• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নামঘৰেও ৰেহাই নাপালে কেলেংকাৰিৰ পৰা : চি আই ডিৰ দলে ধৰা পেলাইছে আঠখেলীয়া নামঘৰৰ বৃহৎ বিত্তীয় অনিয়ম

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
April 11, 2018 10:57 am
Athkhelia_Bor_Namghar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্নীতিক সততে ৰাজৈনতিক দলৰ লগত সম্পৰ্কিত কৰিব বিচৰা হয় যদিও, আচলতে দুৰ্নীতি আমাৰ মানুহৰ তেজতে যে আছে তাৰ প্ৰমাণ মাজে মাজে আমি পাই থাকো। পাৰ্থক্য মাথো এটাই, ৰাজনীতিত থকাসকলৰ ওচৰত দুৰ্নীতি কৰাৰ সুযোগ বেছি, দুৰ্নীতিৰ আকাৰ বেছি। সুযোগ পালেই আন সকলো যে দুৰ্নীতিৰ কৰাৰ পৰা আঁতৰি থকা ভকত নহয়, তাৰ প্ৰমাণ আমি গাৱেঁ-ভূঞে বা আমাৰ চৌপাশে ঘটি থকা সৰু সৰু ঘটনাবোৰৰ পৰা পায়ে থাকো।

জব কাৰ্ডৰ শ্ৰমিকজনৰ পৰা গাওঁবুঢ়া, ৱাৰ্ড মেম্বাৰ, শিক্ষক, অধ্যাপক, অধ্যক্ষ কোনে আজি নিজকে দুৰ্নীতিৰে ধন ঘটাৰ পৰা আঁতৰাই ৰাখিব পাৰিছে। কিন্তু নামঘৰৰ দৰে ধৰ্মীয় অনুষ্ঠানেও যে দুৰ্নীতিৰ দৌৰত অংশ গ্ৰহণ কৰি চি আই ডিৰ তদন্তৰ আওতালৈ আহিব, সেইটো হয়তো বিশ্বাস কৰিবলৈ অলপ টান লাগে।

Apply Now

কিন্তু কথাটো অবিশ্বাস্য হ’লেও সঁচা। বিগত বহু দিনৰ পৰা সমগ্ৰ ৰাজ্যতে বৈষ্ণৱ ধৰ্মপ্ৰাণ ৰাইজৰ মাজত বিশেষ শ্ৰদ্ধা-ভক্তিৰ স্থল গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰত হোৱা কোটিটকীয়া নিৰ্মাণ কেলেংকাৰিয়ে শিৰোনাম দখল কৰি আহিছিল।

এতিয়া এই কেলেংকাৰিৰ তদন্তৰ দায়িত্ব ৰাজ্যিক অপৰাধ অনুসন্ধান সংস্থা, অৰ্থাৎ চি আই ডিৰ হাতত আছে। তদন্ত প্ৰক্ৰিয়াৰ অংশস্বৰূপে চি আই ডিৰ দলে ইতিপূৰ্বে এবাৰ নামঘৰটো ভ্ৰমণ কৰিছিল। তদন্তকাৰী সংস্থাটোৰ এটা দল কালি ১০ মাৰ্চতো ঐতিহ্যমণ্ডিত নামঘৰটোত উপস্থিত হয়। তদন্তকাৰী বিষয়া এ কে সিং আৰু শিৱ মৰাঙৰ নেতৃত্বত অহা দলটোৱে আঠখেলীয়া নামঘৰত উপস্থিত হৈ নিৰ্মাণমূলক কাম-কাজৰ ক্ষেত্ৰভিত্তিক অনুসন্ধান কৰে। দলটোৱে এই সন্দৰ্ভত কেলেংকাৰিটোৰ গোচৰীয়া পক্ষ নৰেন বৰা, হৰেন বৰাৰ জবানবন্দী লিপিবদ্ধ কৰে।

উল্লেখযোগ্য যে বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত গোলাঘাট সমষ্টিৰ বিধায়িকা তথা মন্ত্ৰী অজন্তা নেওগে নামঘৰটোৰ নিৰ্মাণকাৰ্য্যৰ বাবে প্ৰায় ২ কোটি টকাৰ অনুদান দিছিল। কিন্তু নামঘৰৰ পূৰ্বৰ নিৰ্মাণ সমিতিখনে এই নিৰ্মাণমূলক পুঁজিৰ ব্যাপক অপব্যৱহাৰ কৰা তথা পুঁজিৰ বৃহৎ অংশ এটা হস্তগত কৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি আহিছিল।

নিৰ্মাণ সমিতিৰ সভাপতি তথা সেই সময়ৰ গোলাঘাট পৌৰসভাৰ পৌৰপতি ডাঃ অজিত বৰুৱাৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছিল। লগতে তেতিয়াৰ গোলাঘাট জিলাৰ উপায়ুক্ত নবাব মামুদ হুছেইনৰ নামো সাঙোৰ খাইছিল। স্থানীয় ৰাইজে অভিযোগ কৰামতে, আঠখেলীয়া নামঘৰৰ পুনৰ নিৰ্মাণমূলক কাম-কাজৰ মুঠ ২.০২ কোটি টকাৰ সৰহভাগেই হস্তগত কৰে অভিযুক্তসকলে।

আনহাতে এই নিৰ্মাণ কাৰ্য্যৰ কেলেংকাৰি সন্দৰ্ভত ঘিলাধাৰী আৰক্ষী থানাত চাৰিটাকৈ গোচৰ ৰুজু হৈছিল। কিন্তু এই গোচৰৰ ভিত্তিত হোৱা অসম আৰক্ষীৰ তদন্তই বিশেষ অগ্ৰগতি লাভ নকৰাত আদালতে আৰক্ষীৰ বাহিৰে আন সংস্থাৰ দ্বাৰা উপযুক্ত তদন্তৰ নিৰ্দেশ দিয়ে। এই ৰায়ৰ পিছতে আঠখেলীয়া নামঘৰৰ কোটিটকীয়া নিৰ্মাণ কেলেংকাৰিৰ তদন্তৰ দায়িত্ব চি আই ডিয়ে গ্ৰহণ কৰে।

১০ এপ্ৰিলৰ অনুসন্ধানৰ সময়ত চি আই ডিৰ দলটোৱে বহুতো বিত্তীয় অনিয়ম ধৰা পেলোৱা বুলি জানিবলৈ দিছে। সাংস্কৃতিক ভৱন, সামূহিক ভৱনকে ধৰি একাধিক ভৱন নিৰ্মাণ সম্পূৰ্ণ কৰা বুলি আৰু সেইবোৰৰ বাবত বৃহৎ পৰিমাণৰ টকা উলিয়াই নিয়া দেখুওৱা হৈছে যদিও তদন্তত যোৱা দলটোৱে এইবোৰ ভৱনৰ অস্তিত্ব বিচাৰি নাপালে বুলি জানিবলৈ দিছে। আনহাতে স্থানীয় ৰাইজেও জানিবলৈ দিয়ে যে কেৱল মূল ভৱনৰ কিছু অংশ পুনৰ নিৰ্মাণ আৰু চাৰিওফালৰ ৱাল দিয়াৰ বাদে বিশেষ একো কাম নাই হোৱা। মন কৰিব লগীয়া যে চি আই ডিৰ দলে পূৰ্বেও একেটা কাৰণতে নামঘৰটো ভ্ৰমণ কৰিছিল। এইবাৰ দ্বিতীয় বাৰৰ বাবে চি আই ডিৰ দল নামঘৰটোত উপস্থিত হৈছিল।

উল্লেখযোগ্য যে যোৱা বছৰ আঠখেলীয়া নামঘৰৰ দুটা ফৈদৰ মাজত, বিশেষকৈ নিৰ্মাণ সমিতিৰ বিষয়ববীয়া আৰু স্থানীয় একাংশ ৰাইজৰ মাজত এই লৈ বাদ-বিবাদ হোৱাৰ লগতে মাৰপিটৰ ঘটনাও হৈছিল। কাজিয়াই এনে ৰূপ পাইছিল যে দাৰ আঘাতত পূৰ্বৰ সমিতিৰ সম্পাদকজনৰ হাতৰ আঙুলিও কটা গৈছিল। তাৰ পিছতে নতুন নিৰ্মাণ সমিতি গঠন কৰা হৈছিল।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd