ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক তথা অৰ্জুন বঁটা প্ৰাপকৰ লগতে হামৰো ছিকিম পাৰ্টি (এইচ এচ পি)ৰ উপ সভাপতি বাইচুং ভুটীয়াই বৃহস্পতিবাৰে আত্মবিশ্বাসেৰে কয় যে দলটো গঠন হোৱাৰ প্ৰায় ডেৰ মাহ হৈছে। আৰু এই ডেৰ মাহতে আমি জনসাধাৰণৰ পৰা মৰম আৰু সম্পূৰ্ণ সহযোগিতা লাভ কৰিছো।
পূব ছিকিম জিলাৰ ৰংপো চহৰত সাংবাদিকৰে হোৱা সাক্ষাতৰ সময়ত ভূটীয়াই আত্মসন্তুষ্টিৰে মনৰ ভাৱ প্ৰকাশ কৰি কয় যে পশ্চিম আৰু দক্ষিণ জিলাত আমাৰ দলে তৃণমূল পৰ্যায়ত জনসাধাৰণৰ বিশ্বাস আহৰণ কৰিবলৈ সামৰ্থ হোৱাৰ লগতে দলৰ কাম-কাজে যথেষ্ট অগ্ৰগতি লাভ কৰিছে।
‘দলটোক জনপ্ৰিয় তথা দলটোৰ প্ৰতি জনসাধাৰণৰ আস্থা আহৰণৰ উদ্দেশ্যে আমি ৰাজ্যখনৰ প্ৰতিখন গাঁও, প্ৰতিটো পৰিয়ালৰ ওচৰকে যাম আৰু তেওঁলোকৰ সমস্যা সমূহ বুজাৰ চেষ্টা কৰিম’। এইদৰেও কয় দলটোৰ উপ সভাপতি বাইচুং ভূটীয়াই।
তেওঁ লগতে কয় যে এতিয়া আমাৰ দলে বিধানসভা নিৰ্বাচনৰ পূৰ্বে সাংগাঠনিক ভেটি শক্তিশালী কৰাৰ বাবে উত্তৰ আৰু পূব জিলাত কাম কৰি যাব। তাৰোপৰি তেওঁৰ দলে মূলতঃ ক্ৰীড়া ক্ষেত্ৰ আৰু যুৱ চামক অধিক প্ৰাধান্য দি ৰাজ্যখনৰ উন্নয়ন সাধন কৰিব বুলি জনায়।
আনহাতে সাংবাদিকে ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্ট নেতৃত্বাধীন চৰকাৰখনৰ কাম কাজ সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত প্ৰাক্তন ফুটবলাৰগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে বৰ্তমানৰ চৰকাৰখনে ক্ৰীড়া, সংগীত তথা ছিকিমৰ যুৱ চামৰ উন্নয়ন সাধনৰ বাবে একো কাম কৰা নাই। যিটো ছিকিমৰ বাবে দূৰ্ভাগ্যজনক।
উল্লেখ্য যে যোৱা ৩১ মে’ত বাইচুং ভূটীয়াৰ লগতে প্ৰাক্তন মন্ত্ৰী ৰন বাহাদুৰ চুব্বাই পশ্চিম ছিকিমৰ ডাৰামডিনত এক অনুষ্ঠানৰ আয়োজন কৰি আনুষ্ঠানিকভাৱে হামৰো ছিকিম পাৰ্টি নামেৰে ৰাজনৈতিক দল গঠন কৰি ছিকিমৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল।