প্ৰতিটো শিশুৰে সুৰক্ষিত হৈ থকাৰ অধিকাৰ আছে আৰু কোনো বৈষম্য আৰু ভয় অবিহনে শিশুসকল জীয়াই থকাৰ বাবে পৃথিৱীখনক এডোখৰ নিৰাপদ ঠাই কৰি তোলাৰ ক্ষেত্ৰত প্ৰতিজন ব্যক্তিৰে দায়িত্ব আছে।
শিশুসকলৰ ভৱিষ্যৎ জীৱনত যাতে বিৰূপ প্ৰভাৱ নপৰে তাৰ বাবে শিশুসকলক যিকোনো ধৰণৰ অসামাজিক কামকাজত জড়িত হোৱাৰ পৰা সুৰক্ষা দিয়া আৰু আঁতৰাই ৰখাৰ বাবে কিশোৰ ন্যায় সম্পৰ্কীয় আইনবোৰ আৰু সংহত শিশু সুৰক্ষা আঁচনি (Integrated Child Protection Schem) বা আই চি পি এছৰ উপযুক্ত প্ৰয়োগ হ’ব লাগে।
পাপুম পাৰে জিলাৰ সদৰ য়ুপিয়াত কালি দিনজোৰাকৈ অনুষ্ঠিত শিশুক যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা আইন, ২০১২ সম্পৰ্কীয় সজাগতা আৰু প্ৰশিক্ষণ শিবিৰত মুখ্য অতিথি হিচাপে ভাগ লৈ এছ ডি অ’ টাবাং বদৌঙে এইদৰে কয়।
তেওঁৰ লগতে অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা কিশোৰ ন্যায় পৰিষদৰ মুখ্য দণ্ডাধীশ হাবুং টাংগুৱে আই চি পি আঁচনিখনৰ উপযুক্ত কাৰ্য্যকৰীকৰণত গুৰুত্ব দিয়ে। এই আঁচনিখন ভালদৰে কাৰ্য্যকৰী হ’লে ৰাজ্যখনত আৰু সামগ্ৰিকভাৱে দেশৰ পথত ঘূৰি ফুৰা শিশু নোহোৱা হ’ব বুলিও তেওঁ কয়। ইয়াৰ বাবে আমি দায়বদ্ধতাৰে কাম কৰিবই লাগিব বুলি তেওঁ কয়।
কিশোৰ ন্যায় পৰিষদৰ মুখ্য দণ্ডাধীশ হিচাপে কিশোৰ ন্যায় পৰিষদ সংখ্যাত কম হৈ থকা বুলি কোৱাৰ লগতে নিজৰ অভিজ্ঞতা বিৱৰি তেওঁ কয় যে কিশোৰ সম্পৰ্কীয় অপৰাধৰ বাবে বিশেষ আৰক্ষী গোটৰ দৰকাৰ বুলি কয়। লগতে তেওঁ অনুসন্ধান প্ৰক্ৰিয়াটোত কিশোৰ-কিশোৰীসকলক অভিভাৱকৰ উপস্থিতিত সোধা-পোছা কৰা দৰকাৰ।
জিলাখনত কিশোৰ নিৰীক্ষণ গৃহ, কিশোৰ সুৰক্ষা বিষয়া, উপযুক্ত আন্তঃগাঁথনি উন্নত কৰাৰো পোষকতা কৰে। আনহাতে অনুষ্ঠানটোত উপস্থিত থকা শিশু কল্যাণ সমিতিৰ অধ্যক্ষ কানি নদা মালিঙেও তেওঁৰ অভিজ্ঞতা বৰ্ণনা কৰাৰ লগতে এই ধৰণৰ প্ৰশিক্ষণ শিবিৰবোৰত আৰক্ষী জোৱানসকলকো তেওঁলোকৰ ভূমিকা আৰু দায়িত্ব সম্পৰ্কত সমানে সংবেদনশীল কৰাৰ প্ৰশিক্ষণ দিব লাগে বুলি কয়।
অনুষ্ঠানটোত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে।