প্লাষ্টিক বেগৰ বিৰুদ্ধে অভিযান ডিব্ৰুগড় জিলা প্ৰশাসনৰ

প্লাষ্টিক বেগ

ডিব্ৰুগড় জিলা প্ৰশাসনে আজি ডিব্ৰুগড় চহৰৰ প্লাষ্টিক বেগ বিক্ৰেতা আৰু পাৰ্কিং স্থান নোহোৱা নাৰ্চিংহোম সমূহৰ বিৰুদ্ধে এক ব্যাপক অভিযান চলায়।

অভিযানকালত চহৰখনৰ প্লাষ্টিক বেগ বিক্ৰেতা সকলৰ পৰা বুজন পৰিমাণৰ জৰিমনা আদায় কৰাৰ লগতে বিপুল পৰিমাণে অবৈধ প্লাষ্টিক বোগো জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে মাঘ বিহুৰ পূৰ্বেই ডিব্ৰুগড়ক সম্পূৰ্ণৰূপে প্লাষ্টিক বেগ মুক্ত কৰি তোলাৰ বাবে জিলা প্ৰশাসনে লক্ষ্যস্থিৰ কৰি লৈছে।

তাৰোপৰি পাৰ্কিং স্থান নোহোৱাৰ বাবে পল্টন বজাৰৰ দুখন নাৰ্চিংহোমৰ পৰা প্ৰশাসনে ৩০ হাজাৰ টকা জৰিমনা আদায় কৰে।

আজি গধুলি ডিব্ৰুগড়ৰ উপায়ুক্ত লায়া মাদুৰিয়ে এন ই নাওক জনাই, ‘আমি এইমাহত এনে আৰু অভিযান চলাই যাম। আমি ৰাইজক আমাৰ সৈতে সহযোগিতা কৰিবৰ কাৰণে আৰু প্লাষ্টিক বেগ ব্যৱহাৰ নকৰিবৰ কাৰণে আহ্বান জনাইছো। পূৰ্বতে আমি বিভিন্ন আত্মসহায়ক গোটক সহজ ব্যৱহাৰসাধ্য বেগ নিৰ্মাণৰ প্ৰশিক্ষণ দিছিলো।’