DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

‘বৈষম্য আৰু ভয়হীনভাৱে শিশুসকল জীয়াই থকাৰ বাবে পৃথিৱীখনক নিৰাপদ কৰি তোলাৰ ক্ষেত্ৰত প্ৰতিজনে দায়িত্ব আছে’

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
March 18, 2018 5:48 pm
Assam police rescue 13 trafficked persons from sex traders in Bihar

প্ৰতীকী ছবি।

1k
VIEWS
Share on FacebookShare on Twitter

প্ৰতিটো শিশুৰে সুৰক্ষিত হৈ থকাৰ অধিকাৰ আছে আৰু কোনো বৈষম্য আৰু ভয় অবিহনে শিশুসকল জীয়াই থকাৰ বাবে পৃথিৱীখনক এডোখৰ নিৰাপদ ঠাই কৰি তোলাৰ ক্ষেত্ৰত প্ৰতিজন ব্যক্তিৰে দায়িত্ব আছে।

শিশুসকলৰ ভৱিষ্যৎ জীৱনত যাতে বিৰূপ প্ৰভাৱ নপৰে তাৰ বাবে শিশুসকলক যিকোনো ধৰণৰ অসামাজিক কামকাজত জড়িত হোৱাৰ পৰা সুৰক্ষা দিয়া আৰু আঁতৰাই ৰখাৰ বাবে কিশোৰ ন্যায় সম্পৰ্কীয় আইনবোৰ আৰু সংহত শিশু সুৰক্ষা আঁচনি (Integrated Child Protection Schem) বা আই চি পি এছৰ উপযুক্ত প্ৰয়োগ হ’ব লাগে।

পাপুম পাৰে জিলাৰ সদৰ য়ুপিয়াত কালি দিনজোৰাকৈ অনুষ্ঠিত শিশুক যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা আইন, ২০১২ সম্পৰ্কীয় সজাগতা আৰু প্ৰশিক্ষণ শিবিৰত মুখ্য অতিথি হিচাপে ভাগ লৈ এছ ডি অ’ টাবাং বদৌঙে এইদৰে কয়।

তেওঁৰ লগতে অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা কিশোৰ ন্যায় পৰিষদৰ মুখ্য দণ্ডাধীশ হাবুং টাংগুৱে আই চি পি আঁচনিখনৰ উপযুক্ত কাৰ্য্যকৰীকৰণত গুৰুত্ব দিয়ে। এই আঁচনিখন ভালদৰে কাৰ্য্যকৰী হ’লে ৰাজ্যখনত আৰু সামগ্ৰিকভাৱে দেশৰ পথত ঘূৰি ফুৰা শিশু নোহোৱা হ’ব বুলিও তেওঁ কয়। ইয়াৰ বাবে আমি দায়বদ্ধতাৰে কাম কৰিবই লাগিব বুলি তেওঁ কয়।

কিশোৰ ন্যায় পৰিষদৰ মুখ্য দণ্ডাধীশ হিচাপে কিশোৰ ন্যায় পৰিষদ সংখ্যাত কম হৈ থকা বুলি কোৱাৰ লগতে  নিজৰ অভিজ্ঞতা বিৱৰি তেওঁ কয় যে কিশোৰ সম্পৰ্কীয় অপৰাধৰ বাবে বিশেষ আৰক্ষী গোটৰ দৰকাৰ বুলি কয়। লগতে তেওঁ অনুসন্ধান প্ৰক্ৰিয়াটোত কিশোৰ-কিশোৰীসকলক অভিভাৱকৰ উপস্থিতিত সোধা-পোছা কৰা দৰকাৰ।

জিলাখনত কিশোৰ নিৰীক্ষণ গৃহ, কিশোৰ সুৰক্ষা বিষয়া, উপযুক্ত আন্তঃগাঁথনি উন্নত কৰাৰো পোষকতা কৰে। আনহাতে অনুষ্ঠানটোত উপস্থিত থকা শিশু কল্যাণ সমিতিৰ অধ্যক্ষ কানি নদা মালিঙেও তেওঁৰ অভিজ্ঞতা বৰ্ণনা কৰাৰ লগতে এই ধৰণৰ প্ৰশিক্ষণ শিবিৰবোৰত আৰক্ষী জোৱানসকলকো তেওঁলোকৰ ভূমিকা আৰু দায়িত্ব সম্পৰ্কত সমানে সংবেদনশীল কৰাৰ প্ৰশিক্ষণ দিব লাগে বুলি কয়।

অনুষ্ঠানটোত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে।

Recent News

7 Soldiers Dead In Ladakh

লাডাখত শোকাৱহ দুৰ্ঘটনা: সেনা কঢ়িয়াই নিয়া বাহন বাগৰি পৰিল নদীত, সাত জোৱানৰ মৃত্যু

বিটিআৰত বাস কৰা অবড়ো লোকক মাটিৰ পট্টা প্ৰদানৰ দাবীত অৱস্থান ধৰ্মঘট

বিটিআৰত বাস কৰা অবড়ো লোকক মাটিৰ পট্টা প্ৰদানৰ দাবীত অৱস্থান ধৰ্মঘট

Aryan Khan in cruise drugs case

ড্ৰাগছৰ গোচৰত অভিযোগমুক্ত হ’ল শ্বাহৰুখ তনয়: নিৰ্দোষী ঘোষণা নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৰ

তেলেংগানাত ১৭ গৰাকী মহিলাক হত্যা কৰা অপৰাধীক শাস্তি বিহিলে আদালতে, কি শাস্তি?

তেলেংগানাত ১৭ গৰাকী মহিলাক হত্যা কৰা অপৰাধীক শাস্তি বিহিলে আদালতে, কি শাস্তি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd