নাও-ক দিল্লীৰ শুনানিত ‘আমি অসমৰ অহিত কোনো কথা কোৱা নাই’ বুলি মন্তব্য কৰিছিল। কিন্তু ‘আইনখন অকল অসমৰ কাৰণে নহয়, গোটেই ভাৰতৰ কাৰণে’ বুলি মন্তব্য কৰাত তেওঁ বিধেয়কখনক সমৰ্থন কৰাৰ কথা পৰোক্ষভাৱে স্বীকাৰ কৰাতো ওলাই পৰিছিল।

সত্ৰাধিকাৰ দেৱগোস্বামীয়ে কৰা মন্তব্যত জাঙুৰ খাই উঠি ছাত্ৰ সন্থাই ‘অহিত’ নোহোৱা কথাখিনি স্পষ্টকৈ অসমৰ ৰাইজক জনাবলৈ দাবী জনাইছিল।

যোৱা ১৭ এপ্ৰিলত নতুন দিল্লীত অনুষ্ঠিত হোৱা যুটীয়া সংসদীয় সমিতিৰ আগত দিয়া ভাষ্য সমিতিৰ সদস্য ভুৱনেশ্বৰ কলিতাই ৰাজহুৱা কৰাৰ পিছত জনাৰ্দন দেৱগোস্বামীৰ লগতে অসম সত্ৰ মহাসভাৰ স্থিতিক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

Recent News

Rhino carcass found in Kaziranga

কাজিৰঙাত উদ্ধাৰ গঁড়ৰ মৃতদেহ: চোৰাং চিকাৰৰ সম্ভাৱনা অস্বীকাৰ বন বিভাগৰ

protest against NPS

মানি লোৱা নহ’ব নতুন পেঞ্চন নীতি! হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে কঁপালে দিল্লী

Bangladeshi woman visits UP to meet boyfriend

ভাৰতীয় প্ৰেমিক ওলাল বিবাহিত! ভঙা হৃদয়েৰে স্বদেশলৈ উভতিল বাংলাদেশী মহিলা

Asian Games 2023

এছিয়ান গেমছ: ইতিহাস ৰচি স্বৰ্ণ জিনিলে অবিনাশে, শ্বটপুটত তাজিন্দৰপাল সিঙৰ স্বৰ্ণ জয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd