‘ছ’চিয়েল মিডিয়াৰ জৰিয়তে বহুসংখ্যকে প্ৰচাৰ কৰি আছে যে প্ৰধান মন্ত্ৰীৰ উজ্বলা বিনামূলীয়া ইন্ধন যোজনা। কিন্তু ই কোনোপধ্যেই বিনামূলীয়া নহয়,‘-এই মন্তৱ্য কৰিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে।
উল্লেখ্য যে, ভাৰতৰ সকলো ৰাজ্যতে তথা ছ’চিয়েল মাধ্যমৰ জৰিয়তে প্ৰধান মন্ত্ৰীৰ উজ্বলা আঁচনিখন সম্পূৰ্ণ বিনামূলীয়া বুলি প্ৰচাৰ চলাই থকাৰ সময়তে দুৰ্নীতি বিৰোধী যুৱ পৰিষদৰ সভাপতি ধৰ্মকান্ত গগৈয়ে এই আঁচনিখন কোনোপধ্যে বিনামূলীয়া নহয় বুলি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলযোগে দাবী কৰে। তেওঁ লগতে এই আঁচনিৰ নামত একাংশই ব্যাপক হাৰত দুৰ্নীতি কৰাৰো গুৰুতৰ অভিযোগ তোলে।
তেওঁ লগতে বিনামূলীয়াৰ সংজ্ঞা আগবঢ়াই কয়, ‘বিনামূলীয়া হৈছে কিবা এটা বস্তুৰ বিনিময়ত তাৰ একো মূল্য নোলোৱা। কিন্তু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৌশলগতভাৱে ব্যক্তিগত কোম্পানীবিলাকৰ দৰে বিক্ৰী কৰা সামগ্ৰীৰ তলত চৰ্তাৱলী প্ৰযোজ্য বুলি লিখাৰ দৰে এই আঁচনিৰ আৰঁতো চৰ্তাৱলী কিছুমান ৰাখিছে।‘
তদুপৰি কেন্দ্ৰীয় চৰকাৰে ২০১৬ চনৰ ১ মে’ৰ পৰা আৰম্ভ কৰা এই আঁচনিৰ অধীনত ২০১৯ চনৰ ভিতৰত ৫ কোটি লোকক বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ দিয়াৰ লক্ষ্য হিচাপে বান্ধি লৈছিল।
আনহাতে, বিশ্বনাথ চাৰিআলিত আজিৰ পৰা ২০ দিন মান আগত অসম চৰকাৰৰ উদ্যোগত কনকলতা মহিলা সবলীকৰণ সভা অনুষ্ঠিত কৰিছিল বুলি ধৰ্মকান্তই জানিবলৈ দি তেওঁ লগতে কয়, ‘তাত স্বাস্থ্য আৰু বিত্ত বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উজ্বলা আঁচনিৰ অধীনত বিনামূলীয়া ৰন্ধন গেছ প্ৰদান কৰা বুলি ডিঙিৰ শিৰ ফুলাই ভাষণ দিছিল।‘
উল্লেখ্য যে, এই আঁচনিখন উদ্বোধন কৰাৰ সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰত্যেকগৰাকী হিতাধিকাৰীক কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ১৬০০ টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছিল।
ইয়াৰোপৰি, ২০১১ চনৰ আৰ্থ-সামাজিক লোকপিয়লত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলক ৰন্ধন গেছৰ সুবিধা বিনামূলীয়াকৈ দিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছিল বুলি তেওঁ উক্ত সংবাদমেলত সদৰী কৰে।
তেওঁ লগতে কয় যে বিনামূলীয়াকৈ ৰন্ধন গেছৰ সেৱা আগবঢ়োৱা কথাটো উজ্বলা যোজনাৰ ৱেবচাইটতো উল্লেখ আছে।
আনহাতে, এই আঁচনিৰ অধীনত প্ৰত্যেকগৰাকী হিতাধিকাৰীৰ বাবদ ৩২০০ টকাৰ খৰচ হ’ব, তাৰে ১৬০০ টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰদান কৰিব বুলি তেওঁ পুনৰবাৰ সদৰী কৰি লগতে কয়, ‘হিতাধিকাৰীসকলে বাকী ধনৰাশি পোনপটীয়াভাৱে দিব নালাগে যদিও প্ৰথম ৬ টা চিলিণ্ডাৰৰ বাবদ পাবলগীয়া ৰেহাই মূল্য তেওঁলোকক দিয়া নহয়। ৬ টা গেছ চিলিণ্ডাৰৰ বাবদ প্ৰত্যেকটোৰ পৰা যদি ৩০০ টকাকৈ কোম্পানীয়ে সংগ্ৰহ কৰে, তেন্তে মুঠ ১৮০০ টকা প্ৰত্যেকগৰাকী হিতাধিকাৰীৰ পৰা সংগ্ৰহ কৰিব পাৰিব।‘
এনেধৰণৰ কৌশল প্ৰয়োগ কৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলে ‘এই আঁচনিখন বিনামূলীয়া বুলি জহাই ফুৰিছে’ বুলিও তেওঁ সংবাদমেলত তাৎপৰ্য্যপূৰ্ণ মন্তৱ্য কৰে।
উল্লেখ্য যে, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ এখন সভাত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ১০০০ টকা এই আঁচনিৰ বাবদ ঘোষণা কৰিছিল বুলি জানিবলৈ দি গগৈয়ে লগতে কয় যে অৰ্থ্যাৎ অসমৰ হিতাধিকাৰীসকলে এই আঁচনিৰ বিনিময়ত লাভ কৰিব সৰ্বমুঠ ২৬০০ টকা।
তদুপৰি, তেওঁ সাংবাদিকক জানিবলৈ দিয়া মতে ‘ইণ্ডিয়ান অইলৰ মুখ্য কাৰ্য্যালয়ৰ জ্যেষ্ঠ প্ৰৱন্ধক অভিনন্দন ডেকাক সাক্ষাৎ কৰাত তেওঁ আমাক জনাই যে ‘এই আঁচনিখন বিনামূলীয়া নহয়, অৰ্থাৎ আঁচনিখনৰ বাবদ দৰিদ্ৰ ৰাইজে ভৰিব লাগিব ধন।‘
উল্লেখ্য যে, ইণ্ডিয়ান অইল বা অন্য সংশ্লিষ্ট কৰ্তৃপক্ষই অসম চৰকাৰে আঁচনিৰ বাবদ দিয়া ১০০০ টকাটো ৰন্ধন গেছৰ চূলাটোৰ বাবদ দিছে বুলি হিতাধিকাৰীসকলৰ মাজত এক ভূৱা প্ৰচাৰ চলাই তেওঁলোকে পাবলগীয়া ৰেহাইসমূহৰ পৰা বঞ্চিত কৰি আছে বুলি গুৰুতৰ অভিযোগ তোলে সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে।
তেওঁ লগতে কয়, ‘ৰাজ্যৰ কোনো-কোনো অঞ্চলত ৰন্ধন গেছৰ সংযোগৰ নামত এজেন্সিৰ এজেন্টসমূহে ২০০০, ১৫০০, ১৮০০, ৮৫০ বা ৮১১ টকাকৈ বিপিএল গ্ৰাহকৰ পৰা ধন সংগ্ৰহ কৰিছে। কিন্তু এই আঁচনিৰ অধীনত সংযোগ কৰাৰ বাবদ অতিৰিক্ত ধন সংগ্ৰহ কৰিব নোৱাৰিব অথবা সম্পূৰ্ণ বিনামূলীয়া বুলি চৰকাৰী ৱেবচাইটত স্পষ্টকৈ উল্লেখ আছে।‘
তাৎপৰ্য্যপূৰ্ণভাৱে, গেছ এজেন্সিবিলাকে দৰিদ্ৰ-অশিক্ষিত লোকসকলৰ অজ্ঞতাৰ সুযোগ লৈ মুনাফা আদায় কৰিছে বুলি গুৰুতৰ অভিযোগ আনে। তেওঁ কৰা অভিযোগ অনুসৰি ‘তেওঁলোকে প্ৰত্যেক গাঁৱতে কিছুমান এজেন্ট দিছে আৰু তেওঁলোকে গাঁৱৰ ৰাইজৰ পৰা প-পত্ৰ পূৰণৰ নামত ৫০০ টকাকৈ লৈছে। লখিমপুৰ, বিশ্বনাথ চাৰিআলি, ধেমাজি, শিৱসাগৰ, তিনিচুকীয়াৰ লগতে বিশেষকৈ উজনি অসমৰ প্ৰতিখন জিলাতে এনেধৰণৰ ধন সংগ্ৰহৰ ঘটনা সংঘটিত হৈ আছে।‘
তেওঁৰ মতে ‘প্ৰধানমন্ত্ৰীয়ে ৰন্ধন গেছৰ সংযোগৰ নামত এটকাও নল’বলৈ কোৱাৰ বিপৰীতে কিছুসংখ্যকে অবৈধভাৱে সংগ্ৰহ কৰি আছে।‘
আনহাতে, ‘ঝাৰখণ্ডৰ চৰকাৰে উজ্বলা যোজনাৰ অধীনত ৰন্ধন গেছৰ সংযোগ সম্পূৰ্ণ বিনামূলীয়াকৈ যোগান ধৰা বুলি সদৰী কৰি তেওঁ অসমৰ মুখ্য মন্ত্ৰীক অনুৰোধ জনাই কয়, ‘যিহেতু ৰাইজৰ সুবিধাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ১৬০০ টকাৰ লগত ৰাজ্য চৰকাৰে ১০০০ টকা যোগ দিছে। গতিকে দুৰ্নীতি বিৰোধী যুৱ শক্তিয়ে আশা কৰিছো যাতে আৰু ৬০০ টকা যদি ধৰি দিয়ে তেন্তে আপোনালোকৰ আঁচনিখন সঁচাকৈয়ে বিনামূলীয়া হৈ পৰিব।‘