• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

নিৰ্বাচন বৰ্জনৰ ঘোষণাটোৰ অৱমাননাক প্ৰতাৰণা বুলি ধৰা হ’ব : নাগা হোহোৰ ক’ৰ কমিটি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 2, 2018 7:26 pm
naga-declaration

নাগা যৌথ ঘোষণাপত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ স্থিতি কঠোৰ ৰূপত প্ৰকাশ কৰি আজি নাগা ট্ৰাইবেল হোহো আৰু শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰৰ ক’ৰ কমিটিয়ে ভৱিষ্যৎ কাৰ্য্যপন্থা নিৰ্ণয় কৰিবৰ বাবে কাইলৈ ক’হিমাৰ হোটেল জাপফুত এখন সভাৰ আহ্বান কৰিছে।

ক’ৰ কমিটিয়ে নাগা ট্ৰাইবেল হোহোবোৰৰ আৰু শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰৰ সভাপতি আৰু বিষয়ববীয়াসকলক সভাখনত নিশ্চিতভাৱে উপস্থিত থাকিবলৈ আহ্বান জনাইছে। ক’ৰ কমিটিয়ে দল-সংগঠনবোৰক এই তথ্যখিনিক চৰকাৰী চাৰ্কুলাৰ বুলি জ্ঞান কৰিবলৈ কৈছে।

Apply Now

উল্লেখযোগ্য যে নাগালেণ্ডৰ ত্ৰয়োদশ বিধানসভাৰ নিৰ্বাচন আয়োগে অহা ২৭ ফেব্ৰুৱাৰি দিন ধাৰ্য্য কৰিছে। কিন্তু নাগা হোহোবিলাক আৰু শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰৰ নেতৃবৰ্গৰ সৈতে আলোচনা কৰাৰ পিছত যোৱা ২৯ জানুৱাৰিত নাগালেণ্ডৰ আটাইবোৰ (ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক) ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে যৌথভাৱে এটা ঘোষণাত চহী কৰি সকলোৱে নিৰ্বাচন বৰ্জনৰ স্থিতি লৈছিল। ইয়াৰ ভিতৰত কংগ্ৰেছ আৰু বিজেপিৰ প্ৰতিনিধিও আছিল।

আনহাতে যোৱা ৩১ জানুৱাৰিত দেশৰ নিৰ্বাচন আয়োগে ৰাজ্যখনত নিৰ্বাচনী অধিসূচনা জাৰি কৰিছিল। তাৰ পাছতে ইয়াৰ প্ৰতিবাদত ট্ৰাইবেল হোহোবোৰৰ আৰু শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰ (CCNTHCO)ৰ ক’ৰ কমিটিয়ে ১ ফেব্ৰুৱাৰিত সমগ্ৰ নাগালেণ্ড বন্ধৰ আহ্বান জনায়। অৱশ্যে নাগালেণ্ড বন্ধৰ প্ৰতি নাগা জনসাধাৰণৰ সঁহাৰি সিমান আশাব্যঞ্জক নাছিল। এই সংক্ৰান্তত CCNTHCO –এ কয় যে এইবাৰ প্ৰথমবাৰৰ বাবে বন্ধ কাৰ্য্যকৰী কৰিবৰ বাবে কোনো ঠাইতে কোনো সদস্যক নিয়োগ কৰা হোৱা নাছিল। এই বন্ধ নাগা ৰাইজৰ সুবিবেচনাপূৰ্ণ আৰু স্বতঃস্ফূৰ্ত সঁহাৰি আছিল। নাগা ৰাইজে নিৰ্বাচনৰ পূৰ্বেই সমাধানক ভিন্ন ধৰণে সমৰ্থন কৰিছে।

আজি ক’ৰ কমিটিয়ে যোৱা ২৯ জানুৱাৰিৰ ঘোষণাটোত স্বাক্ষৰ কৰা ১১ টা ৰাজনৈতিক দলক সকীয়া দি কয় যে এই ঘোষণাটোৰ উলংঘনক প্ৰতাৰণা বুলি ধৰা হ’ব। কমিটিয়ে কয়, ‘নাগা পৰিয়ালত কোনো ঘৰ বিভীষণ’ নাই বুলি তেওঁলোকে আশা কৰে।

উল্লেখযোগ্য যে বিজেপিয়ে ঘোষণাটোত চহী কৰা তেওঁলোকৰ প্ৰতিনিধিজনক ইতিমধ্যে নিলম্বন কৰিছে। কেৱল সেয়াই নহয়, বিজেপিয়ে ৰাজ্যখনত নিৰ্বাচন খেলাৰ কথাও ঘোষণা কৰে। এই পটভূমিত নাগা হোহো আৰু বেচৰকাৰী সংগঠনবোৰৰ ক’ৰ কমিটিয়ে ‘নাগা পৰিয়ালত কোনো ঘৰ বিভীষণ’ নাই বুলি মন্তব্য কৰাটোৱে তাৎপৰ্য্য বহন কৰিছে।

আনহাতে ক’ৰ কমিটিয়ে এক প্ৰকাৰৰ ভাবুকি দি কৈছে যে কোনো প্ৰাৰ্থীয়ে মনোননয় দিলে সংশ্লিষ্ট ৰাজনৈতিক দলটোৱেই দায়বদ্ধ বুলি ধৰাৰ লগতে প্ৰাৰ্থীজন যি সম্প্ৰদায়ৰ সেই সম্প্ৰদায়টোও সুবিধাবাদী নেতাজনৰ দোষত দোষী হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd