DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নগাঁৱত কৃষক-শ্ৰমিক উন্নয়ন পৰিষদৰ অনিৰ্দিষ্টকালীন অনশন

মিন্টূ দাস by মিন্টূ দাস
May 21, 2018 12:46 pm
কৃষক শ্ৰমিক উন্নয়ন পৰিষদ
93
VIEWS
Share on FacebookShare on Twitter

”অসমলৈ আহি আছে ভয়াবহ সংকট! কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ৰ জৰিয়তে বিদেশী লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ জৰিয়তে ভাৰতত সংস্থাপিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতৰ সংবিধানৰ সমতা আৰু ধৰ্মনিৰপেক্ষতাৰ আদৰ্শক দলিয়াই ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ ভয়ংকৰ পদক্ষেপ ল’বলৈ গৈছে বিজেপি চৰকাৰে। বিজেপি চৰকাৰৰ এই সংবিধান আৰু দেশ বিৰোধী সিদ্ধান্তই অসম আৰু অসমবাসীক আটাইতকৈ ক্ষতিগ্ৰস্ত কৰিব।” এই মন্তব্য কৃষক-শ্ৰমিক-শ্ৰমিক উন্নয়ন পৰিষদৰ নগাঁও জিলা সমিতিৰ।

নগাঁও জিলাৰ  উপায়ুক্ত কাৰ্যালয়ৰ সমীপত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজিৰ পৰা অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী অনুষ্ঠিত কৰি সংগঠনটোৱে এনেদৰে মন্তব্য কৰে। বিভিন্ন ধৰণৰ প্ৰতিবাদধৰ্মী প্লেকাৰ্ড সন্নিৱিষ্ট কৰি আৰম্ভ কৰা এই অনশন কাৰ্যসূচীত ৰাজনৈতিক-অৰাজনৈতিক সংগঠনে অংশগ্ৰহণ কৰে।

সংগঠনটোৱে লগতে কয় যে- অসমলৈ পূৰ্ব বংগমূলীয় মুছলমানৰ প্ৰব্ৰজনৰ ফলত ইতিমধ্যে অসমৰ জনগাঁ‌থনিৰ স্থায়ী পৰিবৰ্তন ঘটিছে। ১৯৭১  চনলৈ প্ৰব্ৰজনকাৰীৰ বোজা ল’বলৈ অসম বাধ্য হৈছে। এতিয়া অসম ধ্বংস কৰিবলৈ আৰু অধিক বিদেশীৰ বোজা আমি কোনোপধ্যে ল’ব নোৱাৰো। বিধেয়কখন আইনত পৰিণত হ’লে অসমত অবৈধভাৱে বসবাস কৰা বাংলাদেশীৰ  উপৰি বাংলাদেশত থকা বঙালী হিন্দুক বৈধ অসমীয়াৰ স্বীকৃতি দিব। ইয়াৰ ফলত অসমীয়াৰ যে বিপদ হ’ব সেইটো খাটাং। তদুপৰি এই বিধেয়ক গৃহীত হ’লে অসমবাসীৰ দীৰ্ঘদিনীয়া জাতীয় স্বপ্ন এন আৰ চিৰ প্ৰস্তুতিকৰণ প্ৰক্ৰিয়াত ব্যাঘাত জন্মিব।

প্ৰায় ডেৰ শতাধিক লোকৰ উপস্থিতি থকা আজিৰ কাৰ্যসূচীত কৃষক-শ্ৰমিক উন্নয়ণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি-মুকুল বৰা উপস্থিত থাকি বিজেপি চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰে। বিশেষকৈ তেওঁ কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁ‌হাই, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা, কেশৱ মহন্ত, ফণীভুষণ চৌধুৰীক আক্ৰমণৰ লক্ষ্য কৰি লয়।। আজিৰ এই কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক উৎপল কুমাৰ বৰুৱাও উপস্থিত থাকে।

Recent News

ED grills Sanjay Raut: ১০ ঘণ্টা ধৰি ইডিৰ জেৰাৰ সন্মুখীন হ’ল শিৱসেনাৰ নেতা সঞ্জয় ৰাউট

ED grills Sanjay Raut: ১০ ঘণ্টা ধৰি ইডিৰ জেৰাৰ সন্মুখীন হ’ল শিৱসেনাৰ নেতা সঞ্জয় ৰাউট

IND vs ENG: পন্টৰ বিস্ফোৰক শতক, জাদেজাৰ অপ্ৰতিৰোধ্য বেটিঙেৰে এজবাষ্টনত ইংলেণ্ডক উভতি ধৰিলে ভাৰতে

IND vs ENG: পন্টৰ বিস্ফোৰক শতক, জাদেজাৰ অপ্ৰতিৰোধ্য বেটিঙেৰে এজবাষ্টনত ইংলেণ্ডক উভতি ধৰিলে ভাৰতে

Thackeray removes Shinde: কোন প্ৰকৃত শিৱসেনা? সিন্দেক দলৰ নেতাৰ পদৰ পৰা অপসাৰিত কৰি উদ্ধৱ ঠাকৰেৰ পত্ৰ

Thackeray removes Shinde: কোন প্ৰকৃত শিৱসেনা? সিন্দেক দলৰ নেতাৰ পদৰ পৰা অপসাৰিত কৰি উদ্ধৱ ঠাকৰেৰ পত্ৰ

Tai-language teaching: মাৰ্ঘেৰিটাত ডাম চাও গিৰিন মহুং বৰুৱাৰ সোঁ‌ৱৰণত এমহীয়া টাই ভাষাৰ পাঠদান কাৰ্য্যসূচীৰ শুভাৰম্ভ

Tai-language teaching: মাৰ্ঘেৰিটাত ডাম চাও গিৰিন মহুং বৰুৱাৰ সোঁ‌ৱৰণত এমহীয়া টাই ভাষাৰ পাঠদান কাৰ্য্যসূচীৰ শুভাৰম্ভ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd