পূব কামৰূপ মহাবিদ্যালয়ৰ ইণ্ডোৰ ষ্টেডিয়াম উদ্বোধন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

মুখ্য মন্ত্ৰী

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ যুৱক-যুৱতী সকলক ক্ৰীড়াক জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনায়। লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে ক্ৰীড়াই বিশ্বজননী একতাৰ সৃষ্টি কৰাত অৰিহণা যোগোৱাৰ উপৰি মানুহৰ ব্যক্তিত্বত সততা আৰু নিষ্ঠাৰ ভাৱ জগাই তোলে। শুকুৰবাৰে বাইহাটা চাৰিআলিতস্থিত পূব কামৰূপ মহাবিদ্যালয়ৰ ইণ্ডোৰ ষ্টেডিয়াম আৰু হাইস্পীড ইণ্টাৰনেটৰ সুবিধা উদ্বোধন কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত এইদৰে কয়।

তাৰোপৰি মুখ্য মন্ত্ৰী গৰাকীয়ে মহাবিদ্যালয় প্ৰাংগণত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ কেন্দ্ৰ এটাও আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

বৰ্তমানৰ ৰাজ্য চৰকাৰে ৰাজ্যখনৰ ক্ৰীড়াৰ প্ৰেক্ষাপট উত্তৰণৰ দিশত নিষ্ঠা সহকাৰে কৰ্মত ব্ৰতী হৈছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে ৰাজ্যখনত এখন ক্ৰীড়া বিশ্ব বিদ্যালয় স্থাপনৰ বাবে এই বছৰৰ বাজেটত বাজেট ব্যৱস্থাপনা কৰা হৈছে বুলিও কয়।

লগতে ৰাজ্যখনৰ আওঁহতীয়া অঞ্চলসমূহৰ ক্ৰীড়া প্ৰতিভা সমূহক আগুৱাই নিয়াৰ বাবে সমগ্ৰ ৰাজ্য জুৰি পঞ্চায়ত পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবেও বাজেট ব্যৱস্থাপনা কৰা হৈছে বুলি কয়।

ৰাজ্য চৰকাৰে ৰাজ্যখনত ২৪৯ টা দক্ষতা কেন্দ্ৰ স্থাপন তথা ছিংগাপুৰ চৰকাৰৰ সহযোগত মঙলদৈত উত্তৰ-পূব দক্ষতা কেন্দ্ৰ স্থাপনৰ দৰে পদক্ষেপৰো সুযোগ গ্ৰহণ কৰিবলৈ মুখ্য মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়।

মুখ্য মন্ত্ৰী সৰ্বানন্দই ছাত্ৰ-ছাত্ৰী সকলক ১০ টাকৈ গছ পুলি ৰোপণ কৰাৰ বাবে আহ্বান জনায়।

আজিৰ অনুষ্ঠানতে মুখ্য মন্ত্ৰী গৰাকীয়ে মহাবিদ্যালয়খনত এটি প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে যাৱতীয় ব্যৱস্থা লোৱাৰ কথাও ঘোষণা কৰে।

অনুষ্ঠানটোত বিধায়কদ্বয় ক্ৰমে সত্যব্ৰত কলিতা, ভৱেশ কলিতা, হাউচিং ব’ৰ্ডৰ চেয়াৰমেন যাদৱ ডেকা, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য হিতেশ ডেকা, পূব কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ বি কে দেৱ চৌধুৰী প্ৰমুখ্যে গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।

ইফালে ইয়াৰ পূৰ্বে মুখ্য মন্ত্ৰীয়ে কেন্দুকোনাত অনুষ্ঠিত দশম সদৌ অসম আন্তঃজিলা(চাব জুনিয়ৰ) কাবাডী প্ৰতিযোগিতা, ২০১৭-১৮ ৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে। লগতে কমলপুৰত ‘কলা ভূমি’ নামেৰে এটা সাংস্কৃতিক প্ৰেক্ষাগৃহৰো আধাৰশিলা স্থাপন কৰে।