• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুদ্ধ বিধ্বস্ত গাজাৰ ধ্বংসাৱশেষ আঁতৰাবলৈ ১৪ বছৰ সময় লাগিব: ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 28, 2024 12:46 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইলে গাজাত বোমা আক্ৰমণৰ ধ্বংসাৱশেষ আঁতৰাবলৈ ১৪ বছৰ পৰ্যন্ত সময় লাগিব পাৰে। বিশেষকৈ বিস্ফোৰণ নোহোৱা বোমাৰ পৰা গাজাক বসবাসৰ বাবে নিৰাপদ কৰি তুলিবলৈ এই সময়ৰ প্ৰয়োজন হ’ব বুলি ৰাষ্ট্ৰসংঘৰ মাইন নিষ্কাশন বিশেষজ্ঞ পেহৰ লোধাম্বাৰে কয়।

শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ “মাইন একচন চাৰ্ভিচ”ৰ জ্যেষ্ঠ বিষয়াগৰাকীয়ে কয় যে ইজৰাইলৰ আক্ৰমণত ৩.৭ কোটি টন ধ্বংসাৱশেষ জমা হৈছে।

জেনেভাত থকা ৰাষ্ট্ৰসংঘৰ খনি বিশেষজ্ঞ পেহৰ লোধাম্বাৰে সংবাদ মাধ্যমৰ আগত কয় যে এনক্লেভত বিস্ফোৰণ নোহোৱা অস্ত্ৰ-শস্ত্ৰৰ পৰিমাণ সঠিকভাৱে নিৰ্ণয় কৰাটো অসম্ভৱ হৈ পৰিছে। কাৰণ যোৱা ৭ মাহৰ বোমাবৰ্ষণৰ ফলত ঘন জনবসতিপূৰ্ণ অঞ্চলবোৰ ধ্বংসাৱশেষলৈ পৰিণত হৈছে। সংঘাত প্ৰভাৱিত গাজাত প্ৰতি বৰ্গমিটাৰত ২০০ কিলোগ্ৰাম ধ্বংসাৱশেষ আছে।

Apply Now

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী মোডীক ‘সমালোচনা’ কৰি ৰাজৰোষত সাংবাদিক; ভাৰত এৰি যাব লগা হ’ল গুচি!

লোধাম্বাৰে লগতে কয়, “মই মাত্ৰ ক’ব পাৰো যে যিবোৰ বোমা-বাৰুদ নিক্ষেপ কৰা হৈছে তাৰ ভিতৰত অন্ততঃ ১০ শতাংশ বোমা-বাৰুদে লক্ষ্যত আঘাত হানিব নোৱাৰে অৰ্থাৎ বিস্ফোৰণ নহয়। সেই ধ্বংসাৱশেষসমূহ আঁতৰাবলৈ দিনটোত ১০০ খন ট্ৰাক ব্যৱহাৰ কৰিলে ১৪ বছৰ পৰ্যন্ত সময় লাগিব পাৰে, অৰ্থাৎ মুঠ ৭ লাখ ৫০ হাজাৰ কৰ্মদিনৰ প্ৰয়োজন হ’ব।”

ইপিনে, ১৭ এপ্ৰিলৰ পৰা নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত আৰম্ভ হোৱা ধৰ্ণা কাৰ্যসূচী আমেৰিকাৰ প্ৰধান বিশ্ববিদ্যালয়সমূহৰ চৌহদত বিয়পি পৰিছে। শুকুৰবাৰলৈকে আৰক্ষীয়ে সহস্ৰাধিক শিক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰিছে যদিও গাজাত ইজৰাইলী বৰ্বৰতাৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদ শাম কটা নাই। বৰঞ্চ ক্ৰমান্বয়ে ইয়াৰ সম্প্ৰসাৰণ ঘটিছে।

শুকুৰবাৰে সন্ধিয়া নিউয়ৰ্ক চহৰৰ কলম্বিয়াৰ সমীপৰ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ চৌহদত ধৰ্ণা কাৰ্যসূচীৰ অন্তত আৰক্ষীয়ে অভিযান চলাই অধ্যাপককে ধৰি ১২০ জন শিক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰে। তথাপি প্ৰতিবাদ বন্ধ হোৱা নাই।

লগতে পঢ়কঃ নাপায় হাৰ্ডিক নাপায়! দিল্লীৰ হাতত হাৰি সৰ্বাধিক ৰান কৰা বেটছমেনকে দোষাৰোপ কৰিলে অধিনায়কে

কেলিফৰ্ণিয়া, টেক্সাছ, চিকাগো, জৰ্জিয়া, মিচিগান, মেছাচুচেটছ, কানেকটিকাটৰ উপৰিও বিশ্ববিদ্যালয়ৰ চৌহদত তম্বু স্থাপন কৰি ক’লৰাডোৰ ডেনভাৰলৈও এই ধৰ্ণা কাৰ্যসূচী বিয়পি পৰিছে। তেওঁলোকে ইজৰাইলৰ সৈতে সকলো বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্ক বৰ্জনৰ আহ্বান জনাইছে। পেলেষ্টাইনৰ স্বাধীনতাৰ দাবীতো শ্লোগান দিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd