DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত উত্তাল মানকাচৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 29, 2018 2:21 pm
ATTACHMENT
116
VIEWS
Share on FacebookShare on Twitter

অলপতে দক্ষিণ শালমাৰা- মানকাচৰ জিলাৰ ৰাইজ-দল-সংগঠনে মানকাচৰ বিদ্যুৎ উপ সংমণ্ডলৰ অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত ১২ ঘণ্টীয়া বন্ধ পালন কৰাৰ পাছত কালি মানকাচৰ চহৰত নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত এটা প্রতিবাদী সমদল উলিওৱা হয়।

প্ৰায় শতাধিক লোকে মানকাচৰ অশোকাষ্টমী মেলা ময়দানৰ পৰা মানকাচৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কার্যালয়লৈ এক প্রতিবাদী সমদল উলিয়ায় ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে৷

উল্লেখযোগ্য যে বিগত কেইটামান মাহ মানকাচৰ চহৰকে ধৰি জিলাখনৰ প্রতিটো অঞ্চলত দিনৰ দুইৰ পৰা চাৰিঘণ্টাহে বিদ্যুৎ যোগান ধৰি আহিছে মানকাচৰ বিদ্যুত বিভাগে৷ এফালে অনিয়মীয়া বিদ্যুৎ যোগান, আনফালে গ্রাহকৰ পৰা অত্যধিক বিল আদায় কৰি অহাৰ উপৰি গ্রাহকক হাৰাশাস্তি কৰি অহা মানকাচৰ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজে প্রতিবাদ সাব্যস্ত কৰা গুৰুত্বপূৰ্ণ৷

প্ৰতিবাদী সমদলটোৱে বিভিন্ন শ্ল’গানেৰে মানকাচৰ চহৰৰ মূল মূল পথসমূহ পৰিভ্রমণ কৰি মানকাচৰ চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে৷ আনহাতে প্রতিবাদী সমদলটো দুপৰীয়া একমান বজাত উপস্থিত হয় মানকাচৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কার্যালয়ত৷ মানকাচৰ বিদ্যুৎ বিভাগৰ কার্যালয়টো প্রতিবাদকাৰীয়ে ঘেৰাও কৰি শ্ল’গানেৰে কার্যালয় চৌহদৰ আকাশ- বতাহ উত্তাল কৰি তোলে৷

প্রতিবাদকাৰীসকলে প্রতিবাদ কৰি থকাৰ সময়তে মানকাচৰ ৰাজহ চক্র বিষয়া আৰু বিদ্যুৎ বিভাগৰ এছডিঅ’ গৰাকীৰ লগতে মানকাচৰ আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হয়৷ পাছত যুৱ নেতা ৰুকুমুজ্জামান আৰু ৰাইজে এখন স্মাৰক-পত্র চক্র বিষয়াগৰাকীৰ জৰিয়তে জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে৷

প্রতিবাদস্থালীত উপস্থিত হোৱা বিদ্যুৎ বিভাগৰ এছডিঅ’ গৰাকীৰ মতে জিলাখনত প্রায় ১২ মেগাৱাট বিদ্যুতৰ প্রয়োজন, কিন্তু তেওঁলোকে মাত্র দুই, তিনি আৰু খুব বেছি চাৰি মেগাৱাট বিদ্যুতহে চৰকাৰৰ পৰা লাভ কৰে৷ ফলত ভল্টেজৰ সমস্যাকে ধৰি বিদ্যুৎ যোগান অনিয়মীয়া হৈ আছে৷ এই ক্ষেত্রত তেওঁ অসম চৰকাৰক জিলাখনত বিদ্যুৎ ব্যৱস্থা নিয়মীয়া কৰাৰ অনুৰোধ জনাব বুলি প্রতিবাদকাৰীসকলক প্ৰত‌িশ্ৰুত‌ি দিয়ে।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd