পাভক পুনৰ বনাঞ্চল হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি বনমন্ত্ৰীৰ

kakoi-rf

লখিমপুৰ জিলাৰ হাৰমতী আঞ্চলিক বন সংমণ্ডলৰ অধীনৰ পাভ সংৰক্ষিত অভয়াৰণ্যখনক পুনৰ বনাঞ্চল হিচাপে গঢ়ি তুলিব ৰাজ্যৰ বন বিভাগে।

১৯৩৬ চনত অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰাপ্ত এই অভয়াৰণ্যখন বৰ্তমান প্ৰায় অস্তিত্বহীন হৈ পৰিছে। প্ৰায় ৪৯ বৰ্গ কিলোমিটাৰ মাটিকালিৰে এসময়ৰ সেউজীয়া অভয়াৰণ্যখন এতিয়া বেদখলকাৰীৰ কৱলত পৰি নিচিহ্ন হোৱাৰ উপক্ৰম হৈছে।

পাভ অভয়াৰণ্যখন এক সময়ত বনৰীয়া ম’হৰ বাবে বিখ্যাত আছিল। বন বিভাগে পুনৰ পাভক নতুন ৰূপত অভয়াৰণ্য হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৰাজ্যৰ বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই সোমবাৰে পাভ অভয়াৰণ্য ভ্ৰমণ কৰি বেদখল উচ্ছেদ নকৰাকৈয়ে পাভক বনাঞ্চল হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে।

অভয়াৰণ্যখনৰ খালী পৰি ৰোৱা ঠাই সমূহত বন বিভাগে গছ পুলি ৰোপণ কৰিব।

বৰ্তমান বেদখলকাৰীৰ আবাসগৃহৰে পূৰ্ণ আৰু কিছু মুকলি পথাৰ থকা বন্যপ্ৰাণী সংৰক্ষিত অভয়াৰণ্যখন মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰি ইয়াক পুনৰ সেউজীয়া ৰূপত গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে।

ৰাজ্যখনৰ অভয়াৰণ্যসমূহ তথা সংৰক্ষিত বনাঞ্চলসমূহ বেদখলমুক্ত কৰা আৰু সংৰক্ষণৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই সংশ্লিষ্ট আমোলা-বিষয়াসকলক নিৰ্দেশ দিয়াৰ লগতে এইক্ষেত্ৰত ৰাইজৰো সহযোগিতা বিচাৰিছে।

সোমবাৰে বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই পাভ অভয়াৰণ্যৰ সমীপত থকা চাৰিশ বছৰ গৰকা ঐতিহাসিক আদি এলেংগী সত্ৰখনলৈ যায়। সত্ৰত সেৱা আগবঢ়াই মন্ত্ৰীগৰাকীয়ে সত্ৰৰ ভকতসকলৰ সৈতে আলোচনা কৰে।

বনমন্ত্ৰীগৰাকীয়ে সত্ৰখনক বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰো প্ৰতিশ্ৰুতি দিয়ে।