• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নামনি সোৱণশিৰি বৃ্হৎ বান্ধৰ বৃ্হস্পতিবাৰে শুনানি : সেউজ ন্যায়াধিকৰণে পৰীক্ষা কৰিব কেন্দ্ৰীয় চৰকাৰৰ বিশেষজ্ঞ সমিতিৰ বৈধতা

NE NOW NEWS ৰাজীব ৰয়
নতুন দিল্লী , February 13, 2018 9:19 pm

2 min read

SUBANSIRI_DAM_

নামনি সোৱণশিৰি বান্ধ

81
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে অহা বৃ্হস্পতিবাৰে নতুন দিল্লীত ২০০০ মেগাৱাট নামনি সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পৰ শুনানি গ্ৰহণ কৰিব। ন্যায়াধিকৰণে বান্ধটো সন্দৰ্ভত কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ে গঠন কৰা বিশেষজ্ঞ সমিতিখনৰ বৈধতা সম্পৰ্কেও বিচাৰ কৰিব।

যোৱা সপ্তাহত ক’লকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱা সেউজ ন্যায়াধিকৰণৰ ন্যায়াধীশ ডঃ জাৱাদ ৰহিম আৰু ডঃ নাগিন নন্দাই এই শুনানি গ্ৰহণ কৰিব।

তাৎপৰ্য্যপূৰ্ণভাৱে বৃ্হস্পতিবাৰে গুৱাহাটীত বিশেষজ্ঞ সমিতিৰ পৰৱৰ্তী বৈঠক আহ্বান কৰি কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ে যোৱা মাহত এক নিৰ্দেশ জাৰি কৰিছিল।

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে এই গোচৰটোৰ আবেদনকাৰী হ’ল আছাম পাব্লিক ৱৰ্কচ।

যোৱা সোমবাৰে এই সন্দৰ্ভত গুচৰীয়াৰ বক্তব্য শুনাৰ পিছত ন্যায়াধীশ ৰহিমে মত প্ৰকাশ কৰিছিল যে যিহেতু বিশেষজ্ঞ সমিতিখনৰ গঠনকে প্ৰত্যাহ্বান জনোৱা হৈছে, গতিকে উক্ত সমিতিখনে নিজৰ কাম কাজ অব্যাহত ৰখাটো উচিত নহ’ব আৰু সেয়ে সমিতিৰ আহ্বায়িত বৈঠক খন স্থগিত ৰাখিবলৈ নিৰ্দেশ দিয়ে।

এ’ পি ডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই কয়, ‘পৰৱৰ্তী শুনানিত এই সমিতিখন গঠন কৰাৰ যুক্তিযুক্ততা লিখিতভাৱে দাখিল কৰিবলৈ কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ক  ন্যায়াধীশ ৰহিমে নিৰ্দেশ দিয়ে।’

এই তিনিজনীয়া বিশেষজ্ঞ সমিতিখনৰ সদস্যসকল হ’ল ডঃ প্ৰভাস পাণ্ডে, ডঃ আই দি গুপ্তা আৰু পি এম স্কট। সেউজ ন্যায়াধিকৰণে যোৱা বছৰ অক্টোবৰত দিয়া এক ৰায়ৰ আধাৰত ১৮ জানুৱাৰিত এ’ পি ডব্লিউৱে এই তিনিজনীয়া সমিতিখনৰ গঠনক প্ৰত্যাহ্বান জনাইছিল।

Recent News

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

Electronic Voting Ma

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰশিক্ষণ কাৰ্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd