• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

নিৰ্বাচনী সমাৱেশত ভাগ লৈ মেঘালয়ৰ মহিলাৰ আত্মবিশ্বাসৰ শলাগ ল’লে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে

চাইদুল খান by চাইদুল খান
February 17, 2018 5:59 pm
Irani_Meghalaya

মেঘালয়ৰ নিৰ্বাচনী সমাৱেশত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী। ফটো : চাইদুল খান।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
Apply Now

আজি মেঘালয়ত কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী স্মৃতি ইৰাণীয়ে বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ সমাৱেশত ভাগ লয়। বাংলাদেশ সীমান্তৰ দুলু আৰু গাৰো পাহৰৰ জিকজাক নামৰ ঠাইত ইৰাণীয়ে সমাৱেশত ভাষণ দিয়ে। তেওঁ বাংলাদেশ সীমান্তৰ দুলুত দলীয় প্ৰাৰ্থী কুৰোশ এন মাৰাকৰ হৈ প্ৰচাৰ চলায়। তেওঁৰ সৈতে সমাৱেশত দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নলীন কোহলিও আছিল। তেওঁ দুলুত স্বাস্থ্যসেৱাৰ অৱস্থা কেনে ধৰণৰ সেয়া বুজ ল’বলৈ স্থানীয় লোকৰ সৈতে মত বিনিময় কৰে।

বিশেষকৈ মহিলাসকলক সম্বোধন কৰি ইৰাণীয়ে মহিলাসকলৰ পৰা সমৰ্থন আদায়ৰ চেষ্টা কৰে। তেওঁ ভাষণত মোদীয়ে দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ মহিলাক বিনামূলীয়াকৈ গেছৰ চিলিণ্ডাৰ দিয়াৰ কথাটো উনুকিয়ায়।

‘ভাৰতৰ মহিলাসকলে পৰম্পৰাগত চৌকাত খাদ্য ৰান্ধি নিজৰ সন্তানৰ মুখত হাঁহি বিৰিঙাবলৈ অবিৰাম শ্ৰম কৰি আহিছে। মোদীজীয়ে তেওঁলোকৰ সমস্যা লাঘৱ কৰিবলৈকে দুখীয়া মহিলালৈ চিলিণ্ডাৰ আগ বঢ়োৱাৰ কথা চিন্তা কৰিছিল। কিন্তু উদ্যোগখণ্ডই দৰিদ্ৰজনে টকা দিব নোৱাৰিব বুলি দুঃচিন্তা প্ৰকাশ কৰাত মোদীজীয়ে চহকীসকলক তেওঁলোকে গেছ চিলিণ্ডাৰত পোৱা ৰাজসাহায্য প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ কৰিলে, যাতে তাৰ পৰা দুখীয়া আৰু অভাৱীসকল উপকৃত হ’ব পাৰে।’ ইৰাণীয়ে এইদৰে কয়।তেওঁ কয় যে এই পদক্ষেপৰ ফলত ১ কোটি লোকে তেওঁলোকৰ ৰাজসাহায্য প্ৰত্যাহৰ কৰে আৰু ফলস্বৰূপে ৩ কোটি মহিলা উপকৃত হয়।

আনহাতে বিজেপি নেত্ৰী গৰাকীয়ে নিজৰ ভাষণত মেঘালয়ৰ মহিলাসকলৰ আত্মবিশ্বাসৰো শলাগ লয়।

‘মেঘালয়ৰ সুকীয়া সংস্কৃতি আৰু পৰম্পৰা থকাৰ লগতে মহিলা আৰু শিশুসকলৰ মাজত দেখা আত্মবিশ্বাসে সঁচাকৈয়ে মুগ্ধ কৰে। আমাৰ দলে মহিলাৰ সবলীকৰণত বিশ্বাস কৰে আৰু মেঘালয়তো মহিলাসকলক আগুৱাই নিয়াৰ বাবে কাৰ্য্যসূচী ল’ব।’ এইদৰে কয় ইৰাণীয়ে।

উল্লেখযোগ্য যে মেঘালয়ত বিজেপিয়ে ৪৭ জন প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ ২ গৰাকী মহিলাকহে টিকট দিছে। কংগ্ৰেছে সৰ্বাধিক ৭ গৰাকী আৰু এন পি পিয়ে ৫ গৰাকী মহিলাক প্ৰাৰ্থিত্ব দিছে।

তেওঁ মেঘালয়ত মহিলাৰ সৰবৰাহ আৰু শ্বিলঙত থকা গৃহ মন্ত্ৰীৰ পুতেকৰ হোটেলতে এগৰাকী মহিলাক যৌন উৎপীড়ন কৰাৰ ঘটনাটোও উল্লেখ কৰে। তেওঁ কয় যে এজন গৃহ মন্ত্ৰীৰ দায়িত্ব হ’ল মহিলা আৰু শিশুক সুৰক্ষা দিয়া। কিন্তু মেঘালয়ত ইয়াৰ বিপৰীত হৈ আছে। মহিলাৰ স্থান সদায় উন্নত হৈ থকা মেঘালয়ত এনেকুৱা কাম লজ্জাজনক।

তেওঁ লগতে প্ৰতিশ্ৰুতি দিয়ে যে যদিহে বিজেপি শাসনলৈ আহে মহিলাসকলৰ সুৰক্ষাৰ বাবে উৎসৰ্গিত এটা মহিলা আৰক্ষী বাহিনী গঠন কৰা হ’ব। ‘মহিলাসকলৰ গৌৰৱ ঘূৰাই আনিব লাগিব আৰু মেঘালয় মহিলাৰ যাতে নিৰাপত্তা, সুৰক্ষা আৰু স্বাধীনতা থাকে সেইটো নিশ্চিত কৰিব লাগিব।’ তেওঁ কয়।

উল্লেখযোগ্য যে যোৱা বছৰ মেঘালয়ৰ গৃহ মন্ত্ৰী এইচ্ছ ডি আৰ লিংডোৰ পুতেকৰ স্বত্ব থকা এখন হোটেলত এগৰাকী মহিলাৰ ওপৰত উৎপীড়নৰ ঘটনা সংঘটিত হৈছিল।

আনহাতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিজেপিৰ স্বাভাৱিক সুৰত কয় যে মুকুল চাংমাই ৰাজ্যখনত কেন্দ্ৰীয় আঁচনিবোৰ কাৰ্য্যকৰী কৰাত বাধাৰ সৃষ্টি কৰিছে। তেওঁ কংগ্ৰেছ চৰকাৰখনে মানুহক স্বাস্থসেৱা আগ বঢ়াব পৰা নাই বাবেই ইয়াৰ মানুহে কাষৰ বাংলাদেশত গৈ চিকিৎসা কৰাব লগা হৈছে বুলি কয়।

চাইদুল খান

চাইদুল খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

August 25, 2026 11:57 am
পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

August 25, 2026 11:06 am
এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

August 25, 2026 10:59 am
কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

August 25, 2026 9:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

August 25, 2026 11:57 am
পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

August 25, 2026 11:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd