• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিশু সৰবৰাহ সম্পৰ্কত সজাগতা সৃষ্টিৰ লক্ষ্যৰে নিদান ফাউণ্ডেইশ্যনৰ ‘কাৰাভেন’ৰ অভিযান

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
February 4, 2018 9:49 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিশু সৰবৰাহ সম্পৰ্কত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে কোকৰাঝাৰস্থিত এটা বেচৰকাৰী সংস্থা নিদান ফাউণ্ডেইশ্যনে ‘কাৰাভেন’ৰ অভিযানৰ ব্যৱস্থা কৰিছে, যিটো কোকৰাঝাৰ জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰৰ পৰা আজি আৰম্ভ হয়।

‘শিশু সৰবৰাহৰ বাবে নিৰুদ্দেশিত শিশু’ (Missing Children linked to Child Trafficking) আঁচনিখন কোকৰাঝাৰৰ উপায়ুক্ত নিৰঞ্জন বৰুৱাই শুভাৰম্ভ কৰে। উদ্বোধনী অনুষ্ঠানটোত উপায়ুক্তৰ উপৰি পশ্চিম অসমৰ বিভিন্ন যুৱ সংগঠন, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ভালে সংখ্যক সমাজ সচেতন ব্যক্তি উপস্থিত আছিল।

Apply Now

নিদানৰ এটা সূত্ৰই জানিবলৈ দিয়া মতে বেচৰকাৰী সংস্থাটোৰ নেতৃত্বত এই কাৰাভেনে কোকৰাঝাৰ, চিৰা্ং, বাকসা আৰু ওদালগুৰিৰ ভিতৰুৱা ঠাইবোৰক সামৰি ল’ব। এই অভিযানটো ৪ ফেব্ৰুৱাৰিৰ পৰা ৭ ফেব্ৰুৱাৰিলৈকে চলিব। ইয়াৰ সামৰণি অনুষ্ঠানটো ওদালগুৰিৰ জিলা আদালত খেলপথাৰত অনুষ্ঠিত কৰা হ’ব বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।

নিদানৰ অধ্যক্ষ দিগম্বৰ বসুমতাৰীয়ে নিজৰ বক্তব্যত কয় যে ৰাষ্ট্ৰসংঘৰ শেহতীয়া সমীক্ষামতে অসম ভাৰতৰ ভিতৰতে দ্বিতীয় সৰ্বোচ্চ শিশু সৰবৰাহ হোৱা ঠাই। তেওঁ লগতে কয় যে কোকৰাঝাৰ, বাকচা, ওদালগুৰি, চিৰাং জিলাৰ লগতে শোণিতপুৰ, ধেমাজি, লখিমপুৰ আৰু কামৰূপ জিলা হ’ল শিশু সৰবৰাহৰ বাবে আটাইতকৈ উন্মুক্ত হৈ থকা ঠাই। ‘শিশুৰ ওপৰত হোৱা শোষণ, শিশুক সৰবৰাহ সম্পৰ্কত জনতাৰ মাজত সজাগতা সৃষ্টিয়েই আমাৰ লক্ষ্য।’ তেওঁ কয়। প্ৰতিবছৰে অসংখ্য শিশু নিৰুদ্দেশ হয় বুলিও তেওঁ মন্তব্য কৰে।

তেওঁ এই নিৰুদ্দেশিত শিশুৰ বৃহৎ সংখ্যাৰ কাৰণ হিচাপে পৰিয়ালৰ সদস্যৰ দ্বাৰা অপহৰণ, পৰিয়ালৰ বাহিৰ বা অচিনাকি লোকৰ দ্বাৰা অপহৰণ, ঘৰৰ পৰা নিজে পলাই যোৱা বা ঘৰুৱা পৰিস্থিতিয়ে পলাই যাবলৈ বাধ্য কৰোৱা ইত্যাদিবোৰক চিহ্নিত কৰে। এইবোৰে একোটা একোটা সামাজিক সমস্যাক প্ৰতিফলিত কৰিছে। এই শিশুবোৰৰ বেছিভাগেই শাৰীৰিক বা যৌনভাৱে নিৰ্যাতিত হয় আৰু এইবোৰ ঘটনা বেছিভাগেই আৰক্ষীৰ দৃষ্টিগোচৰ কৰা নহয়।

উল্লেখযোগ্য যে অসম চৰকাৰৰ শিশুৰ অধিকাৰ সুৰক্ষা আয়োগে অলপতে প্ৰকাশ কৰা এটা তথ্যমতে ২০১২ চনৰ পৰা ২০১৪ চনৰ অক্টোবৰলৈকে ৰাজ্যত মুঠ ৪৭৫৪ শিশু নিৰুদ্দেশ হৈছে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm
পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd