• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত ডিমৌত আছুৰ গণ বিক্ষোভ; সহস্ৰাধিক লোকৰ অংশ গ্ৰহণ

NE NOW NEWS হিতোজ্বল চেতিয়া
ডিমৌ , May 28, 2018 5:48 pm

2 min read

Citizeship bill protest at Dimow
81
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত আজি উত্তাল হৈ পৰে ডিমৌ চহৰ। পুৱা ১১ বজাৰ পৰা শিৱসাগৰ জিলাৰ ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিভিন্ন দল-সংগঠনৰ সহযোগত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা, অসম চুক্তি দফাই দফাই ৰূপায়ণ কৰা, ভাৰত-বাংলা সীমান্ত অতি শীঘ্ৰে ছীল কৰা, সাংবিধানিক ৰক্ষাকবচ প্ৰদান কৰা আৰু ভাৰত- বাংলাদেশৰ মাজত দ্বিপাক্ষিক চুক্তি সম্পাদন কৰা আদি বহুকেইটা দাবী লৈ এক গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ লগত সংগতি ৰাখি প্ৰতিবাদকাৰী সকলে এক বৃহৎ সমদলো উলিয়াই। ডিমৌ ৰাজহুৱা খেলপথাৰৰ পৰা আৰম্ভ কৰা সমদলটোত ২ সহস্ৰাধিকৰো অধিক লোকে অংশ গ্ৰহণ কৰে।

ডিমৌ চাৰিআলিৰ মাজমজিয়াত অংশগ্ৰহণকাৰী প্ৰতিবাদী ৰাইজে ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক’,’ হিন্দু বাংলাদেশী গ’ বেক’, ‘ধৰ্মৰ নামত নাগৰিকত্ব দিয়া নহ’ব’, ‘জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ’, ‘বিজেপি চৰকাৰ হায়-হায়’ আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে আকাশ-বতাহ উত্তাল কৰি তোলে।

ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত উলিওৱা উক্ত গণ বিক্ষোভ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, শিৱসাগৰ জিলা ছাত্র সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য তথা ডিমৌ আঞ্চলিকৰ উপদেষ্টা আদিত‍্য শৰ্মা, ডিমৌ আঞ্চলিকৰ সভাপতি সম্পাদক, ডিমৌ কৰ্মচাৰী পৰিষদৰ সভাপতি সম্পাদক, শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ উপ-সভাপতি প্ৰমোদ গোস্বামীকে ধৰি বহু কেইজন বিশিষ্ট ব‍্যক্তি উপস্থিত থাকে।

ইয়াৰ উপৰি বিক্ষোভ কাৰ্যসূচীত বিভিন্ন দল-সংগঠনৰ নেতা কৰ্মীৰ উপৰিও সচেতন ৰাইজৰ লগতে সহস্ৰাধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহন কৰি বিধেয়কখন প্ৰত্যাহাৰৰ তীব্ৰ দাবী তোলে।

Recent News

পাকিস্তানী সেনাৰ গুলীত ছহিদ ভাৰতীয় সেনা জোৱান নিৰ্মল সিং

পাকিস্তানী সেনাৰ গুলীত ছহিদ ভাৰতীয় সেনা জোৱান নিৰ্মল সিং

মৰ্মান্তিক; কাবাডী খেলি থাকোতেই মৃত্যু ঘটিল ২০ বছৰীয়া খেলুৱৈৰ

মৰ্মান্তিক; কাবাডী খেলি থাকোতেই মৃত্যু ঘটিল ২০ বছৰীয়া খেলুৱৈৰ

WhatsApp Image 2021-01-22 at 11.15.07 AM

পানী ঘোলা কৰি হোৱাইট হাউছ এৰি বিলাসী ৰিছ’ৰ্টত পত্নী মেলানিয়াৰ সৈতে ডোনাল্ড ট্ৰাম্প

২৭ জানুৱাৰিত অসমৰ এই কেইখন জিলাত স্থানীয় বন্ধ ঘোষণা

২৭ জানুৱাৰিত অসমৰ এই কেইখন জিলাত স্থানীয় বন্ধ ঘোষণা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd