• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নগাঁৱত অসম যুৱ পৰিষদৰ গণ স্বাক্ষৰ অভিযান

NE NOW NEWS মিণ্টু দাস
নগাঁও , May 28, 2018 4:32 pm

2 min read

Citizenship bill protest
79
VIEWS
Share on FacebookShare on Twitter

”ভাৰত এখন ধৰ্ম নিৰপেক্ষ, সমাজতান্ত্ৰিক গণৰাজ্য। দেশৰ আইন কানুন, সংবিধানৰ এই মূল কাঠামোৰ ওপৰতেই ভিত্তি কৰি প্ৰণয়ন কৰা বাধ্যতামূলক। প্ৰস্তাৱিত সংশোধনী বিধেয়কখনে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ প্ৰস্তাৱ আনি সংবিধানৰ মূল কাঠামোত আঘাত হানিছে।” এই মন্তব্য অসম যুৱ পৰিষদৰ।

কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ জৰিয়তে বিদেশী লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ দ্বাৰা ভাৰতত সংস্থাপিত কৰিব খোজা সিদ্ধান্ত গ্ৰহণৰ বিৰোধিতাৰে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদে আজি নগাঁও চহৰত এক গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে।

নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অগপ নেতা গিৰীন্দ্ৰ কুমাৰ বৰুৱাই অংশ গ্ৰহণ কৰা এই গণ স্বাক্ষৰ কাৰ্যসূচীত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষলৈ প্ৰেৰণ কৰিবলগীয়া স্মাৰকপত্ৰখনত অসমৰ ৩ কোটি ৪৩ লাখ জনসাধাৰণৰ হৈ গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰে।

চাৰিটা দাবী সম্বলিত স্মাৰকপত্ৰখনত উল্লেখ কৰা হয় যে- ‘আমাৰ ভাষা, সংস্কৃতি, জীৱন ধাৰণৰ প্ৰণালী আটাইবোৰ বিদেশী নাগৰিকৰ আগ্ৰাসনৰ ধামখুমীয়াত পৰি দিশহাৰা হোৱাৰ উপক্ৰম হোৱাত ৰাজ্যখনৰ বিভিন্ন ঠাইত সংঘৰ্ষ আৰু অশান্তিৰ বাতাৱৰণ সৃষ্টি হৈছে। ঠায়ে ঠায়ে উগ্ৰপন্থী চিন্তাধাৰাৰো পোখা মেলিছে।’

ইয়াৰ উপৰি নাগৰিকত্ব আইন সংশোধন কৰি পুনৰ ৰাজ্যখনত বিদেশী নাগৰিকক সংস্থাপন কৰিব বিচাৰিলে পৰিস্থিতি অধিক ভয়াবহ আৰু নিয়ন্ত্ৰণহীন হৈ পৰিব বুলি উল্লেখ কৰি স্মাৰকপত্ৰৰ জৰিয়তে অসম যুৱ পৰিষদে দেশ, জাতি, মাটি আৰু ভেটিৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।

Recent News

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

AJP

বিজেপি এতিয়া দুৰ্নীতি আৰু ছিণ্ডিকেটৰ পক্ষত সহনশীল দল: এজেপি

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd