DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পঞ্চভূতত বিলীন ‘ভাইমন দা’ : মুখাগ্নি কৰি জুবিনে ক’লে ‘দুখটো অনুভৱ কৰিব পাৰি, বুজাব নোৱাৰি’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 7, 2018 9:04 pm
zubeen with munin baruah assam

সুখৰ মুহূৰ্তত মুনিন বৰুৱাৰ সৈতে জুবিন

234
VIEWS
Share on FacebookShare on Twitter

সকলোকে কন্দুৱাই গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত পঞ্চভূতত বিলীন হ’ল ‘ভাইমন দা’ ৰূপে জনপ্ৰিয় একাধাৰে চলচ্চিত্ৰ পৰিচালক, অভিনেতা, নাট্যকাৰ মুনিন বৰুৱা। শনিবাৰে বিয়লি প্ৰায় ৪:৩০ বজাত ৰাজ্যিক মৰ্য্যাদাৰে শেষকৃত্য সম্পন্ন হোৱা অসমৰ চলচ্চিত্ৰজগতৰ ভোটাতৰাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াত শিল্পীসকলৰ লগতে অগণন গুণমুগ্ধই ভিৰ কৰা দেখা গ’ল।

পুত্ৰৰ লগতে তেওঁক পিতৃ জ্ঞান কৰা জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গে মুখাগ্নি কৰি শেষ বিদায় জনালে সকলোৰে প্ৰিয় ভাইমন দাক।

‘তেওঁ মোৰ পিতৃতুল্য’ বুলি মন্তব্য কৰি শোকাভিভূত জুবিন গাৰ্গে ক’লে, ‘দুখটো অনুভৱ কৰিব পাৰি, বুজাব নোৱাৰি।’

বৰুৱাৰ মৃত্যুৰ খবৰ পাই মাজুলীত চলি থকা ‘কাঞ্চনজংঘা’ চিনে’মাৰ শ্বুটিং এৰি গুৱাহাটীলৈ ঢপলিয়াই অহা জুবিনে সংবাদ মাধ্যমক কয়, ‘জীয়াই থকা অৱস্থাত তেওঁক মই নাপালোহি। কাঞ্চনজংঘাৰ শ্বুটিঙ আৰম্ভ হোৱাৰ আগদিনা তেওঁক লগ পাইছিলো। আমি তেওঁক আমাৰ নিজৰ মাজত কিমানদিন জীয়াই ৰাখিব পাৰো সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰিব। তেওঁ মোক পুত্ৰ বুলি ভাবে কাৰণেই মাজুলীৰ পৰাই গুচি আহিলো।’

উল্লেখযোগ্য যে জুবিন গাৰ্গে অভিনয় কৰা ‘প্ৰিয়াৰ প্ৰিয়’ই আছিল মুনিন বৰুৱা পৰিচালিত শেষখন ছবি।

আনহাতে শেষকৃত্য অনুষ্ঠানত উপস্থিত থকা আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই শোক প্ৰকাশ কৰি কয়, ‘সকলোৰে শ্ৰদ্ধাৰ মুনিন বৰুৱাই অসমীয়া বোলছবি জগতৰ কথা তথা নতুন নতুন চিন্তাৰ কথা ৰজাঘৰক কৈ আহিছিল। ৰজাঘৰীয়াই মুনিন বৰুৱাই কৈ যোৱা কথাবোৰ ফলাফললৈ ৰূপান্তৰিত কৰি দেখুৱাওক তেতিয়াহে তেওঁলৈ উচিত শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব।’

অভিনেতা প্ৰাঞ্জল শইকীয়াই কয়, ‘মুনিন বৰুৱাই নাটক, চিনেমাৰ লগতে সামাজিক কথাসমূহো চিন্তা কৰে। নাটক চিনেমাৰ বাহিৰেও ভাইমন দাই মেণ্ডোলিন বাদনো কৰিছিল। লগতে তেওঁ বিভিন্ন গ্ৰন্থও অধ্যয়ন কৰিছিল। তেওঁ নিজে চিনেমা, নাটক পৰিচালনা কৰাৰ লগতে হিন্দী চিনেমাৰ এগৰাকী ভাল দৰ্শক আছিল। এখন এখন চিনেমা ১০-১২ বাৰকৈ চাইছিল।’

জনাজাত অভিনেতাজনে লগতে কয়, ‘অজস্ৰ সম্পত্তিৰ অধিকাৰী হৈয়ো ভাইমন দাই সেইবোৰৰ প্ৰতি পিঠি দিছিল। পিতৃ এগৰাকী মৌজাদাৰ আছিল যদিও তেওঁৰ মৃত্যুৰ পিছত ভাইমন দাই টকা-পইছাৰ হিচাপ কৰা কাম মোৰ দ্বাৰা নহয় বুলি কৈ মৌজা চলোৱাও বাদ দিছিল। সেই বিশাল সম্পত্তি এৰি তেওঁ নাটক-চিনেমাত মনোনিৱেশ কৰিছিল। একেলগে নাটক-চিনেমা কৰি থকা ব্যক্তি আছিল মুনিন বৰুৱা।’

শেষকৃত্য অনুষ্ঠানত উপস্থিত অভিনেতা জয়ন্ত ভাগৱতীয়ে শোক প্ৰকাশ কৰি কয়, ‘মই তেওঁৰ সৈতে ৪ খন চিনেমাত কাম কৰিছিলো। তেওঁ অন্যায়ৰ লগত কেতিয়াও আপোচ কৰা নাছিল। তেওঁ অতি স্পষ্টবাদী আৰু অমায়িক ব্যক্তি আছিল।’

নৱগ্ৰহত শেষকৃত্য সম্পন্ন কৰাৰ পূৰ্বে মুনিন বৰুৱাৰ নশ্বৰ দেহ নিয়া হৈছিল জ্যোতি চিত্ৰবনলৈ। তাতো প্ৰাক্তন গড়কাপ্তানি মন্ত্ৰী অজন্তা নেওগ, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, অভিনেতা নিপন গোস্বামী, অভিনেত্ৰী আইমী বৰুৱা, যতীন বৰাকে ধৰি চলচ্চিত্ৰ জগতৰ অন্য কেইবাগৰাকী গুণমুগ্ধ উপস্থিত থাকে।

আনহাতে নৱগ্ৰহৰ শেষকৃত্য অনুষ্ঠানত অভিনেতা কপিল বৰা, ৰাজহুৱা কৰ্মী দেৱেন দত্ত, কন্ঠশিল্পী জুবলিও উপস্থিত আছিল।

Recent News

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd