• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰুদ্দিষ্ট ৰেৱতী ফুকন : অপহৰণৰ সন্দেহ ব্যক্ত কৰিলে ফুকনৰ পুত্ৰই

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2018 7:48 am
Reboti Phukan

নিৰুদ্দিষ্ট হৈ থকা ৰেৱতী ফুকন ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰেৱতী ফুকন নিৰুদ্দিষ্ট হোৱা নাই, তেওঁক অপহৰণ কৰা হৈছে। এই অপহৰণত আলোচনা পন্থী আলফা জড়িত থাকিব পাৰে বুলি সন্দেহ ব্যক্ত কৰিছে আলফা (স্বা:) ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ লগতে ফুকনৰ পৰিয়ালৰ সদস্যই।

এসময়ৰ পি চি জিৰ অন্যতম সদস্য ৰেৱতী ফুকনক অপহৰণ কৰাৰ কথা ব্যক্ত কৰাত গোটেই ঘটনাটোৱে এটা নতুন দিশ উন্মোচন কৰাৰ সম্ভাৱনা দেখা গৈছে। শেহতীয়া এই অভিযোগে বিশিষ্ট ক্ৰীড়াবিদ তথা সমাজ সচেতক ৰেৱতী ফুকনৰ নিখোজ হোৱা ঘটনাত এক নতুন বিতৰ্কৰ সূচনা কৰিলে।

Apply Now

যোৱা ২২ এপ্ৰিলত প্ৰাত:ভ্ৰমণলৈ যোৱাৰ পিছৰে পৰা নিৰুদ্দিষ্ট হৈ আছে ফুকন। বিগত পাঁচদিন ধৰি আৰক্ষীয়ে কোনো শুংশুত্ৰ উলিয়াব নোৱাৰোত ফুকনৰ পৰিয়ালে ৰহস্যৰ গোন্ধ পাইছে।

ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকনে শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত ইয়াক ৰাজনৈতিক অপহৰণ বুলি দাবী কৰিছে। ‘’ দেউতা দুৰ্ঘটনাত পতিত হোৱা হ’লে গম পোৱা গ’লহেঁতেন। নিখোঁজ হ’লেও এই কেইদিনত আৰক্ষীয়ে কিবা ক্লু বিচাৰি পালেহেঁতেন। তেওঁক পৰিকল্পিতভাৱে অপহৰণ কৰা হৈছে,’’- কৌশিক ফুকনে এনেদৰে কয়।

পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আনিবলৈ ফুকনে শেহতীয়াকৈ চলোৱা প্ৰচেষ্টাৰ কথা উল্লেখ কৰি পুত্ৰ কৌশিক ফুকনে সংবাদ মাধ্যমৰ আগত কয় যে প্ৰস্তাৱিত আলোচনা প্ৰক্ৰিয়াৰ খচৰাপ্ৰস্তুত কৰাৰ কামতো নিৰুদ্দিষ্ট ফুকন জড়িত আছিল। পৰেশ বৰুৱা আলোচনাত বহিলে কাৰোবাৰ স্বাৰ্থ বিঘ্নিত হ’ব পাৰে আৰু আলফাৰ নামত চলাই থকা ব্যৱসায়টো বন্ধ হৈ যাব পাৰে ভাবিয়েই সেই শক্তিয়ে দেউতাকক অপহৰণ কৰা বুলি সন্দেহ ব্যক্ত কৰিছে ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকনে।

আনহাতে, আলফা (স্বা:)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই তেওঁৰ একালৰ সতীৰ্থৰ পিনে আঙুলি টোৱাইছে। ন্যস্ত স্বাৰ্থৰ বাবে অৰবিন্দ ৰাজখোৱা বাহিনীয়ে ৰেৱতী ফুকনক অপহৰণ কৰিব পাৰে বুলি বৃহস্পতিবাৰে একাংশ সংবাদ মাধ্যমৰ আগত সন্দেহ ব্যক্ত কৰিছে পৰেশ বৰুৱাই।

ইপিনে, আলোচনা পন্থী আলফাৰ উপ-সভাপতি প্ৰদীপ গগৈয়ে এনে সন্দেহ অমূলক বুলি দাবী কৰিছে। আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই ৰেৱতী ফুকনৰ নিখোঁজৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে আৰু এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ ব্যৰ্থতাক ধিক্কাৰ দিছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

July 1, 2026 8:58 pm
ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ  : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

July 1, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd