• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিশা বিয়াৰ অনুষ্ঠানত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সুৰামত্ত ছাত্ৰৰ তাণ্ডৱ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 21, 2018 4:33 pm

2 min read

অভিযান্ত্ৰিক
144
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কেইজনমান সুৰামত্ত ছাত্ৰই জালুকবাৰীৰ এখন বিবাহানুষ্ঠানত প্ৰৱেশ কৰি তাণ্ডৱ চলোৱাৰ লগতে বিবাহানুষ্ঠানটোত উপস্থিত লোকক প্ৰহাৰ কৰাৰ লগতে দৰাকো প্ৰহাৰ কৰাৰ দৰে লজ্জাজনক ঘটনা ঘটাইছে।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে মঙলবাৰে শেষ নিশা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰায় ৩০০ তকৈ অধিক ছাত্ৰই প্ৰৱেশ কৰে আৰু তাৰ পিছত বিবাহানুষ্ঠানত উদ্ভণ্ডালিৰে তাণ্ডৱ চলোৱাৰ লগতে বিবাহনুষ্ঠানটোত উপস্থিত থকা লোক সকলক প্ৰহাৰ কৰে।

জানিব পৰামতে সুৰামত্ত যুৱককেইজনে প্ৰথমে বিবাহানুষ্ঠানত উপস্থিত যুৱতীক দুৰ্ব্যৱহাৰ কৰে আৰু বিবাহস্থলীত দৰাক প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে। যুৱক কেইজনে হাতে হাতে হকী ষ্টিক আৰু বিয়েৰ বটলৰ ভগা অংশ লৈ ৰাইজক প্ৰহাৰ কৰে।

এটা সূত্ৰই জানিবলৈ দিয়ে যে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰই নিশা ডাম্পাৰৰ পৰাও চান্দা তোলে। মঙলবাৰে নিশাও ডাম্পাৰৰ পৰা চান্দা সংগ্ৰহ কৰিবলৈ যাওঁতেই ডাম্পাৰ চালকৰ সৈতে ছাত্ৰ কেইজনৰ কোনো কথাত সংঘৰ্ষৰ সৃষ্টি হয়। ফলত ডাম্পাৰ চালকজন বিয়াৰ ঘৰৰ ফালে পলায়ন কৰে। অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ কেইজনে বিয়াৰ ঘৰত আশ্ৰয় লোৱাৰ সন্দেহত বিয়াৰ ঘৰত প্ৰৱেশ কৰি এই উদ্ভণ্ডালি তথা তাণ্ডৱ চলাবলৈ ধৰে।

উল্লেখযোগ্য যে পৰিয়ালৰ লোকে আৰক্ষীক ঘটনাৰ সম্পৰ্কে অৱগত কৰাত অৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ বিপৰীতে সুৰামত্ত ছাত্ৰকেইজনক নিৰাপদে ছাত্ৰ নিৱাসত থৈ আহে।

আনহাতে আৰক্ষী আয়ুক্ত হীৰেন নাথে আইন হাতত তুলি লোৱা ছাত্ৰকেইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰাৰ লগতে আৰক্ষীয়ে ইতিমধ্যে উদ্ভণ্ডালি চলোৱা ছাত্ৰকেইজনক চিনাক্ত কৰিছে বুলিও জানিবলৈ দিয়ে।

তেওঁ লগতে উল্লেখ কৰে যে মহাবিদ্যালয় কৰ্তৃপক্ষও এই ক্ষেত্ৰত জগৰীয়া। নিশা ১.৩০ বজাত কেনেদৰে মহবিদ্যালয়ৰ ছাত্ৰ বাহিৰলৈ ওলাবলৈ সক্ষম হল বুলিও প্ৰশ্ন কৰে।

শেহতীয়াকৈ আৰক্ষী সূত্ৰই জনোৱা মতে উক্ত ঘটনাৰ লগত জড়িত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৮ জন ছাত্ৰক আৰক্ষীয়ে আটক কৰিছে। আটকাধীন ছাত্ৰকেইজনক ক্ৰমে মানস বৈশ্য, মানস শৰ্মা, মৃন্ময় চক্ৰৱৰ্তী, গৌতম মায়ং, হীৰকজ্যোতি নাথ বড়ো, দিগন্ত নাথ, হৰ্ষজিৎ শৰ্মা আৰু শিৱম কৰ্মকাৰ বুলি চিনাক্তকৰণ কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে ছাত্ৰকেইজনক সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

আনহাতে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ অতুল বৰাই কয় যে ‘সমগ্ৰ ঘটনাৰ বাবে গঠন কৰা হৈছে তদন্তকাৰী কমিটি। মহাবিদ্যালয়ৰ ফালৰ পৰা ৫ জনীয়া তদন্তকাৰী কমিটি গঠন কৰা হৈছ। দুদিনৰ ভিতৰত তদন্তকাৰী কমিটিয়ে প্ৰতিবেদন দাখিল কৰিব লাগিব।’

 

 

Recent News

IMG_20210225_150244

নির্বাচনৰ বাবে বুথ পৰ্য্যায়ৰ বিষয়া আৰু চুপাৰভাইজাৰসকলক বোকাখাত মহকুমা প্রশাসনৰ প্রশিক্ষণ

a cylin

জনতাৰ মূৰত ৰামটাঙোন চৰকাৰৰ! ফেব্ৰুৱাৰী মাহতে তৃতীয়বাৰৰ বাবে বৃদ্ধি ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য

Cement-Syndicate-1024x512

নিৰ্বাচনমুখী অসমত অসাধু চিমেন্ট ‘ছিণ্ডিকেট’য়ে বঢ়ালে চিমেন্টৰ মূল্য

bhaba

বাক্সাৰ নাগ্ৰীজুলিত ড্ৰাগছ উদ্ধাৰকলৈ চাঞ্চল্য ,দুজনক আটক কৰি জে’ললৈ প্ৰেৰণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd