DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণত বাধাৰ সৃষ্টি কৰিব খুজিছে কেন্দ্ৰীয় চৰকাৰে : সমুজ্জ্বল

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
April 27, 2018 9:09 pm
Samujjal_Bhaatta_PressMeet
91
VIEWS
Share on FacebookShare on Twitter

“নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতকৰণত বাধাৰ সৃষ্টি কৰিব খুজিছে কেন্দ্ৰীয় চৰকাৰে।” –এই গুৰুতৰ অভিযোগ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। বৰপেটা জিলা আৱৰ্ত ভৱনত আজি বিয়লি অনুষ্ঠিত এখন সংবাদমেলত আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে মুকলিকৈ আৰু স্পষ্টকৈ এই অভিযোগ আনে।

সংবাদমেলখনত ভট্টাচাৰ্য্যই  লগতে অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰে অসমখন বিদেশীৰ চৰণীয়া পথাৰ কৰিব বিচাৰিছে। নাগৰিকত্ব আইনৰ সংশোধনী বিধেয়কৰ জয়িতে চৰকাৰখনে এই কাম কৰিব বিচৰা কাৰ্যক অসমৰ ৰাইজৰ লগতে প্ৰতিটো দল-সংগঠন আৰু সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ জনাই আহিছে।

তৎসত্ত্বেও অসমৰ দল-সংগঠন তথা ৰাইজৰ দাবীক নস্যাৎ কৰি এখন জাতিধ্বংসী আইন প্ৰৱৰ্তন কৰিব বিচাৰিলে অসমৰ দল-সংগঠন তথা ৰাইজে বিজেপি চৰকাৰক কাহানিও ক্ষমা নকৰে বুলি ভট্টাচাৰ্যই উল্লেখ কৰে।

তেওঁ আৰু কয়, খিলঞ্জীয়াক সুৰক্ষা দিয়াৰ শ্ল’গান দিয়েই দিল্লী-দিচপুৰত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হৈছে। কোনো হিন্দু বাংলাদেশীক সুৰক্ষা দিয়াৰ বাবে ৰাইজে বিজেপিক ক্ষমতাত অধিষ্ঠিত কৰা নাই।

খিলঞ্জীয়াক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে জাতীয় দায়িত্ব পালন কৰিবই লাগিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

আনহাতে সংবাদমেলখনত আছুৰ উপদেষ্টাগৰাকীয়ে চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো সন্দৰ্ভত কয় যে, সমগ্ৰ ৰাজ্যতে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে ৩ কোটি ২৯ লাখ খন আবেদন প্ৰ-পত্ৰ পূৰণ হৈছে। ইতিমধ্যে ইয়াৰে ১ কোটি ৯০ লাখ লোকৰ নাম সন্নিবিষ্ট প্ৰথমখন খচৰা প্ৰকাশ পাইছে। বৰপেটাত ১৯ লাখ ২৭ হাজাৰ আাৱেদন প্ৰ-পত্ৰ পূৰণ হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে, প্ৰথমখন খচৰাত জিলাখনৰ ৭ লাখ ৩২ হাজাৰ লোকৰ নাম সন্নিবিষ্ট হৈছে।

সম্প্ৰতি নথি-পত্ৰসমূহ পৰীক্ষা-নিৰীক্ষা চলি আছে আৰু এই সময়ছোৱাতে অধিক তন্নতন্নকৈ পৰীক্ষা হ’ব লাগে বুলি তেওঁ দাবী কৰে। কোনো কাৰণতে ভুল তথ্যৰে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰে তাৰ বাবে এন আৰ চিৰ কামত নিয়োজিত বিষয়া কৰ্মচাৰীসকলক নিষ্ঠাসহকাৰে কাম কৰি যাবলৈ আছু নেতাগৰাকীয়ে আহ্বান জনায়।

আজিৰ এই সংবাদমেলত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ৰমেন সিং ৰাভা, এবছুৰ সধাৰণ সম্পাদক লৰেন্স ইচলাৰী, গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমানৰ লগতে আন কেইবাগৰাকী নেতা উপস্থিত আছিল।

Recent News

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Indigenous status to Muslim চৈয়দ আব্দুল মালিক আগতে খিলঞ্জীয়া নাছিল নেকি?- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰকিবুল হুছেইনে

Indigenous status to Muslim চৈয়দ আব্দুল মালিক আগতে খিলঞ্জীয়া নাছিল নেকি?- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰকিবুল হুছেইনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd