• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব নাগালেণ্ড

নিৰ্বাচন বৰ্জনৰ ঘোষণাটোৰ অৱমাননাক প্ৰতাৰণা বুলি ধৰা হ’ব : নাগা হোহোৰ ক’ৰ কমিটি

NE NOW NEWS এন ই নাও নিউজ
ডিমাপুৰ , February 2, 2018 7:26 pm

2 min read

naga-declaration

নাগা যৌথ ঘোষণাপত্ৰ

73
VIEWS
Share on FacebookShare on Twitter

নিজৰ স্থিতি কঠোৰ ৰূপত প্ৰকাশ কৰি আজি নাগা ট্ৰাইবেল হোহো আৰু শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰৰ ক’ৰ কমিটিয়ে ভৱিষ্যৎ কাৰ্য্যপন্থা নিৰ্ণয় কৰিবৰ বাবে কাইলৈ ক’হিমাৰ হোটেল জাপফুত এখন সভাৰ আহ্বান কৰিছে।

ক’ৰ কমিটিয়ে নাগা ট্ৰাইবেল হোহোবোৰৰ আৰু শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰৰ সভাপতি আৰু বিষয়ববীয়াসকলক সভাখনত নিশ্চিতভাৱে উপস্থিত থাকিবলৈ আহ্বান জনাইছে। ক’ৰ কমিটিয়ে দল-সংগঠনবোৰক এই তথ্যখিনিক চৰকাৰী চাৰ্কুলাৰ বুলি জ্ঞান কৰিবলৈ কৈছে।

উল্লেখযোগ্য যে নাগালেণ্ডৰ ত্ৰয়োদশ বিধানসভাৰ নিৰ্বাচন আয়োগে অহা ২৭ ফেব্ৰুৱাৰি দিন ধাৰ্য্য কৰিছে। কিন্তু নাগা হোহোবিলাক আৰু শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰৰ নেতৃবৰ্গৰ সৈতে আলোচনা কৰাৰ পিছত যোৱা ২৯ জানুৱাৰিত নাগালেণ্ডৰ আটাইবোৰ (ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক) ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে যৌথভাৱে এটা ঘোষণাত চহী কৰি সকলোৱে নিৰ্বাচন বৰ্জনৰ স্থিতি লৈছিল। ইয়াৰ ভিতৰত কংগ্ৰেছ আৰু বিজেপিৰ প্ৰতিনিধিও আছিল।

আনহাতে যোৱা ৩১ জানুৱাৰিত দেশৰ নিৰ্বাচন আয়োগে ৰাজ্যখনত নিৰ্বাচনী অধিসূচনা জাৰি কৰিছিল। তাৰ পাছতে ইয়াৰ প্ৰতিবাদত ট্ৰাইবেল হোহোবোৰৰ আৰু শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰ (CCNTHCO)ৰ ক’ৰ কমিটিয়ে ১ ফেব্ৰুৱাৰিত সমগ্ৰ নাগালেণ্ড বন্ধৰ আহ্বান জনায়। অৱশ্যে নাগালেণ্ড বন্ধৰ প্ৰতি নাগা জনসাধাৰণৰ সঁহাৰি সিমান আশাব্যঞ্জক নাছিল। এই সংক্ৰান্তত CCNTHCO –এ কয় যে এইবাৰ প্ৰথমবাৰৰ বাবে বন্ধ কাৰ্য্যকৰী কৰিবৰ বাবে কোনো ঠাইতে কোনো সদস্যক নিয়োগ কৰা হোৱা নাছিল। এই বন্ধ নাগা ৰাইজৰ সুবিবেচনাপূৰ্ণ আৰু স্বতঃস্ফূৰ্ত সঁহাৰি আছিল। নাগা ৰাইজে নিৰ্বাচনৰ পূৰ্বেই সমাধানক ভিন্ন ধৰণে সমৰ্থন কৰিছে।

আজি ক’ৰ কমিটিয়ে যোৱা ২৯ জানুৱাৰিৰ ঘোষণাটোত স্বাক্ষৰ কৰা ১১ টা ৰাজনৈতিক দলক সকীয়া দি কয় যে এই ঘোষণাটোৰ উলংঘনক প্ৰতাৰণা বুলি ধৰা হ’ব। কমিটিয়ে কয়, ‘নাগা পৰিয়ালত কোনো ঘৰ বিভীষণ’ নাই বুলি তেওঁলোকে আশা কৰে।

উল্লেখযোগ্য যে বিজেপিয়ে ঘোষণাটোত চহী কৰা তেওঁলোকৰ প্ৰতিনিধিজনক ইতিমধ্যে নিলম্বন কৰিছে। কেৱল সেয়াই নহয়, বিজেপিয়ে ৰাজ্যখনত নিৰ্বাচন খেলাৰ কথাও ঘোষণা কৰে। এই পটভূমিত নাগা হোহো আৰু বেচৰকাৰী সংগঠনবোৰৰ ক’ৰ কমিটিয়ে ‘নাগা পৰিয়ালত কোনো ঘৰ বিভীষণ’ নাই বুলি মন্তব্য কৰাটোৱে তাৎপৰ্য্য বহন কৰিছে।

আনহাতে ক’ৰ কমিটিয়ে এক প্ৰকাৰৰ ভাবুকি দি কৈছে যে কোনো প্ৰাৰ্থীয়ে মনোননয় দিলে সংশ্লিষ্ট ৰাজনৈতিক দলটোৱেই দায়বদ্ধ বুলি ধৰাৰ লগতে প্ৰাৰ্থীজন যি সম্প্ৰদায়ৰ সেই সম্প্ৰদায়টোও সুবিধাবাদী নেতাজনৰ দোষত দোষী হ’ব।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd