ৰাজ্যৰ সৰ্বাধিক চৰ্চিত নাগৰিকত্ব বিধেয়ক ( Citizenship Amendment Bill ) বিষয়টো অসম চৰকাৰৰ যোৱা ২ জুনৰ কেবিনেট বৈঠকত আলোচনাৰ বাবে অগপই কেবিনেট স্মাৰক পত্ৰই প্ৰস্তুত কৰা নাছিল বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে।
‘কেবিনেটত প্ৰস্তাৱ উত্থাপন কৰিবৰ বাবে কেবিনেট স্মাৰক পত্ৰ প্ৰস্তুত কৰিব লাগে আৰু পদ্ধতিগতভাৱে বিষয়টো উত্থাপন হ’ব লাগে’ বুলি উল্লেখ কৰি গগৈয়ে আজি ৩ জুনত দাবী কৰে যে অগপই কেবিনেট স্মাৰক পত্ৰই তৈয়াৰ কৰা নাছিল।
উল্লেখযোগ্য যে ২ জুনৰ কেবিনেট বৈঠকৰ পিছত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু অতুল বৰাই সাংবাদিকক পৃথকে পৃথকে ‘cabinet memorandum’, ‘agenda’, ‘প্ৰক্ৰিয়া’ আদি শব্দযুক্ত কিছু কথা কৈছিল।
অখিল গগৈয়ে অভিযোগ কৰে ‘অসমীয়াৰ আৱেগ ধৰি ৰাখিবৰ বাবে অগপই গোকাট মিছাৰ আশ্ৰয় লৈছে।’
গগৈয়ে লগতে কয় যে ‘ৰাজনৈতিক দলবিলাকৰ ৰাজনীতি থাকেই। কিন্তু জাতিৰ সংকটৰ সময়ত অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে যি ৰাজনীতি কৰিছে, সেয়াই অসমীয়া জাতিটোক শংকিত কৰি তুলিছে।’
‘অগপৰ তিনিগৰাকী মন্ত্ৰীৰ যদি কেবিনেটতে গুৰুত্ব নাই, তেন্তে তেওঁলোকে অসমৰ অস্তিত্ব ৰক্ষা কৰিব কেনেকৈ?’ অখিলৰ প্ৰশ্ন।
অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই সংবাদমেলযোগে জনাইছিল যে কেবিনেটত তেওঁলোকে উত্থাপন কৰা প্ৰস্তাৱটো আলোচনাৰ অনুমতি দিয়া নহ’ল। অখিল গগৈয়ে কয় ‘যদি সেইটোৱেই হয়, তেন্তে এটা কথা স্পষ্ট অসম গণ পৰিষদৰ কেবিনেটৰ ভিতৰত অস্তিত্ব বিশেষ নাই।’
অগপৰ বিৰুদ্ধে সৰব অখিল গগৈ || Live ||
Posted by NorthEast Now Assamese on Saturday, June 2, 2018
কৰ্ণাটক, পশ্চিমবংগ আৰু বিহাৰত আঞ্চলিক দলৰ গুৰুত্ব বৃদ্ধি পোৱাৰ দিশলৈ আঙুলিয়াই অখিলে কয় যে এনে সময়ত অগপই ঐতিহাসিক সুযোগ লাভ কৰিছে।
অগপই ‘অসমৰ ৰাইজক আভুৱা ভাঁৰি থাকিবনে নে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিব?’ বুলি অখিল গগৈয়ে আজিৰ সংবাদমেলতে পোনপতীয়াকৈ প্ৰশ্ন কৰে।
অগপ মিত্ৰজোঁটৰ পৰা ওলাই অহাৰ সিদ্ধান্ত ল’লে তেওঁলোকক কৃষক মুক্তিয়ে মুকলি সমৰ্থন জনাব বুলিও অখিলে ঘোষণা কৰে।
আনহাতে ‘বিজেপিৰ ৰাজেন গোহাঁই, প্ৰশান্ত ফুকন আৰ চন্দ্ৰমোহন পাটোৱাৰীয়ে ধমক দিয়া’ বুলি উল্লেখ কৰি গগৈয়ে কয় যে ‘বিজেপি দলে সমগ্ৰ অসমীয়া জাতিটো ধ্বংস কৰিবলৈ যোৱাৰ পাছতো যদি মিত্ৰজোঁটৰ পৰা ওলাই নাহে, তেন্তে অসম গণ পৰিষদে ইতিহাসৰ চুৱাপাতনিত ঠাই পাব।’