DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰচাৰ পত্ৰিকা বিতৰণেৰে ৰাজ্যত হিজবুল মুজাহিদীনৰ ভয়াৱহ তৎপৰতা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 27, 2018 12:46 pm
hijbul
142
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আইছিছৰ পতাকা উদ্ধাৰ হোৱাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই নামনি অসম আৰু বৰাক উপত্যকাত হিজবুল মুজাহিদীনৰ সাংগঠিনক তৎপৰতা বৃদ্ধিৰ বাতৰিয়ে সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

শেহতীয়াকৈ অসমত পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদীনে ইছলাম ধৰ্মাৱলম্বী যুৱকসকলক আকৃষ্ট কৰাৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰাৰ চোৰাংচোৱা প্ৰতিবেদনৰ ভিত্তিত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰক সতৰ্ক কৰি দিছে।কেন্দ্ৰৰ এই সতৰ্কবাণীৰ পাছতে এতিয়া জোকাৰণিৰ সৃষ্টি হৈছে অসম আৰক্ষীত।সম্প্ৰতি চোৰাংচোৱাৰ প্ৰতিবেদনৰ ভিত্তিত কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে ৰাজ্য চৰকাৰলৈ হাই এলার্ট জাৰি কৰিছে৷

উল্লেখযোগ্য যে চোৰাংচোৱা বিভাগে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক দাখিল কৰা প্ৰতিবেদন অনুসৰি  হিজবুল মুজাহিদীন নামৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটোৱে অসমৰ সংখ্যলঘু অধ্যুষিত অঞ্চল ধুবুৰী, বৰপেটা আৰু খাৰুপেটীয়াত শ্লীপাৰ চেলৰ সদস্যভৰ্তিৰ বাবে আৰম্ভ কৰিছে তীব্ৰ অভিযান। ইয়াৰ বাবে সংগঠনটোৱে জেহাদৰ বাবে মুছলমান যুৱকসকলক উদ্দেশ্যি বিতৰণ কৰিছে বিভিন্ন প্ৰচাৰ পত্ৰিকাৰ।

অসম আৰক্ষীৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত পূর্বতকৈ অধিক তৎপৰ হৈছে হিজবুল মুজাহিদীন, জামাতুল মুজাহিদীন অৱ বাংলাদেশ চমুকৈ জে এম বি আৰু মালটা আদি ইছলামিক সন্ত্ৰাসবাদী সংগঠন৷

আফগানিস্তানৰ সন্ত্রাসবাদী সংগঠন তালিবান, বিশ্বত্রাস আল-কায়দা আৰু আইছিছৰ কার্যকলাপৰ প্রতি সমর্থন ব্যক্ত কৰি বঙালী ভাষাত প্রকাশিত ‘আফগানিস্তানে আমি আল্লাহকে দেখছি’ শীর্ষক পুস্তিকা এখন বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী আদি জিলাত বিতৰণৰ বাতৰি পোহৰলৈ আহিছে৷ ইয়াৰ উপৰি ‘পপুলাৰ ফ্রণ্ট অৱ ইণ্ডিয়া’ নামৰ সাম্প্রদায়িক সংগঠনটোৱে ৰাজ্যৰ বাংলাদেশী মূলৰ মুছলমান অধ্যুষিত এলেকাসমূহত সাম্প্রদায়িক বিষবাষ্প বিয়পাই মুছলমান যুৱকক সন্ত্রাসবাদী সংগঠনৰ প্রতি আকর্ষিত কৰিবলৈ চেষ্টা চলাইছে৷ সমাজ সেৱাৰ অচিলা লৈ এই সংগঠনটোৱে সন্ত্রাসবাদী গোটৰ ‘শ্লিপাৰ চেল’ হিচাপে কাম কৰি অহাৰ বাতৰিৰ ভিত্তিতে পপুলাৰ ফ্রণ্ট অৱ ইণ্ডিয়াৰ সন্দেহজনক গতি-বিধিৰ ওপৰত অসম আৰক্ষীয়ে তীক্ষ্ন দৃষ্টি ৰাখিছে৷

যমুনামুখৰ কামেৰ উজ জামান নামৰ যুৱক এজন হিজবুল মুজাহিদীনত যোগদানৰ বাতৰিয়ে প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ সময়তে হিজবুল মুজাহিদীনৰ এই কুচকাৱাজ চিন্তনীয়।

ইতিমধ্যে ছ’চিয়েল মিডিয়াত চকু ৰাখিবলৈ অসম আৰক্ষীয়ে এটা বিশেষ গোট গঠন কৰিছে৷ অহা ১ জুনৰ পৰা সাম্প্রদায়িক মন্তব্যৰে বিদ্বেষ সৃষ্টি কৰাসকলৰ বিৰুদ্ধে পোনছাটেই গোচৰ ৰুজু কৰিব অসম আৰক্ষীয়ে৷ সংখ্যালঘু অধ্যুষিত কেইখনমান জিলাত খোপনি পোতাৰ চেষ্টা কৰি থকা হিজবুল মুজাহিদীনৰ কাৰ্যকলাপ ৰোধ কৰাৰ বাবে অসম আৰক্ষীয়ে প্ৰতিখন জিলাৰ আৰক্ষীৰ অধীক্ষকসকলক অভিযান চলোৱাৰ নিৰ্দেশ দিছে।

 

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 01 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

A for Assam কোৱা প্ৰধানমন্ত্ৰী নাহিল! আনুষ্ঠানিকতা ৰক্ষা কৰি বান পৰিস্থিতি পৰ্য্যবেক্ষণৰ বাবে আহিল কেন্দ্ৰৰ দল

A for Assam কোৱা প্ৰধানমন্ত্ৰী নাহিল! আনুষ্ঠানিকতা ৰক্ষা কৰি বান পৰিস্থিতি পৰ্য্যবেক্ষণৰ বাবে আহিল কেন্দ্ৰৰ দল

শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বিষ্ণু দৌলৰ পৰা শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথ যাত্ৰা

শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বিষ্ণু দৌলৰ পৰা শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথ যাত্ৰা

ৰাজ্য চৰকাৰৰ যদি ধন আছেই কেন্দ্ৰক হেজাৰ হেজাৰ কোটি টকা বিচাৰে কিয়?-অজিত কুমাৰ ভূঞা

ৰাজ্য চৰকাৰৰ যদি ধন আছেই কেন্দ্ৰক হেজাৰ হেজাৰ কোটি টকা বিচাৰে কিয়?-অজিত কুমাৰ ভূঞা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd