• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নামতহে বিনামূলীয়া প্ৰধান মন্ত্ৰীৰ উজ্বলা যোজনাৰ ৰন্ধন গেছ : দুৰ্নীতি বিৰোধী যুৱ শক্তিয়ে উদঙালে ৰহস্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 26, 2018 8:17 pm
দুৰ্নীতি বিৰোধী
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ছ’চিয়েল মিডিয়াৰ জৰিয়তে বহুসংখ্যকে প্ৰচাৰ কৰি আছে যে প্ৰধান মন্ত্ৰীৰ উজ্বলা বিনামূলীয়া ইন্ধন যোজনা। কিন্তু ই কোনোপধ্যেই বিনামূলীয়া নহয়,‘-এই মন্তৱ্য কৰিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে।

উল্লেখ্য যে, ভাৰতৰ সকলো ৰাজ্যতে তথা ছ’চিয়েল মাধ্যমৰ জৰিয়তে প্ৰধান মন্ত্ৰীৰ উজ্বলা আঁচনিখন সম্পূৰ্ণ বিনামূলীয়া বুলি প্ৰচাৰ চলাই থকাৰ সময়তে দুৰ্নীতি বিৰোধী যুৱ পৰিষদৰ সভাপতি ধৰ্মকান্ত গগৈয়ে এই আঁচনিখন কোনোপধ্যে বিনামূলীয়া নহয় বুলি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলযোগে দাবী কৰে। তেওঁ লগতে এই আঁচনিৰ নামত একাংশই ব্যাপক হাৰত দুৰ্নীতি কৰাৰো গুৰুতৰ অভিযোগ তোলে।

তেওঁ লগতে বিনামূলীয়াৰ সংজ্ঞা আগবঢ়াই কয়, ‘বিনামূলীয়া হৈছে কিবা এটা বস্তুৰ বিনিময়ত তাৰ একো মূল্য নোলোৱা। কিন্তু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৌশলগতভাৱে ব্যক্তিগত কোম্পানীবিলাকৰ দৰে বিক্ৰী কৰা সামগ্ৰীৰ তলত চৰ্তাৱলী প্ৰযোজ্য বুলি লিখাৰ দৰে এই আঁচনিৰ আৰঁতো চৰ্তাৱলী কিছুমান ৰাখিছে।‘

তদুপৰি কেন্দ্ৰীয় চৰকাৰে ২০১৬ চনৰ ১ মে’ৰ পৰা আৰম্ভ কৰা এই আঁচনিৰ অধীনত ২০১৯ চনৰ ভিতৰত ৫ কোটি লোকক বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ দিয়াৰ লক্ষ্য হিচাপে বান্ধি লৈছিল।

আনহাতে, বিশ্বনাথ চাৰিআলিত আজিৰ পৰা ২০ দিন মান আগত অসম চৰকাৰৰ উদ্যোগত কনকলতা মহিলা সবলীকৰণ সভা অনুষ্ঠিত কৰিছিল বুলি ধৰ্মকান্তই জানিবলৈ দি তেওঁ লগতে কয়,  ‘তাত স্বাস্থ্য আৰু বিত্ত বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উজ্বলা আঁচনিৰ অধীনত  বিনামূলীয়া ৰন্ধন গেছ প্ৰদান কৰা বুলি ডিঙিৰ শিৰ ফুলাই ভাষণ দিছিল।‘

উল্লেখ্য যে, এই আঁচনিখন উদ্বোধন কৰাৰ সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰত্যেকগৰাকী হিতাধিকাৰীক কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ১৬০০ টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছিল।

ইয়াৰোপৰি, ২০১১ চনৰ আৰ্থ-সামাজিক লোকপিয়লত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলক ৰন্ধন গেছৰ সুবিধা বিনামূলীয়াকৈ দিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছিল বুলি তেওঁ উক্ত সংবাদমেলত সদৰী কৰে।

তেওঁ লগতে কয় যে বিনামূলীয়াকৈ ৰন্ধন গেছৰ সেৱা আগবঢ়োৱা কথাটো উজ্বলা যোজনাৰ ৱেবচাইটতো উল্লেখ আছে।

আনহাতে, এই আঁচনিৰ অধীনত প্ৰত্যেকগৰাকী হিতাধিকাৰীৰ বাবদ ৩২০০ টকাৰ খৰচ হ’ব, তাৰে ১৬০০ টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰদান কৰিব বুলি তেওঁ পুনৰবাৰ সদৰী কৰি লগতে কয়,   ‘হিতাধিকাৰীসকলে বাকী ধনৰাশি পোনপটীয়াভাৱে দিব নালাগে যদিও প্ৰথম ৬ টা চিলিণ্ডাৰৰ বাবদ পাবলগীয়া ৰেহাই মূল্য তেওঁলোকক দিয়া নহয়। ৬ টা গেছ চিলিণ্ডাৰৰ বাবদ প্ৰত্যেকটোৰ পৰা যদি ৩০০ টকাকৈ কোম্পানীয়ে সংগ্ৰহ কৰে, তেন্তে মুঠ ১৮০০ টকা প্ৰত্যেকগৰাকী হিতাধিকাৰীৰ পৰা সংগ্ৰহ কৰিব পাৰিব।‘

এনেধৰণৰ কৌশল প্ৰয়োগ কৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলে ‘এই আঁচনিখন বিনামূলীয়া বুলি জহাই ফুৰিছে’ বুলিও তেওঁ সংবাদমেলত তাৎপৰ্য্যপূৰ্ণ মন্তৱ্য কৰে।

উল্লেখ্য যে, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ এখন সভাত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ১০০০ টকা এই আঁচনিৰ বাবদ ঘোষণা কৰিছিল বুলি জানিবলৈ দি গগৈয়ে লগতে কয় যে অৰ্থ্যাৎ অসমৰ হিতাধিকাৰীসকলে এই আঁচনিৰ বিনিময়ত লাভ কৰিব সৰ্বমুঠ ২৬০০ টকা।

তদুপৰি, তেওঁ সাংবাদিকক জানিবলৈ দিয়া মতে ‘ইণ্ডিয়ান অইলৰ মুখ্য কাৰ্য্যালয়ৰ জ্যেষ্ঠ প্ৰৱন্ধক অভিনন্দন ডেকাক সাক্ষাৎ কৰাত তেওঁ আমাক জনাই যে ‘এই আঁচনিখন বিনামূলীয়া নহয়, অৰ্থাৎ আঁচনিখনৰ বাবদ দৰিদ্ৰ ৰাইজে ভৰিব লাগিব ধন।‘

উল্লেখ্য যে, ইণ্ডিয়ান অইল বা অন্য সংশ্লিষ্ট কৰ্তৃপক্ষই অসম চৰকাৰে আঁচনিৰ বাবদ দিয়া ১০০০ টকাটো ৰন্ধন গেছৰ চূলাটোৰ বাবদ দিছে বুলি হিতাধিকাৰীসকলৰ মাজত এক ভূৱা প্ৰচাৰ চলাই তেওঁলোকে পাবলগীয়া ৰেহাইসমূহৰ পৰা বঞ্চিত কৰি আছে বুলি গুৰুতৰ অভিযোগ তোলে সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে।

তেওঁ লগতে কয়, ‘ৰাজ্যৰ কোনো-কোনো অঞ্চলত ৰন্ধন গেছৰ সংযোগৰ নামত এজেন্সিৰ এজেন্টসমূহে ২০০০, ১৫০০, ১৮০০, ৮৫০ বা ৮১১ টকাকৈ বিপিএল গ্ৰাহকৰ পৰা ধন সংগ্ৰহ কৰিছে। কিন্তু এই আঁচনিৰ অধীনত সংযোগ কৰাৰ বাবদ  অতিৰিক্ত ধন সংগ্ৰহ কৰিব নোৱাৰিব অথবা সম্পূৰ্ণ বিনামূলীয়া বুলি চৰকাৰী ৱেবচাইটত স্পষ্টকৈ উল্লেখ আছে।‘

তাৎপৰ্য্যপূৰ্ণভাৱে, গেছ এজেন্সিবিলাকে দৰিদ্ৰ-অশিক্ষিত লোকসকলৰ অজ্ঞতাৰ সুযোগ লৈ মুনাফা আদায় কৰিছে বুলি গুৰুতৰ অভিযোগ আনে। তেওঁ কৰা অভিযোগ অনুসৰি ‘তেওঁলোকে প্ৰত্যেক গাঁৱতে কিছুমান এজেন্ট দিছে আৰু তেওঁলোকে গাঁৱৰ ৰাইজৰ পৰা প-পত্ৰ পূৰণৰ নামত ৫০০ টকাকৈ লৈছে। লখিমপুৰ, বিশ্বনাথ চাৰিআলি, ধেমাজি, শিৱসাগৰ, তিনিচুকীয়াৰ লগতে বিশেষকৈ উজনি অসমৰ প্ৰতিখন জিলাতে এনেধৰণৰ ধন সংগ্ৰহৰ ঘটনা সংঘটিত হৈ আছে।‘

তেওঁৰ মতে ‘প্ৰধানমন্ত্ৰীয়ে ৰন্ধন গেছৰ সংযোগৰ নামত এটকাও নল’বলৈ কোৱাৰ বিপৰীতে কিছুসংখ্যকে অবৈধভাৱে সংগ্ৰহ কৰি আছে।‘

আনহাতে, ‘ঝাৰখণ্ডৰ চৰকাৰে উজ্বলা যোজনাৰ অধীনত ৰন্ধন গেছৰ সংযোগ সম্পূৰ্ণ বিনামূলীয়াকৈ যোগান ধৰা বুলি সদৰী কৰি তেওঁ অসমৰ মুখ্য মন্ত্ৰীক অনুৰোধ জনাই কয়,  ‘যিহেতু ৰাইজৰ সুবিধাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ১৬০০ টকাৰ লগত ৰাজ্য চৰকাৰে ১০০০ টকা যোগ দিছে। গতিকে দুৰ্নীতি বিৰোধী যুৱ শক্তিয়ে আশা কৰিছো যাতে আৰু ৬০০ টকা যদি ধৰি দিয়ে তেন্তে আপোনালোকৰ আঁচনিখন সঁচাকৈয়ে বিনামূলীয়া হৈ পৰিব।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm
পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

September 17, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd