• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

নামদফাৰ পখিলা মেলাৰ আজি সামৰণি পৰিব

এন ই নাও নিউজ by এন ই নাও নিউজ
April 30, 2018 9:45 am
Red Lacewing
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচলৰ নামদফা উদ্যান কৰ্তৃপক্ষই ছচাইটি ফৰ এডুকেশ্যন এণ্ড এনভাইৰনমেন্টেল ডেভেলপমেন্ট আৰু মিয়াও এক্সপ্ল’ৰাৰ্ছ তথা দফা ভেলী ট্যুৰছ এণ্ড ট্ৰেভেলছৰ সহযোগত  ২৭ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈকে আয়োজন কৰা পখিলা মেলাৰ আজি সামৰণি পৰিব।

‘’আপুনি সিহঁতক ধৰিব নোৱাৰে, কিন্তু আপুনি সিহঁতক বন্দী কৰিব পাৰে’’ শীৰ্ষক টেগ্ লাইনেৰে প্ৰথমবাৰৰ বাবে উদ্যান কৰ্তৃপক্ষই আয়োজন কৰা পখিলা মেলাত বিভিন্ন অংশগ্ৰহণকাৰীসকলে বিৰল প্ৰজাতিৰ পখিলাৰ ফটো গ্ৰহণ কৰাৰ লগতে নামদফাৰ জৈৱ-বৈচিত্ৰ্যসমূহো পৰিদৰ্শন কৰাৰ সুযোগ পাইছে।

Apply Now

0719_EnteringNamdaphaNationalPark_thumb

নামদফা ৰাষ্ট্ৰীয় উদ্যানখন অৰুণাচল প্ৰদেশৰ ম্যানমাৰ আন্ত:ৰাষ্ট্ৰীয় সীমান্তৰ ওচৰৰ চাংলাং জিলাত অৱস্থিত। এই উদ্যানখন প্ৰায় ১,৯৮৫ কিলোমিটাৰ অঞ্চল জুৰি বিস্তৃত।

এই মেলাৰ মুখ্য আয়োজক মিনম পাৰ্টিনে কয় যে বহুতেই এই কথা নাজানে যে নামদফা হৈছে ভাৰতৰ তৃতীয় সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান।

‘’নামদফা পখিলা মেলা ২০১৮’ৰ উদ্দেশ্য হৈছে পূব হিমালয়ৰ উপকণ্ঠৰ অঞ্চলত অৱস্থিত এই সুন্দৰ স্থানক জনপ্ৰিয় কৰি তোলাৰ লগতে ইয়াৰ চহকী জৈৱ-বৈচিত্ৰ্য বিশ্বৰ আগত তুলি ধৰা আৰু এই সংৰক্ষিত জৈৱ-বৈচিত্ৰ্যৰে ভৰা অঞ্চলত থকা নতুন প্ৰজাতিৰ পখিলা আৱিস্কাৰ কৰা,’’-পাৰ্টিনে কয়।

চাৰিদিনীয়া এই উৎসৱ আনুষ্ঠানিকভাৱে মুকলি কৰি মিয়াওৰ অতিৰিক্ত উপায়ুক্ত টাগে ৰুমীয়ে জৈৱ-বৈচিত্ৰ্যৰ প্ৰচাৰৰ লগতে ভাৰতৰ একেবাৰে পূৰ্ব দিশত অৱস্থিত এই মনোমোহা ঠাইখনক জনপ্ৰিয় কৰি তোলাৰ বাবে আয়োজক সকলে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে।

Namdapha-Butterfly-Meet-underway

উত্তৰাখণ্ডস্থিত পখিলা গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক পিটাৰ ষ্টেমকে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা ৫৫ গৰাকী উৎসাহী অংশগ্ৰহণকাৰীৰ আগত পখিলাৰ সন্ধানৰ বিষয়ে মনোগ্ৰাহী ভাষণ আগবঢ়ায়।

‘’আপোনালোকে ভাৰতৰ আটাইতকৈ বেছি জৈৱ-বৈচিত্ৰ্যৰে ভৰা অঞ্চলটোলৈ আহিছে য’ত নতুন প্ৰজাতিৰ পখিলা আৱিস্কাৰৰ এক পূৰ্ণ সম্ভাৱনা আছে,’’-তেওঁ অংশগ্ৰহণকাৰীসকলক কয়।

আয়োজক সকলে আশা কৰিছে যে অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ কেমেৰাৰে কিছুমান বিৰল প্ৰজাতিৰ পখিলাৰ ফটো তুলিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে জৈৱ বৈচিত্ৰ্যৰ বিৰল স্থান হিচাপে বিশ্বত পৰিচিত নামদফা উদ্যানখন চাৰিও প্ৰকাৰৰ বাঘৰ আৱাস ভূমি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd