• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব (সংশোধনী) বিধেয়ক বাতিলৰ দাবীত উত্তপ্ত ডিমৌ : অৰ্ধ শতাধিক স্মাৰক পত্ৰ প্ৰেৰণ

NE NOW NEWS হিতোজ্বল চেতিয়া
ডিমৌ , May 21, 2018 7:10 pm

2 min read

dimou mass protest against citizenship bill
81
VIEWS
Share on FacebookShare on Twitter

সদৌ তাই আহোম ছাত্র সন্থা ডিমৌ আঞ্চলিক সমিতিৰ উদ্যোগত ডিমৌৰ জাতীয় সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান, নামঘৰ, মচজিদ পৰিচালনা সমিতি, মহিলা সমিতি তথা জাতি ধৰ্ম নিৰ্বিশেষে লৈ সমূহ ডিমৌ বাসী ৰাইজক লৈ আজি ডিমৌত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত এক বিশাল গণ প্ৰতিবাদী সমদল উলিয়ায়।

আজি দিনৰ প্ৰায় ১১:৩০ বজাত ডিমৌ আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ আহ্বানত ডিমৌ প্ৰেছ ক্লাব, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, অসমীয়া যুৱ মঞ্চ, সদৌ অসম চাহ জনজাতি ছাত্র সন্থা, টি এম পি কে, এম এম কে, লাচিত সেনা তথা ডিমৌৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, নামঘৰ, মচজিদ পৰিচালনা সমিতি, মহিলা সমিতি, স্কুল কলেজৰ ছাত্র-ছাত্ৰী তথা সমূহ ডিমৌবাসী ৰাইজক লৈ মুঠ অৰ্ধ শতাধিক সংগঠন আৰু প্ৰায় তিনি শতাধিক ব্যক্তিৰ সহযোগত এক বিশাল গণ প্ৰতিবাদী সমদল ডিমৌৰ ৰাজহুৱা খেলপথাৰৰ পৰা ডিমৌ চাৰিআলি হৈ ডিমৌ ৰাজহ চক্ৰ কাৰ্য‍্যালয়লৈ যায়।

সমদলটোত উপস্থিত থকা প্ৰতিবাদী জনতাই  ‘বিজেপি লেই লেই চেই চেই’, ‘সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ’, ‘নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক’,  ‘যুটীয়া সংসদীয় সমিতিয়ে শুনানি প্ৰতিখন জিলাত অনুষ্ঠিত কৰক’ ইত্যাদি ইত্যাদি শ্ল’গানেৰে ডিমৌৰ আকাশ বতাহ কঁপাই তোলে। আজি প্ৰতিবাদী সমদলটোত প্ৰতিবাদী জনতাই বৰতাল বজাই বজাই ডিমৌ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত সকলো সমবেত হৈ অৰ্ধ শতাধিক স্মাৰক পত্ৰ ডিমৌ ৰাজহ চক্ৰ মহোদয়াৰ যোগেদি যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰে।

উক্ত প্ৰতিবাদী সমদলটোত উপস্থিত আছিল সদৌ অসম তাই আহোম ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা শ্ৰীযুত অশ্বিনী চেতিয়া, শিৱসাগৰ জিলাৰ সহকাৰী সম্পাদক নিপন বৰুৱা, মহকুমা সমিতিৰ সভাপতি সন্দীপ গগৈ, ডিমৌ আঞ্চলিক সমিতিৰ সভাপতি জয়ন্ত গগৈ,ডিমৌ আঞ্চলিকৰ সাধাৰণ সম্পাদক সুমিত কুমাৰ সন্দিকৈ,  ডিমৌ প্ৰেছ ক্লাৱৰ সম্পাদক অজয় কুমাৰ গগৈ, টি এম পি কে’ৰ জিলা সভাপতি দিব‍্য খামতি, অসমীয়া যুৱ মঞ্চৰ ডিমৌ আঞ্চলিক সভাপতি হোমেন গগৈ, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিমৌ আঞ্চলিকৰ সভাপতি ৰাজকিশোৰ ভূমিজ, ডিমৌ প্ৰেছ ক্লাৱৰ সমূহ সাংবাদিক সকল।

প্ৰতিবাদী জনতাই কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে অসমৰ সকলো শ্ৰেণীৰ ৰাইজ, দল-সংগঠন লগতে সকলো ৰাজনৈতিক দলৰ কৰ্মকৰ্তা সকলোকে চৰকাৰৰ এই জাতিদ্ৰোহী কাৰ্যৰ বিৰুদ্ধে থিয় হ’বলৈ আহ্বান জনাইছে।

Recent News

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd