নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা ত্ৰিপুৰাৰ দলীয় জনসভাত অংশ ল’ব কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী

Congress chief Rahul Gandhi to address mass rally in Guwahati

ৰাহুল গান্ধীৰ ফাইল ছবি।

ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নৱ নিৰ্বাচিত অধ্যক্ষ ৰাহুল গান্ধী সমাগত ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে শুকুৰবাৰে কৈলাচহৰৰ ৰাম কৃষ্ণ মিছন খেলপথাৰত কংগ্ৰেছ দলে আয়োজিত এখন নিৰ্বাচনী সভাত অংশ ল’ব।

ৰাহুল গান্ধীৰ ভ্ৰমণসূচীৰ বিষয়ে সংবাদ মাধ্যমক বুধবাৰে জানিবলৈ দিয়ে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি বিৰজিৎ সিনহাই। তেওঁ কয় যে প্ৰচাৰ কাৰ্যসূচীৰ অন্তিম দিনা অৰ্থাৎ শুকুৰবাৰে ৰাহুল গান্ধীয়ে হাজাৰ হাজাৰ দলীয় সমৰ্থকৰ উপস্থিতিত কৈলাচহৰৰ ৰাম কৃষ্ণ মিছন খেলপথাৰৰ জনসভাত ভাষণ প্ৰদান কৰিব।

তেওঁ একেলগে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা পৃথ্বীৰাজ চৌহান আৰু ইমৰান কিডুই বুধবাৰৰ পৰা ত্ৰিপুৰাত কংগ্ৰেছৰ হৈ প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছে।

উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী আৰু দক্ষিণ ভাৰতৰ অভিনেত্ৰী তথা ভাৰতীয় জাতীয় মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা নাগমা মোৰাৰজিও দলটোৰ হৈ প্ৰচাৰ চলাবলৈ ইতিমধ্যে ত্ৰিপুৰাত উপস্থিত হৈছে।

লক্ষ্যণীয় যে বুধবাৰে ১৬ নং বিশালগড় বিধানসভা সমষ্টিত নাগমাই এটা ৰোড শ্ব’ত অংশ লোৱাৰ পিছত ২২ নং সোনামূৰা সমষ্টিৰ প্ৰাৰ্থীৰ হকে সোনামূৰা চহৰত আয়োজিত এখন জনসভাও সম্বোধন কৰা দেখা যায়।

ইয়াৰ পিছতে বুধবাৰে সন্ধিয়া ৰামঠাকুৰ সংঘৰ মিলন সংঘ আৰু আগৰতলা সিমান্তৰ গোলচক্কৰ অঞ্চলতো কংগ্ৰেছী জনসভাত অংশ লয়।

আনহাতে আজি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৪ নং বৰ্জলা বিধানসভা সমষ্টিত এটা ৰোড শ্ব’ত অংশ ল’ব বুলি ৰাজ্যিক সমিতিয়ে জানিবলৈ দিয়ে।

ত্ৰিপুৰা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ মুখ্য নিৰ্বাচনী নেতা দুৰ্গেচ পাটিলো কালাইচহৰত আয়োজিত সংবাদ মেলত উপস্থিত আছিল।

স্মৰ্তব্য যে ৬০ টা সমষ্টিৰে পৰিপূৰ্ণ ত্ৰিপুৰা বিধানসভা নিৰ্বাচন ফেব্ৰুৱাৰিৰ ১৮ তাৰিখে অনুষ্ঠিত হ’ব আৰু নিৰ্বাচনৰ ফলাফল ৩ মাৰ্চৰ দিনা ঘোষণা কৰা হ’ব।