• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, March 5, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ শক্তি বিভাগৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 18, 2018 7:25 am

2 min read

wideSample
79
VIEWS
Share on FacebookShare on Twitter

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে (এ পি ডি চি এল) বিগত দুটা বিত্তীয় বৰ্ষত ২৮৬কোটি টকাৰ লোকচান দেখুৱাই বিদ্যুৎ মাচুল বৃদ্ধিৰ পক্ষত সিদ্ধান্ত গ্ৰহণ কৰি বিদ্যুৎ নিয়ামক আয়োগক প্ৰস্তাৱ দিছে। শনিবাৰে বিদ্যুৎ নিয়ামক আয়োগে পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ বিষয়টোত ৰাজহুৱা শুনানি অনুষ্ঠিত কৰে।

এ পি ডি চি এলে যোৱা ২০১৭ৰ ২০ ডিচেম্বৰত ঘৰুৱা বিদ্যুৎ সংযোগত ২০ পইচা আৰু ব্যৱসায়িক সংযোগত ৪০ পইচা বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ দিছিল। উক্ত প্ৰস্তাৱটো চালিজাৰি চোৱাৰ বাবে বিদ্যুৎ নিয়ামক আয়োগে শনিবাৰে ৰাজহুৱা শুনানি অনুষ্ঠিত কৰে।

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত শুনানিত এৰিডা, নেচিয়া, বিদ্যুৎ গ্ৰাহক মঞ্চকে ধৰি মাত্ৰ পাঁচটা সংগঠন আৰু এগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এতিয়া বিদ্যুৎ মাচুল কিমান বৃদ্ধি কৰিব সেয়া আয়োগে শুনানিৰ পিছত সিদ্ধান্ত ল’ব।

জানিব পৰা মতে পূৰ্বতে বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদ কৰি আয়োগক অভিযোগ দিয়া তথা প্ৰতিবাদ কৰা কোনো দল-সংগঠন ৰাজহুৱা শুনানিত উপস্থিত নাছিল।আনহাতে, শুনানিত উপস্থিত থকা সকলো সংগঠনে মাচুল বৃদ্ধিৰ প্ৰস্তাৱৰ বিৰোধিতা কৰি শক্তি বিভাগক লোকচানৰ কাৰণ পুনৰীক্ষণৰ বাবে আহ্বান জনায়।

বিদ্যুৎ নিয়ামক আয়োগৰ অধ্যক্ষ তথা প্ৰাক্তন আই এ এছ বিষয়া সুভাষ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত শুনানিত অংশগ্ৰহণ কৰা ভাৰতীয় চাহ সংস্থাৰ অসম শাখাই আয়োগক শক্তি বিভাগৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰিবলৈ আহ্বান জনায়।

ফাইনাৰে ৰাজ্যখনৰ চুবুৰীয়া ৰাজ্যসমূহৰ তুলনাত অসমত বিদ্যুৎ মাচুল যথেষ্ট বৃদ্ধি হোৱা বুলি সদৰি কৰি বিনিয়োগৰ ক্ষেত্ৰত ই প্ৰভাৱ পেলাব বুলি কৈ মাচুল বৃদ্ধিৰ বিৰোধিতা কৰে।

 

Recent News

বিজেপিয়ে শিৱসেনাক ‘হিন্দুত্ব’ শিকোৱাৰ প্ৰয়োজন নাই : উদ্ধৱ ঠাকৰে

বিজেপিয়ে শিৱসেনাক ‘হিন্দুত্ব’ শিকোৱাৰ প্ৰয়োজন নাই : উদ্ধৱ ঠাকৰে

Jahnu-Baruah-750x375 (1)

লাচিত বৰফুকন চলচ্চিত্ৰ: জাহ্ন বৰুৱাৰহে বিষয়, বিবেক অ’বেৰয়ৰ বাবে দাঙিব নোৱাৰা শিল

বেংগালুৰু- চিমলা আটাইতকৈ স্বাচ্ছন্দ্যকৰ চহৰ, ইন্দোৰ- নতুন দিল্লী শ্ৰেষ্ঠ মিউনিচিপালিটী কৰ্পৰেচন : কেন্দ্ৰৰ জৰীপত প্ৰকাশ

বেংগালুৰু- চিমলা আটাইতকৈ স্বাচ্ছন্দ্যকৰ চহৰ, ইন্দোৰ- নতুন দিল্লী শ্ৰেষ্ঠ মিউনিচিপালিটী কৰ্পৰেচন : কেন্দ্ৰৰ জৰীপত প্ৰকাশ

বংগ নিৰ্বাচন : তৃণমূল কংগ্ৰেছক সমৰ্থন জনালে শিৱ সেনাই, ‘বংগৰ বাঘিনী’ আখ্যা মমতাক

বংগ নিৰ্বাচন : তৃণমূল কংগ্ৰেছক সমৰ্থন জনালে শিৱ সেনাই, ‘বংগৰ বাঘিনী’ আখ্যা মমতাক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd